অন্ধ্ৰপ্ৰদেশৰ পুৰণি ভিডিঅ’ কটন বিশ্ববিদ্যালয়ৰ ধ্ৰুৱজ্য়োতি বৰ্মন হত্যাকাণ্ড বুলি অসমৰ হোৱাটছএপত ভাইৰেল।

False Social

২ অক্টোবৰ ২০২৪ বুধবাৰে ৰাতিপুৱা প্ৰায় ৭.৩০ বজাত অসমৰ ৰাজধানী গুৱাহাটীৰ গাতে লাগি থকা যোৰাবাটত এটা ঘটনা সংঘটিত হয়। খবৰ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক ৰডেৰে মৰিয়াই হত্যা কৰে কোনো ট্ৰাক চালকে। তাৰ পাছতে বিয়লিৰ ভাগলৈ অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত ব্যৱহাৰকাৰীৰ হোৱাটছএপতো বিয়পি পৰা ভিডিঅ’টোত দেখা গৈছে যে ৰাজপথত এজন লোকে আন এজনক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছে। ভুক্তভোগীৰ হাত এখন কাটি গৈছে আৰু ৰক্তাক্ত অৱস্থাত ৰাজপথত পৰি আছে তেওঁ। দেখা গৈছে যে সেই কাণ্ড সংঘটিত কৰি আক্ৰমণকাৰী ব্যক্তিগৰাকী আঁতৰি গৈছে। 

কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক এইদৰে ৰাজপথত আক্ৰমণ কৰি হত্যা কৰা বুলি দাবী কৰি সেই ভিডিঅ’টো ভাইৰেল কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf6aLX5nixvo38mdg8XTlx4XS5Eq_s8EweY178xBYP7ezacfQCNGGb3oi3CkO8wq_b53tDMcVgKGBNjAiIbhY0zz2R22w99XECSVo7zDtIOsv4L1onO5QBfE9pbmlqzesZHiLEp4NTrJK3cRJ1Dw_w9JNMF?key=DW3uGK-5scOXd95uV1Xa3g

 

Archived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে  ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ আৰু গম পালোঁ যে ভিডিঅ’টোক সংঘটিত সেই ঘটনাৰ কাল হৈছে সন্ধ্যা অথবা নিশা। কিন্তু যোৰাবাটৰ ঘটনাটো সংঘটিত হৈছিল ৰাতিপুৱা। এই সন্দেহৰ আঁত কৰিয়েই আমি আমাৰ অনুসন্ধান আগুৱাই নিলোঁ আৰু ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো আপলোড কৰি সামাজিক মাধ্যমত কৰা বিভিন্ন পুৰণি পোষ্ট লাভ কৰিলোঁ। 

এটা টুইটত ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছে যে সেয়া অন্ধ্ৰপ্ৰদেশৰ ভিনুকোণ্ডাৰ দৃশ্য। সেইদৰে উল্লেখ কৰি ভিডিঅ’টো আপলোড কৰিছে। 

সেই টুইটটোত উল্লেখ কৰা অন্ধ্ৰপ্ৰদেশ আৰু ভিনুকোণ্ডা ঠাইখনৰ আঁত ধৰি আৰু কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ডকুমেণ্টিং ৰিয়েলিটী নামৰ ৱেবছাইটটোত সেই ঘটনাটোৰ বিৱৰণসহ ভিডিঅ’টো আৰু কেইবাটাও স্ক্ৰীণশ্বট পালোঁ। তাত উল্লেখ কৰা হৈছে যে ভিনুকোণ্ডা টাউনৰ মূল পথতেই ২৭ বছৰীয়া শ্বেইখ ৰাশ্বিদক এইদৰে শ্বেইখ জিলানীয়ে কাটি হত্যা কৰিছে। ৰিয়েল এষ্টেটৰ ব্যৱসায় সংক্ৰান্তীয় ঘটনাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সেই লেখাটোত উল্লেখ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfRnXbT-aUkScb0XSjHFhb_KIzbZ1VuCKfiL70nO5V0nntaRaegW4eJJlvfxnGSNFBhvBrRoxtTHwRK3J8eJcuBXsM8wNPC_QNmUxaY5deBO8s74USJgwsrqB32aYDr43qYESCMxzpPDKBXPt3vUVz_Ukn4?key=DW3uGK-5scOXd95uV1Xa3g

ইয়াৰ পাছত আমি অনুসন্ধান কৰি এই ঘটনাটো সন্দৰ্ভত যিখিনি বাতৰি লাভ কৰিলোঁ, সেই বাতৰিসমুহত উল্লেখ কৰা হৈছে যে এই ঘটনাটোত আক্ৰান্ত ভুক্তভোগীগৰাকী হৈছে ৱাইএছআৰচিপি দলৰ সদস্য শ্বেইখ ৰশ্বিদ আৰু অভিযুক্ত আক্ৰমাণকাৰীজন হৈছে টিডিপি দলৰ শ্বেইখ জিলানী। টাইমছ এৱ ইণ্ডিয়াৰ বাতৰিতো সেইদৰেই উল্লেখ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd8seoSFNNrN1P-d1xV9xxdIGXRsGJeZmvT8B25TNv3UcUEE8C-FhcrEl2g_200cKKBwsaXHmm8NuQH371ZzyEG9cQvhZOvyqjzALwUsU0dWF5-1oPHSGi9Xk47iBOuCUljQm4Zp7SSBePO0lEXMQkJz4JU?key=DW3uGK-5scOXd95uV1Xa3g

তদুপৰি ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিটো সেই একেটা কথাকে উল্লেখ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe2Z-O8iI3MvGcV-el1DF-OdV6vkkV6wOeUxhcNvWeeMPbWTJ9dG83C5srf0R8hksGD0p6a6rIOd9PYgm6AyPjNN6i7wk4nGlUj15Z5ZmvgEmAgOVDlnvfC6BPBLZydQcLS8E_6Eh5LD7upmyZJLd6YBY9Z?key=DW3uGK-5scOXd95uV1Xa3g

লোকমত টাইমছৰ বাতৰি মতেও শ্বেইখ ৰশ্বিদ হৈছে ৱাইএছআৰচিপি দলৰ সদস্য আৰু শ্বেইখ জিলানী হৈছে টিডিপি দলৰ সদস্য।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcupLso4ITy7WZg-Que7FbmKeN5OsweN4HuWw3wmxedHkIDHQC__58NaNU2G8VHK214QJ5ZOsrI-JJWdwMlRrfK30_BA4BKK4AmUTXNz3eTJbqZG5f80uYRFtNoTEAsCrhgCRjxo8oGG2cI6EXODtyUydPg?key=DW3uGK-5scOXd95uV1Xa3g

আনহাতে ইণ্ডিয়া টুডেই এই সম্পৰ্কে পৰিবেশন কৰা বাতৰিৰ ভিডিঅ’টো আমি ইউটিউৱত লাভ কৰিলোঁ। 

এই ঘটনাটো ঘটিছিল ২০২৪ চনৰ জুলাই মাহত। উল্লিখিত আটাইকেইটা সংবাদ মাধ্যমেই ১৮ জুলাইত সেই বাতৰি পৰিবেশন কৰিছিল। ঘটনাৰ স্থান অন্ধ্ৰপ্ৰদেশৰ ভিনুকোণ্ডা টাউনৰ ৰাজপথ। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে অন্ধ্ৰপ্ৰদেশৰ পুৰণি ঘটনা এটাৰ ভিডিঅ’ কটন বিশ্ববিদ্যালয়ৰ ধ্ৰুৱজ্যোতি বৰ্মনৰ হত্যাকাণ্ড বুলি দাবী কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। অন্ধ্ৰপ্ৰদেশৰ পুৰণি ঘটনা এটাৰ ভিডিঅ’ কটন বিশ্ববিদ্যালয়ৰ ধ্ৰুৱজ্যোতি বৰ্মনৰ হত্যাকাণ্ড বুলি দাবী কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অন্ধ্ৰপ্ৰদেশৰ পুৰণি ভিডিঅ’ কটন বিশ্ববিদ্যালয়ৰ ধ্ৰুৱজ্য়োতি বৰ্মন হত্যাকাণ্ড বুলি অসমৰ হোৱাটছএপত ভাইৰেল।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *