
শেহতীয়াকৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক পাবৰপৰা (PUB) গতিয়াই দিয়া বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”গতিয়াই বাহিৰ কৰিলে প্ৰধানমন্ত্ৰীক
দেশৰ জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক গতিয়ালে ‘PUB’ৰ মালিকে
‘দেশবাসীৰ আশা পুনৰত ব্যৰ্থ হোৱা নেতাৰ বাবে মোৰ ‘PUB’ত স্থান নাই’
প্ৰধানমন্ত্ৰীক গতিওৱা এই দৃশ্য বিশ্বজুৰি হৈ পৰিছে ভাইৰেল”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২১ চনৰ ২০ এপ্ৰিলত এনবিচি নিউজৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড হোৱা এই ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ পালোঁ। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি, “ব্ৰিটেইনৰ বিৰোধী লেবাৰ পাৰ্টিৰ নেতা ছাৰ কেইৰ ষ্টাৰমাৰক ইংলেণ্ডৰ বাথ চহৰত মানুহক লগ কৰিবলৈ যোৱাৰ সময়ত পাবৰ (PUB) মালিকে পাবৰ পৰা উলিয়াই দিয়ে। পাবৰ মালিকে কয় যে ষ্টাৰমাৰে লকডাউনৰ ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ পৰ্যাপ্ত কাম কৰা নাই, যিবোৰ এতিয়াও সমগ্ৰ ইউনাইটেড কিংডমত চলি আছে “।
উল্লেখযোগ্য যে কেইৰ ষ্টাৰমাৰ যোৱা ২০২৪ চনৰপৰাহে ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
একে প্ৰতিবেদন ২০২১ চনৰ ১৯ এপ্ৰিলত বিবিচি নিউজৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশ কৰা হৈছিল।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক পাবৰ (PUB) মালিকে পাবৰ পৰা উলিয়াই দিয়া এই ভিডিঅ’টো ২০২১ চনৰেই। সেই সময়ত কেইৰ ষ্টাৰমাৰ ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা নাছিল, তেওঁ বিৰোধী দলপতিহে আছিল। কেইৰ ষ্টাৰমাৰ ২০২৪ চনতহে ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ এক পুৰণি ভিডিঅ’ শেহতীয়া ঘটনা বুলি ভাইৰেল।
Fact Check By: Fact Crescendo TeamResult: Misleading


