
যোৱা ৮ ডিচেম্বৰত ৭.৬ প্ৰাবল্যৰ এক ভূমিকম্পই উত্তৰ জাপানক জোকাৰি যায়। এই পৰিপ্ৰেক্ষিতত ভূমিকম্পৰ দৃশ্যৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য।
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া Pexels নামৰ ষ্টক ইমেজ ৱেবছাইট এটাত আমি ফটোখন পালোঁ। বিৱৰণ অনুসৰি সেয়া তুৰস্কৰ হাটাইৰ আণ্টাক্যাৰ (Antakya, Hatay) দৃশ্য।

ফটোখন তুলিছিল ড’ৰুক আকছেল অনিল (Doruk Aksel Anil) নামৰ ফটোগ্ৰাফাৰগৰাকীয়ে ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত।

উল্লেখযোগ্য যে ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ এক ভূমিকম্পই বহু ক্ষতিসাধন কৰিছিল।
একেখন ফটো আমি ২০২৫ চনৰ ১ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদনত পালোঁ। ফটোখনল কেপশ্বনত উল্লেখ কৰা হৈছিল যে সেয়া তুৰস্ক আৰু ছিৰিয়াত ২০২৩ চনত হোৱা ভূমিকম্পৰ দৃশ্য। ফটোখনৰ সৌজন্যত Doruk Aksel Anil নামটো উল্লেখ কৰা হৈছিল।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ফটোখন জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয় বৰং ২০২৩ চনত তুৰস্কত হোৱা ভূমিকম্পৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:তুৰস্কৰ পুৰণি ফটো জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: False


