পুৰণি অপ্ৰাসংগিক ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

False International

যোৱা ৮ ডিচেম্বৰত ৭.৬ প্ৰাবল্যৰ এক ভূমিকম্প‌ই উত্তৰ জাপানক জোকাৰি যায়। এই পৰিপ্ৰেক্ষিতত ভূমিকম্পৰ কেইটামান দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ।

প্ৰথম দৃশ্যাংশ

প্ৰথম দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি এই ভিডিঅ’টো এটা ইউটিউব চেনেলত ২০২৫ চনৰ ২৩ জানুৱাৰীত আপলোড হোৱা দেখিলোঁ।

বিৱৰণ অনুসৰি ভিডিঅ’টো ২০২৪ চনৰ ১ জানুৱাৰীত জাপানত হোৱা ভূমিকম্পৰ সময়ৰ।

একেধৰণৰ ভিডিঅ’ এটা ইয়াত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।

দ্বিতীয় দৃশ্যাংশ 

দ্বিতীয় দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৪ চনৰ ৬ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ।

কেপশ্বন অনুসৰি ভিডিঅ’টোত ২০২৪ চনত টাইৱানৰ টাইপেইত হোৱা ভূমিকম্পৰ দৃশ্য দেখা গৈছে।

ইয়াৰ পূৰ্বে এই একেটা ভিডিঅ’ অন্য এক দাবীৰে ভাইৰেল হৈছিল। সেই সময়ত আমি কৰা এক ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

গতিকে ভিডিঅ’টো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ।

তৃতীয় দৃশ্যাংশ 

তৃতীয় দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি ভিডিঅ’টো এটা ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৫ চনৰ ২৮ মাৰ্চত আপলোড হোৱা দেখিলোঁ। কেপশ্বন অনুসৰি ভিডিঅ’টোত ২০২৫ চনৰ ২৮ মাৰ্চত থাইলেণ্ডত হোৱা ভূমিকম্পৰ দৃশ্য দেখা গৈছে।

একেধৰণৰ এটা ভিডিঅ’ ইয়াত চাব পাৰিব।

গতিকে ভিডিঅ’টো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ।

চতুৰ্থ দৃশ্যাংশ

চতুৰ্থ দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি দ্য গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত উল্লেখ কৰা হৈছিল যে ভাইৰেল ভিডিঅ’টো ২০২৫ চনৰ মাৰ্চ মাহত ম্যানমাৰত হোৱা ভূমিকম্পৰ সময়ৰ।

আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

গতিকে ভাইৰেল ভিডিঅ’টো জাপানৰ নহয়।

পঞ্চম দৃশ্যাংশ 

পঞ্চম দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি ২০২৫ চনৰ মাৰ্চ মাহত শ্বেয়াৰ হোৱা কিছুমান পোষ্ট পালোঁ।

পোষ্টসমূহত উল্লেখ কৰা হৈছিল যে সেয়া ২০২৫ চনৰ মাৰ্চ মাহত থাইলেণ্ডত হোৱা ভূমিকম্পৰ দৃশ্য।

ষষ্ঠ দৃশ্যাংশ 

ষষ্ঠ দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি ভিডিঅ’টো ২০২৫ চনৰ ১ এপ্ৰিলৰ এটা ফেচবুক পোষ্টত পালোঁ। কেপশ্বন অনুসৰি সেয়া ২০২৫ চনৰ মাৰ্চ মাহত ম্যানমাৰত হোৱা ভূমিকম্পৰ দৃশ্য।

আমি ২০২৫ চনৰ ১ এপ্ৰিলত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি সেয়া ২০২৫ চনৰ মাৰ্চ মাহত ম্যানমাৰত হোৱা ভূমিকম্পৰ দৃশ্য।

সপ্তম দৃশ্যাংশ

সপ্তম দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে সেয়া বেংককৰ Mahanakhon Tower Rooftop Skywalk ৰ দৃশ্য ২০২৫ চনৰ মাৰ্চ মাহৰ ম্যানমাৰ-থাইলেণ্ড ভূমিকম্পৰ সময়ৰ।

অষ্টম দৃশ্যাংশ 

অষ্টম দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি দ্য গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি সেয়া ২০২৫ চনৰ মাৰ্চ মাহত ম্যানমাৰ-থাইলেণ্ডত হোৱা ভূমিকম্পৰ সময়ত বেংককৰ এটা Skyscraper Poolৰ দৃশ্য।

নৱম দৃশ্যাংশ 

আমি লাভ কৰি তথ্য মতে এয়াও যোৱা ২৮ মাৰ্চ ২০২৫ত থাইলেণ্ডত অহা ভূমিকম্পৰ সময়ৰ দৃশ্য। ফেচবুকত প্ৰথমে থাই ভাষাত দিয়া এটা পোষ্টত আমি এই দৃশ্যটো দেখিলোঁ।

তাৰ পাছত আমি একেটা ভিডিঅ’ সংলগ্ন আন আন‌ পোষ্ট পালোঁ য’ত উল্লেখ কৰা হৈছিল যে সেয়া ২০২৫ চনৰ মাৰ্চ মাহত ম্যানমাৰ-থাইলেণ্ডত অহা ভূমিকম্পৰ দৃশ্য।

দশম দৃশ্যাংশ 

দশম দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি বিবিচিৰ এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি সেয়া যোৱা মাৰ্চ মাহত ম্যানমাৰত হোৱা ভূমিকম্পৰ সময়ত চীন সীমান্তৰ এখন চহৰৰ দৃশ্য।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোৰ দৃশ্যাংশসমূহ পুৰণি।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোৰ দৃশ্যাংশসমূহ জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয়। ভিডিঅ’সমূহ পুৰণি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *