
২০২৬ চনৰ ৩ জানুৱাৰীত আমেৰিকাৰ সেনাই ভেনিজুৱেলা আক্ৰমণ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰে। ইয়াৰ পাছতে ভেনিজুৱেলাত প্ৰতিবাদৰ সৃষ্টি হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এক বিশাল ৰেলীৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে মাডুৰো আৰু তেওঁৰ পত্নীৰ মুক্তিৰ দাবীত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত এইদৰে ৰাজপথলৈ মানুহ ওলাই আহিছে। ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাডুৰে আৰু তেখেতৰ পত্নীৰ মুক্তিৰ দাবীত ৰাজধানী কাৰাকাচৰ ৰাজপথত লাখ লাখ মানুহ”
Instagram Link | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এটা এক্স হেণ্ডলত এটা টিকটক একাউণ্টৰ স্ক্ৰীণশ্বট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো ২০২৫ চনৰ ১৫ নৱেম্বৰত আপলোড কৰা হৈছিল।

ভাৰতত যিহেতু টিকটক নিষিদ্ধ, সেয়ে আমি আমাৰ শ্ৰীলংকাৰ সতীৰ্থৰ সহায়ত টিকটক ভিডিঅ’টো বিচাৰি উলিয়ালোঁ। এই ভিডিঅ’টো হ’ল ভাইৰেল ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ।

এই ভিডিঅ’টো ২০২৫ চনৰ ১৬ নৱেম্বৰত টিকটকত আপলোড কৰা হৈছিল। গতিকে ভিডিঅ’টো পুৰণি বুলি আমি নিশ্চিত হ’লোঁ।
ভিডিঅ’টোত স্পেনিছ ভাষাত কেপশ্বন লিখা আছিল যে সেয়া ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ সৈতে ভেনিজুৱেলাৰ যুৱ প্ৰজন্মৰ এক ৰেলীৰ দৃশ্য (Venezuelan Youth March With Nicolás Maduro)। তদুপৰি এই ভিডিঅ’টোৰ এটা দৃশ্যাংশত আমি নিকোলাছ মাডুৰোক দেখা পালোঁ।

ভিডিঅ’টোৰ এক দৃশ্যাংশ জুম-ইন(zoom in) কৰোঁতে আমি এখন বেনাৰ লক্ষ্য কৰিলোঁ য’ত লিখা আছিল এইদৰে, “i LA ZUVENTUD”।

ইয়াকে সমল হিচাপে লৈ আমি স্পেনিছ ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া ভাইৰেল দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন প্ৰকাশ পাইছিল ২০২৫ চনৰ ১৪ নৱেম্বৰত। প্ৰতিবেদন অনুসৰি সেয়া ২০২৫ চনৰ ১৩ নৱেম্বৰত ভেনিজুৱেলাত চৰকাৰৰ সমৰ্থনত অনুষ্ঠিত এক ৰেলীৰ দৃশ্য।

ভাইৰেল ভিডিঅ’টোৰ সৈতে কিছু মিল থকা আন ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ মুক্তিৰ দাবীত হোৱা ৰেলীৰ নহয়। এই ভিডিঅ’টো ২০২৫ চনৰ ১৩ নৱেম্বৰত ভেনিজুৱেলাত চৰকাৰৰ সমৰ্থনত অনুষ্ঠিত এক ৰেলীৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ মুক্তিৰ দাবীত অনুষ্ঠিত প্ৰতিবাদী ৰেলীৰ বুলি ভাইৰেল।
Fact Check By: Fact Crescendo TeamResult: Misleading


