ভাৰতৰ ৰাজস্থানৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

International Partly-False

শেহতীয়াকৈ আফগানিস্তান আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। আফগানিস্তানে ডুৰাণ্ড লাইন দখল কৰা বুলিও খবৰ আহিছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশত এখন বিমান ধ্বংসপ্ৰাপ্ত হৈ জ্বলি থকা দেখা গৈছে আৰু আনটো দৃশ্যাংশত টেংকাৰ আৰু অন্যান্য গাড়ীৰ কনভয় এটা গৈ থকা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া আফগানিস্তান আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ আৰম্ভ হোৱা যুদ্ধ সদৃশ পৰিবেশৰ দৃশ্য। 

Instagram Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এ এন আইৰ (ANI) এক্স হেণ্ডলত ২০২২ চনৰ ২৮ জুলাইত ভাইৰেল ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশৰ সৈতে মিল থকা এটা ভিডিঅ’ শ্বেয়াৰ হোৱা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি ৰাজস্থানৰ বাৰমাৰ জিলাৰ ওচৰত ভাৰতীয় বায়ু সেনাৰ মিগ-২১ বিমান ধ্বংস হোৱাৰ দৃশ্য সেয়া।

২০২২ চনৰ ২৮ জুলাইত এবিপি নিউজৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰাজস্থানৰ বাৰমাৰ জিলাৰ ওচৰত ভাৰতীয় বায়ু সেনাৰ মিগ-২১ বিমান এখন ২০২২ চনৰ ২৮ জুলাইত ধ্বংসপ্ৰাপ্ত হৈছিল। সেই দুৰ্ঘটনাত ভাৰতীয় বায়ু সেনাৰ দুজন পাইলটৰ মৃত্যু হৈছিল।

এবিপি নিউজৰ অফিচিয়েল এক্স হেণ্ডলত আমি এই সম্পৰ্কে এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশ পুৰণি আৰু আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ নহয়।

ভাইৰেল ভিডিঅ’টোৰ দ্বিতীয় দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে সেয়া শেহতীয়াকৈ পাকিস্তান সীমান্তলৈ তালিবানৰ সেনা ৰাওনা হোৱাৰ দৃশ্য। এই সম্পৰ্কে প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। দাবী কৰা ধৰণে ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশৰ আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ সৈতে কোনো সম্পৰ্ক নাই। ২০২২ চনৰ ২৮ জুলাইত ৰাজস্থানৰ বাৰমাৰ জিলাৰ ওচৰত ভাৰতীয় বায়ু সেনাৰ মিগ-২১ বিমান ধ্বংসপ্ৰাপ্ত হোৱাৰ দৃশ্যহে সেয়া।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাৰতৰ ৰাজস্থানৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result:Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *