
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক শোকাৱহ দুৰ্ঘটনাত বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হয়। এই পটভূমিত কোনো ট্ৰমা চেণ্টাৰৰ যেন লগা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টোত জুবিন গাৰ্গক তেওঁৰ দুৰ্ঘটনাৰ পিছত ছিংগাপুৰৰ এখন চিকিৎসালয়ত থকা দেখা গৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ চনৰ ৯ ছেপ্টেম্বৰৰ এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল।

টুইট অনুসৰি ভিডিঅ’টোত নেপালৰ শেহতীয়া প্ৰতিবাদৰ এক পৰিস্থিতি দেখা গৈছে।
ফেচবুকত ৮ ছেপ্টেম্বৰ ২০২৫ তাৰিখে আপলোড কৰা একেধৰণৰ ভিডিঅ’ এটা আমি পালোঁ, য’ত লিখা আছিল, “ট্ৰমা চেণ্টাৰৰ পৰিস্থিতি। সদায় আছে সেৱাত।(Situation at Trauma Centre. Always in service.)”

এই ফেচবুক প্ৰ’ফাইলটোৰ ব্যৱহাৰকাৰী নেপালৰ বুলি আমি জানিব পাৰিলোঁ।
আমি ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত নেপালৰ এজন চিকিৎসকৰ প্ৰ’ফাইলত একেটা ভিডিঅ’ আপলোড কৰা দেখিলোঁ।

কেপশ্বন অনুসৰি ভিডিঅ’টোত কোনো ট্ৰমা চেণ্টাৰৰ দৃশ্য দেখা গৈছে।
অধিক তথ্যৰ বাবে আমি এই ব্যৱহাৰকাৰীজনৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁৰ পৰা সঁহাৰি পালেই আমি ইয়াত আপডেট কৰিম।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ আগৰেই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এই ভিডিঅ’টোত দুৰ্ঘটনাৰ পাছত ছিংগাপুৰৰ এখন চিকিৎসালয়ত জুবিন গাৰ্গক দেখা যোৱা নাই। ভিডিঅ’টো জুবিন গাৰ্গৰ সৈতে সম্পৰ্কিত নহয় আৰু যোৱা ৮ ছেপ্টেম্বৰৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ জুবিন গাৰ্গৰ ছিংগাপুৰ দুৰ্ঘটনাৰ পাছৰ বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: False
