পেপচিকোৱে গৃহিনী,অৱসৰী লোক তথা বিশেষভাৱে সক্ষম লোকৰ বাবে ঘৰৰ পৰাই কৰিব পৰা চাকৰিৰ ব্যৱস্থা কৰা নাই। এয়া ভুৱা বাৰ্তা।   

False Social

শেহতীয়াভাবে অসমত এটা বাৰ্তা বিয়পি পৰিছে যে শীতল পানীয় প্ৰস্তুতকৰ্তা কোম্পানী পেপচিকোৰ তৰফৰ পৰা ঘৰতে বহি কাম কৰিব পৰা সুবিধা প্ৰদান কৰা হৈছে। বিশেষকৈ গৃহিনী, অৱসৰী লোক অথবা বিশেষভাৱে সক্ষম লোকে ঘৰৰ পৰায়ে কাম কৰি উপাৰ্জন কৰাৰ সুবিধা পেপচিয়ে দিছে বুলি কৰা দাবীটো আমাৰ ফেক্টলাইন নম্বৰ 904905377লৈয়ো প্ৰেৰণ কৰি তাৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ব্যৱহাৰকাৰীয়ে। 

image 

Facebook Link । Archived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি এই বিষয়ে সন্ধান কৰোতে পেপচিৰ ল’গো থকা এটা বিশেষ ৱেবচাইটৰ লিংক লাভ কৰিলোঁ। সেই ৱেবচাইটটোত ক্লিক কৰোতে আমি পেপচিকোৰ প্ৰকৃত ৱেবচাইটটোৰ সলনি কোনো থাৰ্ড পাৰ্টী এপ এটাৰ সন্ধান হে পালোঁ। তদুপৰি তাত যিটো বিজ্ঞাপন দিয়া হৈছে, সেইটোত চাকৰিৰ সবিশেষ বিশেষ নাই। কেৱল দৰমহাৰ কথাহে লিখা আছে। ইয়াৰ ফলত আমাৰ সন্দেহ আৰু বাঢ়িল। 

ফটো

আনফালে আমি সামাজিক মাধ্যম এক্সত এটা টুইট পালোঁ, য’ত এগৰাকী ব্যৱহাৰকাৰীয়ে এই সম্পৰ্কে পেপচিকোৰ তৰফৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল। তাৰ উত্তৰত বিশ্ববিখ্যাত কোম্পানীটোৱে উল্লেখ কৰিছ যে সেয়া এক কেলেংকাৰী হে। সেই কথা সত্য নহয়। 

এক্স লিংক

আমি ইতিমধ্যে পেপচিকোৱে এই ধৰণৰ প্ৰৱঞ্চনামূলক চাকৰিৰ বিজ্ঞাপন আৰু নিযুক্তি প্ৰদানৰ ভুৱা  ইমেইলৰ বিষয়ে মানুহক সকীয়াই দিয়াও দেখা পালোঁ। তাত উল্লেখ কৰা হৈছে যে প্ৰৱঞ্চনাকাৰীয়ে প্ৰায়ে পেপচিকো কোম্পানীৰ ভাও ধৰি ভুৱা চাকৰিৰ তালিকা প্ৰকাশ কৰে। কোম্পানীটোৰ নাম আৰু ব্ৰেণ্ডিং ব্যৱহাৰ কৰি তেওঁলোকে কেলেংকাৰীটোক বাস্তৱিক যেন দেখুৱায়। তেওঁলোকে হয়তো ভুৱা ছ’চিয়েল মিডিয়া পোষ্ট, ৱেবছাইট, আৰু ইমেইল ঠিকনা সৃষ্টি কৰিব পাৰে, আনকি পেপচিকোৰ নিযুক্তিদাতা বা কৰ্মচাৰীৰ অভিনয়ও কৰিব পাৰে। এই প্ৰৱঞ্চকসকল কোনো ধৰণেৰে পেপচিকোৰ সৈতে জড়িত নহয়। যদি আপুনি আবেদন নকৰাকৈ পেপচিকোৰ পৰা চাকৰিৰ প্ৰস্তাৱ পায়, ৱেবছাইট বা বাৰ্তাত কোনো অস্বাভাৱিক কথা লক্ষ্য কৰে, সেই ধৰণৰ যোগাযোগত বানান বা ব্যাকৰণৰ ভুল বিচাৰি পায় বা স্পৰ্শকাতৰ ব্যক্তিগত তথ্য, যেনে একাউণ্ট নম্বৰ বিচৰা হয়, তেন্তে সাৱধান হওক। ধন স্থানান্তৰ কৰা বা তৃতীয় পক্ষৰ পৰা ধন পৰিশোধ কৰা বা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাৱধান হওক। 

এই তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে হোৱাটছএপ যোগে বিয়পি পৰা বাৰ্তাটো অসত্য। পেপচিকোৱে সম্প্ৰতি তেনে ধৰণৰ কোনো বিজ্ঞাপন প্ৰকাশ কৰা নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।হোৱাটছএপ যোগে বিয়পি পৰা বাৰ্তাটো অসত্য। পেপচিকোৱে সম্প্ৰতি তেনে ধৰণৰ কোনো বিজ্ঞাপন প্ৰকাশ কৰা নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পেপচিকোৱে গৃহিনী,অৱসৰী লোক তথা বিশেষভাৱে সক্ষম লোকৰ বাবে ঘৰৰ পৰাই কৰিব পৰা চাকৰিৰ ব্যৱস্থা কৰা নাই। এয়া ভুৱা বাৰ্তা।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *