
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ন মাহ কটাই যোৱা ১৮ মাৰ্চত মহাকাশচাৰী সুনীতা উইলিয়ামছ, বুটছ উইলমোৰ, নিক হেইগ আৰু আলেকজেণ্ডাৰ গৰ্বোনভ পৃথিৱীলৈ ঘূৰি আহে। এই পৰিপ্ৰেক্ষিতত সুনীতা উইলিয়ামছ আৰু বুটছ উইলমোৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত য’ত এক মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আন তিনিগৰাকী মহাকাশচাৰীক দেখি সুনীতা উইলিয়ামছে আনন্দত নচা দেখা গৈছে। তেওঁৰ পিছে পিছে বুটছ উইলমোৰকো সেই ঠাইত উপস্থিত হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে পৃথিৱীলৈ পুনৰ ঘূৰি আহিব বুলি সুনীতা উইলিয়ামছে এইদৰে আনন্দ প্ৰকাশ কৰিছিল।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এই ভাইৰেল ভিডিঅ’টো সংলগ্ন এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ২০২৪ চনৰ ৭ জুনত। প্ৰতিবেদন অনুসৰি মহাকাশচাৰী সুনীতা উইলিয়ামছে বয়িং ষ্টাৰলাইনাৰ মহাকাশযানত উঠি ২০২৪ চনৰ ৬ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পাছতে এইদৰে আনন্দ প্ৰকাশ কৰিছিল।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
আমি নাছাৰ অফিচিয়েল এক্স হেণ্ডলত এই ভিডিঅ’টো ২০২৪ চনৰ ৭ জুনত আপলোড কৰা হোৱা দেখিলোঁ। টুইটটোৰ কেপশ্বন অনুসৰি বয়িং ষ্টাৰলাইনাৰে প্ৰথমটো ক্ৰু যাত্ৰাত (crewed journey ) সুনীতা উইলিয়ামছ আৰু বুটছ উইলমোৰক পৃথিৱীৰ পৰা কঢ়িয়াই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাত মহাকাশ কেন্দ্ৰৰ ক্ৰুৱে (Space station crew) তেওঁলোকক এইদৰে আদৰণি জনাইছিল।
একেটা ভিডিঅ’ Boeing Space এক্স হেণ্ডলতো ২০২৪ চনৰ ৭ জুনত আপলোড কৰা হৈছিল। ভিডিঅ’টোত সুনীতা উইলিয়ামছ আৰু বুটছ উইলমোৰক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ সময়ৰ দৃশ্যহে দেখুওৱা হৈছিল।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টো সুনীতা উইলিয়ামে শেহতীয়াকৈ পৃথিৱীলৈ ঘূৰি আহিব বুলি আনন্দ প্ৰকাশ কৰা নাই। ভিডিঅ’টো ২০২৪ চনৰ, য’ত সুনীতা উইলিয়ামছ আৰু বুটছ উইলমোৰে পৃথিৱীৰপৰা বয়িং ষ্টাৰলাইনাৰ মহাকাশযানত উঠি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈ এইদৰে আনন্দ প্ৰকাশ কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:সুনীতা উইলিয়ামছে মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আনন্দ প্ৰকাশ কৰা এই ভিডিঅ’টো পুৰণি।
Fact Check By: Debanjana BaishyaResult: Misleading
