
শেহতীয়াকৈ এগৰাকী যুৱতীক এজন যুৱকে যৌন নিৰ্যাতন চলোৱা এটা ভিডিঅ’ অসমৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঘটনাটো মণিপুৰৰ শেহতীয়া ঘটনা বুলি দাবী কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেইটো দাবীৰে ভিডিঅ’টো প্ৰেৰণ কৰা হৈছে।
ফটো
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টোৰ পৰা কী ফ্ৰেম লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। ফলত আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত ২০১৭ চনৰ ২৭ ছেপ্টেম্বৰত প্ৰকাশিত এনডিটিভিৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এগৰাকী ১৯ বছৰীয়া কিশোৰীক তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ দ্বাৰা নিৰ্যাতন চলোৱা হৈছিল। য’ত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। খবৰ অনুসৰি, প্ৰায় এবছৰ ধৰি চিনাকি থকা অভিযুক্ত বি ছাইক লগ কৰিবলৈ বন্ধুৰ সৈতে ছোৱালীজনীয়ে মন্দিৰলৈ গৈছিল। ইয়াৰ লগত জড়িত আছিল তেওঁৰ পূৰ্বৰ বন্ধু কাৰ্তিক, যি যুৱতীগৰাকীৰ নতুন এই সম্পৰ্কৰ বাবে বিচলিত হৈ পৰিছিল। তেওঁৱেই ছাইক এই কাম কৰিবলৈ উচটনি দিছিল আৰু ছোৱালীজনীৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল। ২০১৭ চনৰ ২৯ আগষ্টত সংঘটিত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত এই বিষয়টো পোহৰলৈ আহে। ভিডিঅ’টোৰ এখন ফটো ব্যৱহাৰ কৰা হৈছে বাতৰিটোত।
ফটো
তাৰ পাছত ২০১৭ চনৰ ২৬ ছেপ্টেম্বৰত প্ৰকাশিত নিউজ ১৮ ৰ এক প্ৰতিবেদন পালোঁ। য’ত কোৱা হৈছে যে প্ৰাক্তন প্ৰেমিকৰ দ্বাৰা এগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে ধৰ্ষণৰ চেষ্টা আৰু অন্যান্য ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এই প্ৰতিবেদনত তিনি অভিযুক্তৰ ফটো প্ৰকাশ কৰা হৈছিল।
ফটো
টাইমছ অৱ ইণ্ডিয়াই নিজৰ ৱেবছাইটত অন্ধ্ৰ প্ৰদেশৰ সাত বছৰ পূৰ্বৰ সেই ঘটনা সন্দৰ্ভত এক ভিডিঅ’ ৰিপ’ৰ্ট প্ৰকাশ কৰিছিল। লগতে দ্য হিন্দুৰ ৱেবছাইটত প্ৰকাশিত প্ৰতিবেদনতো ভাইৰেল ভিডিঅ’টো ভুল আৰু বিভ্ৰান্তিকৰ প্ৰেক্ষাপটত প্ৰচাৰ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। যিহেতু এই দাবী মণিপুৰত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ দৰে স্পৰ্শকাতৰ বিষয় এটাক লৈ কৰা হৈছিল। সেয়ে মণিপুৰৰ পৰা স্থানীয় সংবাদ প্ৰতিস্থানৰ প্ৰতিবেদনসমূহো পৰীক্ষা কৰি তথ্য বিচাৰিছিলোঁ। কিন্তু আমি ভাইৰেল দাবীক নিশ্চিত কৰা কোনো সিদ্ধান্তত উপনীত হোৱা কোনো তথ্য নাপালোঁ। গতিকে এই ভাইৰেল ভিডিঅ’টো কেৱল অন্ধ্ৰ প্ৰদেশৰ এটা সাত বছৰ পূৰণি ভিডিঅ’ বুলি নিশ্চিত হৈছোঁ, যাৰ মণিপুৰৰ সৈতে কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো মণিপুৰৰ নহয়। সাত বছৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশত সংঘটিত হোৱা এক ঘটনাৰ ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অন্ধ্ৰ প্ৰদেশৰ ৭ বছৰ পুৰণি ঘটনাকে মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
