
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত ৰাম মোহন নাইডুৱে মঞ্চত নৃত্য পৰিৱেশন কৰা দেখা গৈছে। দাবী কৰা হৈছে যে দেশৰ বিমান পৰিবহণ ক্ষেত্ৰত বৰ্তমান চলি থকা অচলাৱস্থাৰ সময়তে অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে এইদৰে কোনো অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৫ চনৰ ৩০ জুলাইত ABN Telugu নামৰ ভেৰিফাইড ইউটিউব চেনেল এটাত এই ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ এটা পালোঁ। ভিডিঅ’টোত উল্লেখ কৰা হৈছিল যে কোনো বিবাহ অনুষ্ঠানৰ “সংগীত”ৰ সময়ত তেওঁ এইদৰে নৃত্য পৰিৱেশন কৰিছিল।
একেধৰণৰ ভিডিঅ’ আমি ETV Andhra Pradesh ইউটিউব চেনেলত ২০২৫ চনৰ ২৯ জুলাইত প্ৰচাৰিত এক প্ৰতিবেদনত পালোঁ। প্ৰতিবেদন অনুসৰি ৰাম মোহন নাইডুৱে তেওঁৰ সম্পৰ্কীয় ভাতৃৰ বিবাহৰ “সংগীত” অনুষ্ঠানত এইদৰে নৃত্য পৰিৱেশন কৰিছিল।
একেধৰণৰ ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে মঞ্চত নৃত্য পৰিৱেশন কৰা এই ভিডিঅ’টো দেশৰ বিমান সেৱাৰ ক্ষেত্ৰত বৰ্তমান চলি থকা অচলাৱস্থাৰ সময়ৰ নহয়। এই ভিডিঅ’টো যোৱা জুলাই মাহৰেই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:বিমান সেৱাৰ অচলাৱস্থাৰ সময়ত অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে এইদৰে কোনো অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Fact Crescendo AssameseResult: Misleading


