নামিবিয়াৰ নামিব মৰুভূমিয়ে সাগৰ স্পৰ্শ কৰা  দৃশ্য  টাঞ্জানিয়াৰ দৃশ্য বুলি দাবী কৰা হৈছে।

False Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি ফটোখনৰ ওপৰত লিখা হৈছে যে সেয়া টাঞ্জানিয়াৰ দৃশ্য। মৰুভূমিয়ে সাগৰৰ সৈতে মিলিত হোৱা সেই দৃশ্যটো উত্তৰ আফ্ৰিকাৰ দেশ টাঞ্জনিয়াৰ বুলি দাবী কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfppLvJCyM-EMhHyx7ENxfs085zWEJcX7Zap4WpDzzQ9vZD73dopJc2bU35c15R4HzHHqoiL9VqhvWrhXmRbmHzVS90Fe5u37m6NyRUvnC4d6sBBHLjoZDZgDmoizPIHTcrk7A8odk4NXAD4cUL4uklxzg?key=bdTk4tSv6Raw2QoGQ-s82A

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেড ছাৰ্চ কৰি চালোঁ। তেতিয়া বহুকেইটা ফেচবুক পোষ্ট তথা টুইটো পালোঁ। সেই ফেচবুক পোষ্ট সমুহত সেয়া নামিবিয়াৰ নামিব মৰুভূমি আটলাণ্টিক মহাসাগৰত মিলিত হোৱা অঞ্চলখিনিৰ ফটো বুলি কোৱা হৈছে। সেই টুইট তথা ফেচবুক পোষ্টসমুহ বেলেগ বেলেগ সময়ত কৰা হৈছে।

ভিন ভিন সময়ত কৰা ফেচবুক পোষ্টসমুহত আমি একেই কথা পালোঁ। সেই পোষ্টসমুহ আপোনালোকে ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeDrHdJrp05m4p5BOJbG1E1268nzpcgLe0z2-i_DxZmDVH_nruMgaShHZMF8OcVT9ZQeww5ggXVZoYFnctbsWqZ2GoseP47s1bAxn8zP0kJEsPnMhjoOhOQ1FeQhoJEWEPL9BmZuNFkKe9xlVrx8qOGEcr7?key=bdTk4tSv6Raw2QoGQ-s82A

নামিব মৰুভূমিৰ এই বৈশিষ্টক কেন্দ্ৰ কৰি আমি অনুসন্ধান আগবঢ়াই নিওতে ৰেডিটৰ পোষ্ট এটা পালোঁ,যিটো এবছৰ পুৰণি। তাতো একেখন ফটো আপলোড কৰি সেয়া নামিব মৰুভূমিয়ে সাগৰত মিলিত হোৱাৰ কথা লিখা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe7TNyJjxKpEQywCTtCMUPVHEhs6vWIeHbdwcjHMartQJdc6dEb3OVXlmBU0uITZK4OQsHKZ0xQcI1WFNb2sMUuHesrl-89ZmXEHeEPNUCoe2H134KI1VeqisNFla_JFw5jewyMyBFGwEbQtuzvMKUzXMI?key=bdTk4tSv6Raw2QoGQ-s82A

 

ইয়াৰ পাছত আমি টাইমছ অৱ ইণ্ডিয়াত নামিব মৰুভূমি সম্পৰ্কত এক লেখা বিচাৰি পাৰোঁ। সেই লেখা আপোনালোকে ইয়াত পঢ়িব পাৰিব। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe8u1G5bE6Ge4KeVsmstoTx_b-gC3y11U5d6ivpm9rTM64JSpNKKvZRro4O-n1cGm7ILccrjDSS178VaPy57EWduqKTDPUxEiv9nAzunMgEJE6qRTSVSj4vDMczt6AGYxVAdAjeBC4jfvCw1Ucrmy4f8Ozo?key=bdTk4tSv6Raw2QoGQ-s82A

তদুপৰি আমি ইউটিউৱত এটা ভিডিঅ’ পালোঁ য’ত দক্ষিণ আফ্ৰিকাৰ নামিবিয়াৰ নামিব মৰুভূমিৰ বিষয়ে সবিস্তাৰে কোৱা হৈছে। 

উল্লেখযোগ্য যে টাঞ্জানিয়া হৈছে উত্তৰ আফ্ৰিকাৰ এখন দেশ আৰু নামিবিয়া হৈছে দক্ষিণ আফ্ৰিকাৰ এখন দেশ। গতিকে আমি লাভ কৰা এই তথ্যসমুহৰ পৰা এই সত্য প্ৰতিস্থিত হৈছে যে অসমৰ ফেচবুক পেজটোৱে যিখন ফটো আপলোড কৰি সেয়া টাঞ্জানিয়া বুলি দাবী কৰিছে, সেই দাবী মিছা। সেয়া টাঞ্জানিয়া নহয়, নামিবিয়াৰ নামিব মৰুভূমিৰহে দৃশ্য।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেয়া টাঞ্জানিয়া নহয়, নামিবিয়াৰ নামিব মৰুভূমিৰহে দৃশ্য।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:নামিবিয়াৰ নামিব মৰুভূমিয়ে সাগৰ স্পৰ্শ কৰা দৃশ্য টাঞ্জানিয়াৰ দৃশ্য বুলি দাবী কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *