ৰাছিয়ান যুদ্ধ বিমান ধ্বংসপ্ৰাপ্ত হোৱা পুৰণি ভিডিঅ’ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য বুলি ভাইৰেল।

International Partly-False

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। অসমৰ এটা ফেচবুক পেজত প্ৰকাশিত এক ভিডিঅ’ প্ৰতিবেদনত  কেইবাটাও ভিডিঅ’ সংলগ্ন কৰি দাবী কৰা হৈছে যে ভিডিঅ’কেইটাত কম্বোডিয়া আৰু থাইলেণ্ডৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য দেখুওৱা হৈছে। ভিডিঅ’ প্ৰতিবেদনৰ কেপশ্বনত লিখা আছিল এইদৰে, “কম্বোডিয়াৰ ওপৰত থাইলেণ্ডৰ এয়াৰষ্ট্ৰাইক

▶পুনৰ যুদ্ধৰ কৱলত এছিয়াৰ ২ খন দেশ

▶সংঘাত এইবাৰ কম্বোডিয়া আৰু থাইলেণ্ডৰ

▶কম্বোডিয়াৰ ওপৰত থাইলেণ্ডৰ এয়াৰষ্ট্ৰাইক”

Facebook Link | Archived Link 

কিন্তু এই ভিডিঅ’সমূহ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ সৈতে সম্পৰ্কিত হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

ভিডিঅ’ প্ৰতিবেদনৰ প্ৰথম দৃশ্যাংশত দেখা গৈছে দুখন যুদ্ধ বিমান আকাশত উৰি থকা সময়তে তাৰ এখন যুদ্ধ বিমান ধ্বংসপ্ৰাপ্ত হৈছে। আমি এই দৃশ্যাংশৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি দ্য চান(The Sun)ৰ অফিচিয়েল ইউটিউব চেনেলত ২০২৫ চনৰ ১৫ জুনত এই দৃশ্যাংশ আপলোড হোৱা দেখিলোঁ। প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত ৰাছিয়ান S-25 যুদ্ধ বিমান ইউক্ৰেইনৰ ছ’লেডাৰ, ড’নেস্কত ধ্বংসপ্ৰাপ্ত হোৱা দেখা গৈছে। বিমানখন ধ্বংস হোৱাৰ পূৰ্বে পাইলটগৰাকী বিমানৰ পৰা বাহিৰ হ’বলৈ সক্ষম হৈছিল।

YouTube Link 

আন এক প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ ১৪ জুনত দুখন ৰাছিয়ান যুদ্ধ বিমান S-25 এ দৈনন্দিন কম উচ্চতাৰ ৰকেট পৰীক্ষণ কৰি থকা সময়ত, এখন বিমানৰ পাইলটে ভুলবশতঃ এটা অনিৰ্দেশিত ৰকেট নিক্ষেপ কৰাৰ পাছতে আনখন বিমান ধ্বংসপ্ৰাপ্ত হয়। 

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু থাইলেণ্ড-কম্বোডিয়াৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ সৈতে সম্পৰ্কিত নহয়।

ভিডিঅ’ প্ৰতিবেদনত থকা আন দৃশ্যাংশসমূহৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি টাইমছ অৱ ইণ্ডিয়াৰ অফিচিয়েল ইউটিউবত ২০২৫ চনৰ ২৪ জুলাইত আপলোড হোৱা এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি ভিডিঅ’সমূহত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য দেখুওৱা হৈছে। এই প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোত থকা আন দৃশ্যাংশসমূহ সংলগ্ন কৰা হৈছিল। 

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। ভিডিঅ’টোত দেখুওৱা যুদ্ধ বিমান ধ্বংসপ্ৰাপ্ত হোৱা দৃশ্যাংশ পুৰণি আৰু থাইলেণ্ড-কম্বোডিয়াৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ সৈতে অসম্পৰ্কিত। এই ভিডিঅ’টোত ২০২৫ চনৰ ১৪ জুনত ইউক্ৰেইনৰ ছ’লেডাৰ, ড’নেস্কত ৰাছিয়ান যুদ্ধ বিমান S-25 ধ্বংসপ্ৰাপ্ত হোৱা দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাছিয়ান যুদ্ধ বিমান ধ্বংসপ্ৰাপ্ত হোৱা পুৰণি ভিডিঅ’ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *