
শেহতীয়াকৈ চীনে মাত্ৰ দুছেকেণ্ডতে ঘণ্টাত ৭০০ কিলোমিটাৰ বেগেৰে গতি কৰা দ্ৰুততম মেগলেভ ট্ৰেইনেৰে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত দেখা গৈছে যে এখন তীব্ৰবেগী ট্ৰেইন ছেকেণ্ডৰ ভিতৰতে এখন দলং পাৰ হৈ যোৱা দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “চীনৰ নতুন বিশ্ব অভিলেখ! মাত্ৰ দুই ছেকেণ্ডত ৭০০ কিলোমিটাৰ প্ৰতি ঘন্টাৰ বেগত মেগলেভ ৰেল চালনা
চুম্বকেৰে চলা এই ৰেল ৰেলপথত চকাৰে লাগি থকাৰ সলনি পথৰ কিছু ওপৰেৰে যায়”
Instagram Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৪ চনৰ ৩০ ডিচেম্বৰত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ।

কেপশ্বন অনুসৰি ভিডিঅ’টোত জাপানৰ মেগলেভ ট্ৰেইন দেখা গৈছে যাৰ গতিবেগ ঘণ্টাত ৫০০ কিলোমিটাৰ।
ইয়াকে সমল হিচাপে লৈ আমি গুগলত জাপানী ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২৪ চনৰ ২০ ডিচেম্বৰত আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ কেপশ্বনৰ অনুবাদ এনেধৰণৰ, “লিনিয়াৰ ট্ৰেইনৰ গতিৰ অভিজ্ঞতা লাভ কৰক। ৫০০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৃথিৱীখন আমোদজনক: বতাহৰ শব্দ শুনা নোপোৱা (এন টিভি ৰে’লৱে বিভাগ)”
একেটা ইউটিউব চেনেলত আমি অন্য দিশৰ পৰা ৰেকৰ্ড কৰা এই ভিডিঅ’টো পালোঁ।

বৰ্তমান জে আৰ চেণ্ট্ৰেলে নিৰ্মাণ কৰি আছে লিনিয়াৰ চুও শ্বিনকানচেন। টকিঅ’ৰ শ্বিনাগাৱা আৰু নাগোয়াৰ মাজৰ অংশটোৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে যদিও ২০২৭ চনৰ মূল মুকলি তাৰিখটো সলনি কৰি ২০৩৪ চনৰ পাছত মুকলি কৰাৰ লক্ষ্য লোৱা হৈছে। টোকাইডো শ্বিনকানচেনৰ সলনি কাম কৰিব বুলি আশা কৰা এই “ভৱিষ্যতৰ তীব্ৰবেগী ৰে’লপথ”ৰ বৰ্তমানৰ অৱস্থা বুজিবলৈ নিপ্পন টেলিভিছনৰ ৰে’ল বিভাগে ইয়ামানাছি প্ৰিফেকচাৰৰ পৰীক্ষামূলক লাইনটো পৰিদৰ্শন কৰে, য’ত ছুপাৰকণ্ডাক্টিং মেগলেভৰ চলোৱা পৰীক্ষা চলি আছে। প্ৰথমবাৰৰ বাবে মেগলেভত উঠি অহা ঘোষক দৈছুকে ফুজিটা আৰু তেওঁৰ “ট্ৰেইন-প্ৰেমী” নিউজ ডেস্কে প্ৰতি ঘণ্টাত ৫০০ কিলোমিটাৰ গতিৰ পৃথিৱীখন অনুভৱ কৰিলে।”
ভিডিঅ’টোৰ বিৱৰণ অংশত এটা ভিডিঅ’ লিংক সংলগ্ন কৰা হৈছে। ভিডিঅ’টোত নিপ্পন টিভিৰ সাংবাদিকে মেগলেভ ট্ৰেইনৰ পৰীক্ষামূলক ভ্ৰমণত অংশগ্ৰহণ কৰা দেখা গৈছে।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো জাপানৰ পুৰণি ভিডিঅ’।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত চীনৰ শেহতীয়া মেগলেভ ট্ৰেইন দেখা যোৱা নাই বৰং এয়া জাপানৰ এক পুৰণি ভিডিঅ’।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:জাপানৰ মেগলেভ ট্ৰেইনৰ পুৰণি ভিডিঅ’ চীনৰ শেহতীয়া মেগলেভ ট্ৰেইনৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo TeamResult: Misleading


