
শেহতীয়াকৈ নতুন দিল্লীৰ মালভিয়া নগৰত বাস কৰা অৰুণাচল প্ৰদেশৰ তিনিগৰাকী যুৱতীৰ ওপৰত বৰ্ণ বৈষম্যমূলক আচৰণ কৰা আৰু আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত দিল্লী আৰক্ষীয়ে অভিযুক্ত দম্পতীক গ্ৰেপ্তাৰ কৰিছে। এই পটভূমিত এজন পুৰুষ আৰু এগৰাকী মহিলাক আৰক্ষীৰ জিম্মাত লৈ গৈ থকা এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া অৰুণাচল প্ৰদেশৰ যুৱতীৰ বৰ্ণ বৈষম্যমূলক আৰু আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মালভিয়া নগৰৰ দম্পতীৰ ভিডিঅ’।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোত বাংলা ভাষাৰ চাইনবৰ্ড এখন লক্ষ্য কৰিলোঁ। চাইনবৰ্ডখনত আমি “উত্তর ত্রিপুরা”, “Dharmanagar” আৰু “আদালত” এই শব্দবোৰ পঢ়িব পাৰিলোঁ।

ইয়াৰ পৰা ইংগিত পোৱা গ’ল যে ভিডিঅ’টো ত্ৰিপুৰাৰ হ’ব পাৰে।
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু লগতে ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ফেচবুক পেজত প্ৰসেনজিত সৰকাৰ নামৰ ডেলিভাৰী ব্যক্তি এজনৰ হত্যাকাণ্ডৰ এক ভিডিঅ’ প্ৰতিবেদন পালোঁ। এই ভিডিঅ’টো আপলোড কৰা হৈছিল ২০২৫ চনৰ ৩০ ডিচেম্বৰত।
এই ভিডিঅ’টোত আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা কিছুমান দৃশ্যাংশ দেখিবলৈ পালোঁ। ভাইৰেল ভিডিঅ’টো আৰু ভিডিঅ’ প্ৰতিবেদনৰ স্ক্ৰীনশ্বটৰ এক তুলনা তলত চাব পাৰিব।

আমি এটা ইউটিউব চেনেলত ২০২৫ চনৰ ১৮ ডিচেম্বৰত আপলোড হোৱা এক ভিডিঅ’ প্ৰতিবেদন পালোঁ। ভিডিঅ’টোৰ ইংৰাজী বৰ্ণনাৰ অনুবাদ এনেধৰণৰ, “উত্তৰ ত্ৰিপুৰা জিলা আৰক্ষীয়ে ডেলিভাৰী কৰ্মী প্ৰসেনজিৎ সৰকাৰৰ মৃত্যুৰ তদন্তত এক বৃহৎ অগ্ৰগতি লাভ কৰে।বুধবাৰে গভীৰ নিশাৰ এক অভিযানত আৰক্ষীয়ে চুবুৰীয়া অসমৰ কৰিমগঞ্জ জিলাৰ তিনিজন প্ৰাথমিক অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ সবিশেষ প্ৰদান কৰে উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক অবিনাশ ৰায়ে।”
আন এটা ভিডিঅ’ ইয়াত চাব পাৰিব।
প্ৰসেনজিত সৰকাৰৰ মৃত্যু
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ডেলিভাৰী বয় হিচাপে কৰ্মৰত প্ৰসেনজিত সৰকাৰ নামৰ ব্যক্তিজনক এদল যুৱক-যুৱতীৰ সৈতে হোৱা মতানৈক্যৰ ফলত ৰাজহুৱা স্থানত নিৰ্যাতন চলোৱা হৈছিল। ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত প্ৰসেনজিত সৰকাৰ বহু অপমানৰ সন্মুখীন হ’বলগীয়া হয়। পৰিয়ালৰ লোকে দাবী কৰে যে এই ঘটনাৰ ফলত তেওঁ মানসিকভাৱে ভাগি পৰিছিল আৰু ২০২৫ চনৰ ১৪ ডিচেম্বৰত তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছতে সমগ্ৰ ত্ৰিপুৰাত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী মাণিক সাহাই নিশ্চিতি প্ৰদান কৰে যে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু দিল্লীৰ মালভিয়া নগৰৰ শেহতীয়া ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো বৰ্ণ বৈষম্যমূলক আচৰণ আৰু আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত অভিযুক্ত দিল্লীৰ মালভিয়া নগৰৰ দম্পতীৰ নহয়। এই ভিডিঅ’টো ত্ৰিপুৰাৰ এজন ডেলিভাৰী বয়, প্ৰসেনজিত সৰকাৰৰ মৃত্যুৰ ঘটনাত অভিযুক্তসকলক উত্তৰ ত্ৰিপুৰাৰ ধৰ্মনগৰৰ আদালতত হাজিৰ কৰোৱা সময়ৰহে।
Title:ত্ৰিপুৰাৰ পুৰণি ভিডিঅ’ দিল্লীৰ বৰ্ণ বৈষম্যমূলক অপৰাধৰ ঘটনাৰ সৈতে সম্পৰ্কিত কৰি শ্বেয়াৰ কৰা হৈছে।
Fact Check By: Fact Crescendo TeamResult: Misleading


