উৰিষ্যাৰ বালাছ’ৰত মৃত মহিলা এগৰাকীৰ‌ হাড় ভাঙি পেলোৱাৰ দৃশ্য বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Misleading Social

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে য’ত দেখা গৈছে সাধাৰণ মানুহৰ বাবে এক অসহনীয় দৃশ্য। ফটোখনত দেখা গৈছে কোনো এক চিকিৎসালয়ৰ ষ্ট্ৰেছাৰত এটা মৃতদেহৰ ওচৰত আছে দুজন ব্যক্তি, এজন ব্যক্তিক মৃতদেহটোৰ ওপৰত উঠি ভৰিখন ধৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে পিতা-পুত্ৰৰ‌ হাতত মৃতদেহটো এম্বুলেন্সেৰে ঘৰলৈ নিব পৰাকৈ টকা নাছিল আৰু সেয়ে তেওঁলোকে এইদৰে মৃতদেহটোৰ হাত-ভৰি ভাঙি টোপোলা কৰি লৈ যোৱাৰ ব্যৱস্থা কৰিলে।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০১৬ চনৰ ২৬ আগষ্টত এন ডি টিভিত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত সংলগ্ন ভিডিঅ’টোত আমি ভাইৰেল ফটোখনৰ সৈতে মিল থকা এক দৃশ্যাংশ দেখিলোঁ। 

প্ৰতিবেদন অনুসৰি ঘটনাটো উৰিষ্যাৰ বালাছ’ৰৰ য’ত চিকিৎসালয়ৰ কৰ্মীয়ে এগৰাকী মহিলাৰ মৃতদেহৰ ওপৰত থিয় হৈ মৃতদেহটোৰ হাড় ভাঙি এখন কাপোৰত মেৰিয়াই এডাল বাঁহত টোপোলা বান্ধি কঢ়িয়াই নিয়া দেখা গৈছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

হিন্দুস্তান টাইমছত ২০১৬ চনৰ ২৬ আগষ্টত প্ৰকাশিত প্ৰতিবেদন অনুসৰি “মৃতদেহটো বালাছ’ৰ জিলাৰ ছ’ৰ’ ৰে’ল ষ্টেচনৰ সমীপত এখন মালবাহী ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত মৃত্যু হোৱা ৮৫ বছৰীয়া এগৰাকী স্বামীহীনা মহিলা তাৰামণি বাৰিকৰ। ছ’ৰো কমিউনিটি হেল্থ চেণ্টাৰৰ চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বালাছ’ৰ চহৰৰ (৩০ কিলোমিটাৰ দূৰৈৰ) জিলা সদৰ চিকিৎসালয়লৈ নিব বিচৰা ৰে’ল বিভাগৰ বিষয়াসকলে কোনো এম্বুলেন্স বা বাহন নাপালে।

ৰে’ল আৰক্ষীৰ এজন কনিষ্ঠ বিষয়াই স্বাস্থ্য কেন্দ্ৰৰ ছুইপাৰৰপৰা সহায় বিচাৰিছিল। মৃতদেহটো জঠৰ হোৱা বাবে ছুইপাৰে ভৰি আৰু নিতম্বৰ হাড় ভাঙি পেলালে যাতে পৰিপাটিকৈ বস্তাত ভৰাই থ’ব পৰা যায়। ইয়াৰ পাছতে বস্তাত মৃতদেহটো ভৰাই বাঁহ এডালত ভাৰ বান্ধি চিকিৎসালয়ৰপৰা ৰেল ষ্টেচনলৈকে লৈ যোৱা হৈছিল।

মহিলাগৰাকীৰ পুত্ৰ ৰবীন্দ্ৰ বাৰিকে অভিযোগ কৰে যে ৰে’ল আৰক্ষীয়ে মাতৃৰ মৃত্যুৰ পিছত অতি অমানৱীয় ব্যৱহাৰ কৰিছিল। ‘তেওঁলোকে কিছু মৰ্যাদা দেখুৱাব লাগিছিল। হাড় ভাঙি পেলোৱা ছুইপাৰসকলক সকলক শাস্তি দিব লাগে।’- তেওঁ দাবী জনায়।”

একেধৰণৰ আন এক প্ৰতিবেদন তলত চাব পাৰিব।

আন প্ৰতিবেদন ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে বাতৰিটো পুৰণি আৰু মৃতদেহটোৰ হাড় ভাঙি পেলোৱা ব্যক্তিকেইজন চিকিৎসালয়ৰ চাফাই কৰ্মীহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দাবী কৰা ধৰণে পিতা-পুত্ৰ‌ই টকাৰ অভাৱত এম্বুলেন্স যোগাৰ কৰিব নোৱাৰি মৃত মহিলাগৰাকীৰ হাড় ভাঙি কাপোৰেৰে মেৰিয়াই ভাৰ বান্ধি লৈ যোৱা নাছিল। মৃতদেহটোৰ হাড় ভঙা ব্যক্তি দুজন চিকিৎসালয়ৰ চাফাই কৰ্মীহে আছিল। স্বামীহীনা মহিলাগৰাকীৰ মালবাহী ৰেলগাড়ীৰ খুন্দাত মৃত্যু হৈছিল। এই ঘটনাটো ২০১৬ চনত উৰিষ্যাৰ বালাছ’ৰত সংঘটিত হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:উৰিষ্যাৰ বালাছ’ৰত মৃত মহিলা এগৰাকীৰ‌ হাড় ভাঙি পেলোৱাৰ দৃশ্য বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *