
যোৱা ৮ ডিচেম্বৰত জাপানত হোৱা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত উত্তৰ জাপানৰ উপকূলত ছুনামীৰ সৃষ্টি হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বিভিন্ন ফটো আৰু ভিডিঅ’। তেনে এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল। ভিডিঅ’টোত দুটা দৃশ্যাংশ আছে। প্ৰথম দৃশ্যাংশত দেখা গৈছে কোনো এক বিপনীত ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আলমিৰা তথা আন বয়-বস্তু বগৰাই পেলাইছে আৰু তাত থকা এগৰাকী মহিলাই ভূমিকম্পৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মজিয়াত বহি আশ্ৰয় লৈছে। দ্বিতীয় দৃশ্যাংশত কোনো এক কাৰ্যালয়ৰ বয়-বস্তু ভূমিকম্পত কঁপি থকা দেখা গৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ।
প্ৰথম দৃশ্যাংশ
প্ৰথম দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি ২০২৫ চনৰ ১ এপ্ৰিলত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত যোৱা ২৮ মাৰ্চত ম্যানমাৰত হোৱা ৭.৭ প্ৰাৱল্যৰ ভূমিকম্পৰ দৃশ্য দেখা গৈছে।

একেটা ভিডিঅ’ আমি এটা ইউটিউব চেনেলত ২০২৫ চনৰ ৩১ মাৰ্চত আপলোড হোৱা দেখিলোঁ য’ত উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো যোৱা মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পৰ সময়ৰ।
টাইমছ নাওৰ অফিচিয়েল ফেচবুক পেজতো এই ভিডিঅ’টো যোৱা ২৮ মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পৰ বুলি উল্লেখ কৰি আপলোড কৰা হৈছিল।
ভিডিঅ’টো ভালদৰে লক্ষ্য কৰি আমি দেখিলোঁ যে ভিডিঅ’টোৰ স্ক্ৰীনৰ সোঁহাতে ওপৰৰ অংশত চিচি টিভিৰ টাইমষ্টেম্প আছে। তাত তাৰিখটো আছে ২৮ মাৰ্চ ২০২৫।

গতিকে এই ভিডিঅ’টো ম্যানমাৰৰ পুৰণি ভিডিঅ’ বুলি আমি নিশ্চিত হ’লোঁ।
দ্বিতীয় দৃশ্যাংশ
দ্বিতীয় দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। দ্বিতীয় দৃশ্যাংশ যদিও জাপানৰ শেহতীয়া ভূমিকম্পৰেই, প্ৰথম দৃশ্যাংশত ম্যানমাৰৰ ভূমিকম্পৰ পুৰণি দৃশ্যহে দেখা গৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ম্যানমাৰৰ পুৰণি ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult:Partly False


