
২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বিভিন্ন ফটো আৰু ভিডিঅ’। তেনে এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দেখা গৈছে কোনো এক বিপনীত ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আলমিৰা তথা আন বয়-বস্তু বগৰাই পেলাইছে আৰু তাত থকা এগৰাকী মহিলাই ভূমিকম্পৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মজিয়াত বহি আশ্ৰয় লৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ৰাছিয়াত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ দৃশ্য।
তেনে ধৰণৰ আন পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link
কিন্তু ভিডিঅ’টো সঁচাকৈয়ে ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সময়ৰ হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ চনৰ ১ এপ্ৰিলত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত যোৱা ২৮ মাৰ্চত ম্যানমাৰত হোৱা ৭.৭ প্ৰাৱল্যৰ ভূমিকম্পৰ দৃশ্য দেখা গৈছে।
একেটা ভিডিঅ’ আমি এটা ইউটিউব চেনেলত ২০২৫ চনৰ ৩১ মাৰ্চত আপলোড হোৱা দেখিলোঁ য’ত উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো যোৱা মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পৰ সময়ৰ।
টাইমছ নাওৰ অফিচিয়েল ফেচবুক পেজতো এই ভিডিঅ’টো যোৱা ২৮ মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পৰ বুলি উল্লেখ কৰি আপলোড কৰা হৈছিল।
এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
গতিকে এই ভিডিঅ’টো পুৰণি আৰু ম্যানমাৰৰ বুলি আমি নিশ্চিত হ’লোঁ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। দাবী কৰা ধৰণে ভিডিঅ’টোত ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য দেখা যোৱা নাই। ভিডিঅ’টোত যোৱা ২৮ মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পৰ দৃশ্য দেখা গৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ম্যানমাৰৰ পুৰণি ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: False
