
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক দম্পতীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত নৌসেনা বিষয়া বিনয় নৰৱালে তেওঁৰ পত্নীৰ সৈতে কৰা ভিডিঅ’।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভিডিঅ’টো ভালদৰে চাই গম পালোঁ যে বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ সৈতে এই দম্পতীৰ চেহেৰা নিমিলে। আমি ভাইৰেল ভিডিঅ’টোৰ পৰা কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইনষ্টাগ্ৰাম একাউণ্ট “queenpriyaprasad” ত ২০২৫ চনৰ ২১ এপ্ৰিলত ভাইৰেল ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ।
প্ৰফাইলটোত এই দম্পতীৰ আন আন অনুৰূপ ভিডিঅ’ আছে।
আমি শেহতীয়াকৈ এই দম্পতীয়ে ২০২৫ চনৰ ২৫ এপ্ৰিলত আপলোড কৰা এটা ভিডিঅ’ পালোঁ, য’ত তেওঁলোকে কৈছিল যে বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ বুলি দাবী কৰা ভাইৰেল ভিডিঅ’টো আচলতে তেওঁলোকৰহে। ভিডিঅ’টোত সেই দম্পতীয়ে কয় যে সন্ত্ৰাসবাদী আক্ৰমণৰ দিনটোত তেওঁলোক পেহেলগামত উপস্থিত আছিল যদিও আক্ৰমণৰ প্ৰায় ২০ মিনিট পূৰ্বে তেওঁলোকে সেই ঠাইৰপৰা ওলাই আহিছিল। তেওঁলোকে নিজৰ ফোনত ভাইৰেল ভিডিঅ’টো দেখুৱাইছিল। ৰাইজক উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ তেওঁলোকে অনুৰোধ জনায়।
অধিক জানিবলৈ আমি ইনষ্টাগ্ৰাম প্ৰফাইলটোৰ সৈতে যোগাযোগ কৰিলোঁ। আমি যেতিয়াই উত্তৰ পাম তেতিয়াই ইয়াত আপডেট কৰিম।
ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা নৌসেনাৰ বিষয়া বিনয় নৰৱাল আৰু তেওঁৰ পত্নীক দেখা পোৱা নাই। ভিডিঅ’টোত বেলেগ দম্পতীকহে দেখা গৈছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা নৌসেনাৰ বিষয়া বিনয় নৰৱাল আৰু তেওঁৰ পত্নীক দেখা যোৱা নাই। ভিডিঅ’টোত দেখা গৈছে এক বেলেগ দম্পতীক।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ভিডিঅ’টো পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Debanjana BaishyaResult: False
