মহাৰাষ্ট্ৰৰ লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত বাইক ৰেলীৰ দৃশ্য‌ কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰেলীৰ বুলি ভাইৰেল।

False Political

মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। তেনে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এক বাইক ৰেলীৰ ভিডিঅ’ দেখুওৱা হৈছে। ছ’চিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাজিদ খান মাস্তানৰ নিৰ্বাচনী ৰেলী আৰু এই ৰেলীত বিভিন্ন ৰাষ্ট্ৰৰ মুছলমান সন্ত্ৰাসবাদীৰ পতাকা ব্যৱহাৰ কৰা হৈছিল। 

ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আপোনি কোন পাৰ্টিক চৰকাৰত থকাটো বিছাৰে ❓❓❓

Maharashtra নিৰ্বাচনত Indian National Congress পাৰ্টিৰ প্ৰাৰ্থী #সাজিদ_খান_মাস্তানৰ নিৰ্বাচনী প্ৰচাৰৰ ৰেলী !

বিভিন্ন ৰাষ্ট্ৰৰ মুছলমান সন্ত্ৰাসৱাদীৰ পতাকা সিহতৰ হাতত । 

আমাৰ ৰাষ্ট্ৰৰ চৰকাৰে ইয়াৰ বিৰোদ্ধে ব্যবস্থা গ্ৰহন কৰিব লাগে।”

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টো ২০২৪ চনৰ ১ অক্টোবৰত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি, সেয়া মহাৰাষ্ট্ৰৰ লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত এক ৰেলীৰ ভিডিঅ’।

Archived Link.

ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৪ চনৰ ২০ ছেপ্তেম্বৰত ইউটিউবত আপলোড কৰা এটা ভ্লগ পালোঁ। এই ভিডিঅ’টোত ভাইৰেল ভিডিঅ’টোত থকা ৰেলীৰ দৃশ্য‌ই দেখুওৱা হৈছিল যদিও এই ভিডিঅ’টো অন্য এক দিশৰ পৰা ৰেকৰ্ড কৰা হৈছিল।

এই ভিডিঅ’টোত আমি ভাইৰেল ভিডিঅ’টোত থকা ক’লা গাড়ীখন আৰু গাড়ীৰ ছানৰুফৰ মাজেৰে পতাকা লৈ থকা ব্যক্তিজনক দেখা পালোঁ। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি সেয়া মিলাদ-উন-নবী উপলক্ষে আয়োজিত এক ৰেলীৰ দৃশ্য‌। দুয়োটা স্ক্ৰীণশ্বটৰ মাজত তুলনা তলত চাব পাৰিব।

এইবাৰ আমি ২০২৪ চনৰ ১৯ ছেপ্তেম্বৰত লাটুৰ নিউজ অফিচিয়েল (Latur News Official) নামৰ ইউটিউব চেনেলত আপলোড হোৱা এটা ভিডিঅ’ প্ৰতিবেদন পালোঁ। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে, “लातूर मध्ये ईद मिलादुन्नबी ची बाईक रॅली | Eid Milad Rally Latur | Latur News Official”

আমি পুনৰ ছাৰ্চ কৰি একেটা বাইক ৰেলীৰ আন ভিডিঅ’ পালোঁ য’ত উল্লেখ কৰা হৈছিল যে সেয়া লাটুৰত আয়োজন কৰা মিলাদ-উন-নবী ৰেলীৰ দৃশ্য‌।

আমি ভাইৰেল ভিডিঅ’টোত দেখুওৱা ঠাইখন জিঅ’লকেট (Geolocate) কৰিলোঁ আৰু সেয়া তলত চাব পাৰিব।

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ আৰু গুগল মেপৰ ফটোৰ মাজত তুলনা তলত চাব পাৰিব।

অধিক তথ্যৰ বাবে আমি লাটুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিলোঁ। লাটুৰৰ আৰক্ষী পৰিদৰ্শক প্ৰেমপ্ৰকাশ মাৰোতৰাও মাকোড়ে কয়, ‘এই শোভাযাত্ৰা ১৯ ছেপ্টেম্বৰত ঈদ-ই-মিলাদ উপলক্ষে আয়োজন কৰা বাইক ৰেলীৰ অংশ। গণেশ বিসৰ্জন আৰু ঈদ-ই-মিলাদৰ দিন একেই হোৱাৰ বাবে লাটুৰত সামাজিক সম্প্ৰীতিৰ সৃষ্টি হৈছে। সেয়েহে প্ৰতি বছৰে হিন্দু আৰু মুছলমান সম্প্ৰদায়ে ইয়াত শোভাযাত্ৰা কৰাৰ বাবে দুটা পৃথক দিন ধাৰ্য কৰিবলৈ একমত হয়। এইবাৰো ১৭ ছেপ্টেম্বৰত প্ৰথমে গণেশ বিসৰ্জন অনুষ্ঠিত হয় আৰু তাৰ পাছত ১৯ ছেপ্টেম্বৰত ঈদ-ই-মিলাদ উপলক্ষে বাইক ৰেলী অনুষ্ঠিত হয়”।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত এক ৰেলীৰহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। এই ভিডিঅ’টো মহাৰাষ্ট্ৰৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰেলীৰ নহয়। ভিডিঅ’টো মহাৰাষ্ট্ৰৰ লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত এক বাইক ৰেলীৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহাৰাষ্ট্ৰৰ লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত বাইক ৰেলীৰ দৃশ্য‌ কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰেলীৰ বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *