
যোৱা ২৪ জুলাইত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দীৰ্ঘদিনীয়া সীমা বিবাদ তীব্ৰতৰ হৈ পৰে। খবৰ অনুসৰি থাইলেণ্ডত কমেও ১৯ জন লোক (১৪ জন সাধাৰণ নাগৰিক আৰু ৬ জন সৈনিক) নিহত হয়, আৰু কম্বোডিয়াত ১৩ জন লোকৰ(৮ জন সাধাৰণ নাগৰিক আৰু ৫ জন সৈনিক) মৃত্যু হয়। বিবাদিত সীমান্তৰ ১২টা স্থানত সংঘৰ্ষ সংঘটিত হৈছে। এই পৰিপ্ৰেক্ষিতত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত হোৱা সংঘৰ্ষৰ দৃশ্য বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত কিছুমান অট্টালিকাত হোৱা এয়াৰষ্ট্ৰাইকৰ দৃশ্য দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যুদ্ধ আৰাম্ভ হৈ গল।”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি CBS News ৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৫ চনৰ ৬ জুনত আপলোড হোৱা দেখিলোঁ।
ভিডিঅ’টোৰ কেপশ্বন অনুসৰি যোৱা ৬ জুনত ৰাছিয়াই ইউক্ৰেইনৰ লুট্স্ক (Lutsk) চহৰত কৰা মিছাইল আক্ৰমণৰ দৃশ্য সেয়া।
এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি এই ভিডিঅ’টো ২০২৫ চনৰ ৬ জুনত টাইমছ নিউজ (Times News) ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি যোৱা ৬ জুনত ইউক্ৰেইনৰ লুট্স্ক চহৰত ৰাছিয়াই কৰা মিছাইল আক্ৰমণৰ ফলত ব্যক্তিগত ঘৰ, শিক্ষানুষ্ঠান আৰু চৰকাৰী ভৱনৰ ক্ষতিসাধন হোৱাৰ লগতে পাঁচজন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি মেয়ৰ ইহ’ৰ পোলিছ্চুকৰ বিবৃতিত প্ৰকাশ।
একেধৰণৰ ভিডিঅ’ সংলগ্ন আন প্ৰতিবেদন ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো ইউক্ৰেইনৰহে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। কিছুমান অট্টালিকাত হোৱা এয়াৰষ্ট্ৰাইকৰ এই দৃশ্যৰ থাইলেণ্ড আৰু কম্বোডিয়াৰ শেহতীয়াকৈ মাজত হোৱা সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই। ভিডিঅ’টোত যোৱা ৬ জুনত ৰাছিয়াই ইউক্ৰেইনৰ লুট্স্ক (Lutsk) চহৰত কৰা মিছাইল আক্ৰমণৰ দৃশ্যহে দেখা গৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ ভিডিঅ’ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: False
