
যোৱা ৮ ডিচেম্বৰত জাপানত হোৱা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত উত্তৰ জাপানৰ উপকূলত ছুনামীৰ সৃষ্টি হয়। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ এক দৃশ্য ভাইৰেল হৈছে য’ত দেখা গৈছে যে ভূমিকম্পৰ সময়ত কেইবাটাও ঘৰ তীব্ৰভাৱে কঁপি আছে। দাবী কৰা হৈছে যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি ২০২৪ চনৰ ১৮ জানুৱাৰীত এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। পোষ্টটোৰ কেপশ্বন অনুসৰি ভিডিঅ’টো জাপানৰ।

কিন্তু আমি লক্ষ্য কৰিলোঁ যে ভিডিঅ’টো ফ্লিপ কৰা হৈছে। ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু ইনষ্টাগ্ৰাম ভিডিঅ’টোৰ তুলনা তলত চাব পাৰিব।

একেধৰণৰ আন এটা ভিডিঅ’ আমি ২০২৪ চনৰ ১৪ জানুৱাৰীত এক্সত আপলোড হোৱা দেখিলোঁ।
এইবাৰ আমি জাপানী ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা জাপানী ইউটিউব চেনেলত অন্যান্য দৃশ্যাংশৰ লগতে ভাইৰেল দৃশ্যাংশ ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ বিৱৰণ অনুসৰি সেয়া ২০২৪ চনৰ ১ জানুৱাৰীত জাপানত হোৱা ভূমিকম্পৰ দৃশ্য।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয় বৰং ২০২৪ চনৰ জানুৱাৰী মাহত হোৱা ভূমিকম্পৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:পুৰণি ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: Misleading


