পুৰণি ভিডিঅ’ মুম্বাইৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

Misleading Social

যোৱা চাৰি-পাঁচদিন ধৰি মুম্বাইত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাইৰ বিভিন্ন স্থানত বানপানীৰ সমস্যাই দেখা দিছে। ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে মুম্বাইত অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। এই পৰিপ্ৰেক্ষিতত গেটৱে অৱ ইণ্ডিয়াৰ চাৰিওফাল প্লাৱিত হোৱাৰ দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত সাগৰৰ বিশাল ঢৌৱে গেটৱে অৱ ইণ্ডিয়াথ খুন্দিওৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া মুম্বাইৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া The Global Exhibition নামৰ এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২১ চনৰ ২৩ জুলাইত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বনত সেয়া গেটৱে অৱ ইণ্ডিয়া আৰু তাজ হোটেলৰ দৃশ্য বুলি উল্লেখ কৰা হৈছিল।

পুনৰ অনুসন্ধান কৰি আমি এবিচি নিউজৰ (ABC News) ২০২১ চনৰ ১৯ মে’ত কৰা এটা টুইট পালোঁ। টুইট অনুসৰি টাউকটা (Tauktae) ঘূৰ্ণীবতাহৰ ফলত সাগৰৰ জলপৃষ্ঠ বাঢ়ি আহে আৰু গেটৱে অৱ ইণ্ডিয়াৰ চাৰিওফালে প্লাৱিত কৰে।

X Link

লগতে নিউজ ১৮, ইণ্ডিয়া টুডে’ , ইণ্ডিয়ানএক্সপ্ৰেছৰ দৰে বিভিন্ন সংবাদ মাধ্যমে সেই সময়ত একেটা ভিডিঅ’ সংলগ্ন প্ৰতিবেদন প্ৰকাশ কৰিছিল। খবৰ অনুসৰি ২০২১ চনৰ মে’ মাহত মহাৰাষ্ট্ৰত ঘূৰ্ণীবতাহ টাউকটাই আঘাত কৰাৰ সময়ৰ দৃশ্য এয়া।

গতিকে গেটৱে অৱ ইণ্ডিয়াত বিশাল ঢৌৱে খুন্দিওৱাৰ এই দৃশ্যটো পুৰণি বুলি আমি নিশ্চিত হ’লোঁ।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। এই ভিডিঅ’টো মুম্বাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়। ২০২১ চনৰ মে’ মাহত মহাৰাষ্ট্ৰত ঘূৰ্ণীবতাহ টাউকটাই আঘাত কৰাৰ সময়ৰ দৃশ্যহে এয়া।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি ভিডিঅ’ মুম্বাইৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *