বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীৰ এই ভাষণটো পুৰণি।

Misleading Political

শেহতীয়াকৈ বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ ব্যক্তিজনৰ হত্যাকাণ্ডৰ পাছত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বহুতো পোষ্ট ভাইৰেল হৈছে। ইয়াৰ মাজতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সদনত বাংলাদেশৰ পৰিস্থিতিৰ সম্পৰ্কে দিয়া এক ভাষণ আমাৰ দৃষ্টিগোচৰ হ’ল। বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতি প্ৰিয়ংকা গান্ধীয়ে ভাৰত চৰকাৰক বাংলাদেশ চৰকাৰৰ সৈতে এই সম্পৰ্কে আলোচনা কৰিবলৈ দাবী জনোৱা দেখা গৈছে এই ভিডিঅ’টোত। ভিডিঅ’টো এটা ফেচবুক পেজত শ্বেয়াৰ কৰি লিখা হৈছে এইদৰে, “বাংলাদেশত সংখ্যালঘু হিন্দু আৰু খ্ৰীষ্টিয়ান লোকৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে সদনত সৰৱ প্ৰিয়ংকা গান্ধী বাংলাদেশৰ সংখ্যালঘুৰ সুৰক্ষাৰ বাবে দেশখনৰ চৰকাৰৰ সৈতে ভাৰত চৰকাৰ আলোচনাত বহাৰ দাবী গান্ধীৰ”

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৫ চনৰ ২১ ডিচেম্বৰত “Times of India Bharat” ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ এটা পালোঁ।

ভিডিঅ’টোৰ কেপশ্বনত উল্লেখ কৰা হৈছিল যে বাংলাদেশত হিন্দু যুৱক এজনৰ মৃত্যুৰ পাছত প্ৰিয়ংকা গান্ধীৰ এই পুৰণি ভাষণটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

ভিডিঅ’টোত প্ৰিয়ংকা গান্ধীয়ে, “আজি বিজয় দিৱস…” বুলি নিজৰ ভাষণ আৰম্ভ কৰা দেখা গৈছে। ইয়াকে সমল হিচাপে লৈ আমি পুনৰ প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া News24 নামৰ ইউটিউব চেনেল এটাত এই ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ এটা ২০২৪ চনৰ ১৬ ডিচেম্বৰত আপলোড হোৱা দেখিলোঁ। কেপশ্বন অনুসৰি বিজয় দিৱসৰ দিনা প্ৰিয়ংকা গান্ধীয়ে বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে সদনত ভাষণ প্ৰদান কৰিছিল। ভিডিঅ’টোৰ ২:১৫ টাইমষ্টেম্পৰ পৰা আমি ভাইৰেল দৃশ্যাংশ দেখিবলৈ পালোঁ।

Sansad TV ইউটিউব চেনেলত আপলোড হোৱা আন এটা ভিডিঅ’ তলত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো বিভ্ৰান্তিকৰ। প্ৰিয়ংকা গান্ধীৰ এই ভিডিঅ’টো বাংলাদেশৰ হিন্দু যুৱকজনৰ মৃত্যুৰ পাছত দিয়া ভাষণৰ নহয়। এই ভিডিঅ’টো ২০২৪ চনৰ ডিচেম্বৰ মাহৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীৰ এই ভাষণটো পুৰণি।

Fact Check By: Fact Crescendo Team  

Result: Misleading