২০২৪ চনত টাইৱানত হোৱা ভূমিকম্পৰ দৃশ্য তিব্বতৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

International Misleading

যোৱা ৭ জানুৱাৰীত নেপাল-তিব্বত সীমান্তত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। এটা ফেচবুক পেজৰ বাতৰি আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দুখন ফটো সংলগ্ন কৰি এই ভূমিকম্প সম্পৰ্কে বাতৰি পৰিবেশন কৰা হৈছিল। এখন ফটোত এটা প্ৰকাণ্ড অট্টালিকা হেলনীয়া হৈ পৰা দেখা গৈছে আৰু আনখনত কোনো ঘৰৰ খহি পৰা চাদত দুগৰাকী উদ্ধাৰকৰ্মীক দেখা গৈছে।

Facebook Link | Archived Link 

কিন্তু সঁচাকৈয়ে এই দৃশ্যসমূহ নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভিডিঅ’টোৰ পৰা স্ক্ৰীণশ্বট লৈ ফটো দুখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

আমি প্ৰথমে হেলনীয়া হৈ পৰা অট্টালিকাটোৰ সম্পৰ্কে কিছু তথ্য পালোঁ। আমি প্ৰথমে এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল। প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি সেই দৃশ্য টাইৱানত ২০২৪ চনৰ এপ্ৰিল মাহৰ ৩ তাৰিখে হোৱা ভূমিকম্পৰ।লঘু জনবসতিৰ হুয়ালিয়েনৰ এটা পাঁচ মহলীয়া অট্টালিকাৰ প্ৰথম মহলা ভাঙি গৈছিল আৰু বাকী অংশ ৪৫ ডিগ্ৰী কোণত হেলনীয়া হৈ পৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link.

চাউথ চাইনা মৰ্ণিং পোষ্টৰ এক প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ৩ এপ্ৰিলত টাইৱানৰ পূব উপকূলত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কেইবাটাও অট্টালিকা ভাঙি পৰে। দ্বীপটোৰ পূব কাউন্টি হুয়ালিয়েনৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ (১৬ মাইল) দক্ষিণে আৰু টাইপেইৰ পৰা ১৩৮ কিলোমিটাৰ (৮৬ মাইল) দূৰত্বত অভিকেন্দ্ৰ আছিল। দ্বীপটোৰ লগতে মূল চীন, ফিলিপিনছ আৰু জাপানৰ বাবেও চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। প্ৰতিবেদনত সংলগ্ন ভিডিঅ’ত আমি ভাইৰেল ফটোখনত থকা অট্টালিকাটো দেখিবলৈ পালোঁ।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link 

চি এন এনৰ এক প্ৰতিবেদনতো আমি ভাইৰেল ফটোখন ২০২৪ চনৰ ৩ এপ্ৰিলত হোৱা ভূমিকম্পৰ বুলি পালোঁ। 

গতিকে আমি নিশ্চিত হ’লোঁ যে হেলনীয়া হৈ পৰা অট্টালিকাটোৰ ফটোখন পুৰণি আৰু নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ নহয়।

এইবাৰ আমি আনখন ফটোৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি “ৰেডিট”(Reddit)ত ২০২৪ চনৰ এপ্ৰিল মাহত এই ফটোখন আপলোড হোৱা দেখিলোঁ আৰু তাত উল্লেখ কৰা হৈছিল যে সেয়া টাইৱানত ২০২৪ চনৰ ৩ এপ্ৰিলত হোৱা ভূমিকম্পৰ দৃশ্য।

এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এই ফটোখন সংলগ্ন এক প্ৰতিবেদন পালোঁ য’ত উল্লেখ কৰা হৈছিল যে সেয়া টাইৱানত ২০২৪ চনৰ ৩ এপ্ৰিলত হোৱা ভূমিকম্পৰ দৃশ্য।

Archived Link

একেধৰণৰ প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব। 

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ফটোখন দৰাচলতে ২০২৪ চনৰ ৩ এপ্ৰিলত টাইৱানত হোৱা ভূমিকম্পৰহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত দেখুওৱা দৃশ্যসমূহ নেপাল-তিব্বত সীমান্তত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ নহয় বৰং ২০২৪ চনৰ ৩ এপ্ৰিলত টাইৱানত হোৱা ভূমিকম্পৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৪ চনত টাইৱানত হোৱা ভূমিকম্পৰ দৃশ্য তিব্বতৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By:  Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *