
ছিংগাপুৰত এক দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ এখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটোখনত জুবিন গাৰ্গক এখন হস্পিতালৰ বিচনাত শুই থকা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ফটো।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোকেইখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Asianet News নামৰ ৱেবছাইটত ২০২২ চনৰ ২১ জুলাইত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী টাউন ক্লাবৰ এক অনুষ্ঠানত জুবিন গাৰ্গ হঠাতে ঢলি পৰিছিল। তাৰ পাছত জুবিন গাৰ্গক গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

একেধৰণৰ ফটো আমি “নিয়মীয়া বাৰ্তা“ৰ ৱেবছাইটত ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদনত পালোঁ।

প্ৰতিবেদন অনুসৰি গুৱাহাটী টাউন ক্লাবৰ এক অনুষ্ঠানত জুবিন গাৰ্গ হঠাতে ঢলি পৰিছিল। তাৰ পাছত জুবিন গাৰ্গক গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন জুবিন গাৰ্গৰ মৃত্যুৰ বহু আগৰেই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন প্ৰসংগ সংগতিহীন। ভাইৰেল ফটোখন জুবিন গাৰ্গৰ মৃত্যুৰ বহু আগৰেই। ফটোখন ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ, যেতিয়া গুৱাহাটী টাউন ক্লাবৰ এক অনুষ্ঠানত জুবিন গাৰ্গ হঠাতে ঢলি পৰিছিল আৰু তাৰ পাছত জুবিন গাৰ্গক গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি ফটো জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: Missing Context
