
যোৱা ২৩ অক্টোবৰত প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত তেওঁক দুৱাৰৰ বাহিৰত ৰৈ থকা দেখা গৈছে। দাবী কৰা হৈছে যে প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক এইদৰে বাহিৰতে অপেক্ষা কৰিবলৈ দিয়া হৈছিল। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কংগ্ৰেছৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি খৰ্গে ডাঙৰীয়াৰ অৱস্থা।
প্ৰিয়ংকা গান্ধীৰ মনোনয়ন দাখিল কৰাৰ সময়ত কংগ্ৰেছৰ সভাপতি খৰ্গে ডাঙৰীয়াক বাহিৰত ৰখাই থোৱা হ’ল কিয় ?? দলিত হোৱাৰ বাবেই খৰ্গে ডাঙৰীয়াক খৰ্গে ডাঙৰীয়াক মনোনয়ন দাখিল পৰ্বত বঞ্চিত কৰা হল নেকি ?দলিত আৰু পিছপৰা জাতিৰ কথা কোৱা ৰাহুল গান্ধীয়ে কি কয় ?”
একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো দেখা গ’ল।
কিন্তু সঁচাকৈয়ে মল্লিকাৰ্জুন খৰ্গেক এইদৰে বাহিৰতে অপেক্ষা কৰিবলৈ দিয়া হৈছিলনে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া বিজেপি দলৰ নেতা ৰাজীৱ চন্দ্ৰশেখৰৰ এটা টুইট পালোঁ য’ত ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ দাবী কৰিছিল যে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক এইদৰে বাহিৰতে অপেক্ষা কৰিবলৈ দিয়া হৈছিল।
ইয়াৰ উত্তৰত কংগ্ৰেছ দলৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে প্ৰিয়ংকা গান্ধীৰ মনোনয়ন দাখিলৰ কিছু ফটো শ্বেয়াৰ কৰিছিল। ফটোসমূহত প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক প্ৰিয়ংকা গান্ধীৰ ওচৰতে বহি থকা দেখা গৈছে।
এইবাৰ আমি ইণ্ডিয়া টুডেত যোৱা ২৪ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত প্ৰিয়ংকা গান্ধীৰ মনোনয়ন দাখিলৰ দিনাখন হোৱা ঘটনাক্ৰম উল্লেখ কৰা হৈছিল।
প্ৰতিবেদন অনুসৰি মনোনয়ন দাখিলৰ বাবে কালপেট্টা জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছিল তেওঁৰ পুত্ৰ আৰু স্বামীৰ সৈতে। তাত তেওঁ জনাইছিল যে মল্লিকাৰ্জুন খৰ্গে, ছ’নিয়া গান্ধী আৰু ৰাহুল গান্ধী এখন সভাত আছে আৰু তেওঁলোক অহাৰ পাছতেই প্ৰিয়ংকা গান্ধীৰ স্বামী আৰু পুত্ৰ বাহিৰলৈ ওলাই যাব। অৱশ্যে ৰিটাৰ্নিং অফিচাৰগৰাকীয়ে দ্বিতীয় গোটৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁলোক সোমাব পাৰে বুলি কয়। প্ৰিয়ংকা গান্ধীয়ে ১.২৫ বজাত প্ৰথম গোট দাখিল কৰে।
কেইমিনিটমানৰ পাছত ছোনিয়া গান্ধী কাৰ্যালয়ত উপস্থিত হয়। অলপ পিছতে খৰ্গে আৰু কংগ্ৰেছৰ সাংসদ কে চি ভেনুগোপাল সভাস্থলীত উপস্থিত হয়। কিন্তু কাৰ্যালয়ত তেওঁলোকক পহৰাদাৰে প্ৰৱেশ কৰিবলৈ নিদিলে কাৰণ ৰিটাৰ্নিং অফিচাৰে নথি-পত্ৰবোৰ পৰীক্ষা কৰি আছিল।
এই পদ্ধতি সম্পূৰ্ণ হোৱাৰ পিছত ৰবাৰ্ট ভাড্ৰা আৰু তেওঁৰ পুত্ৰ ওলাই যায় আৰু খৰ্গে দ্বিতীয়টো গোটৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত কাৰ্যালয়ত প্ৰৱেশ কৰে।
দৰাচলতে ৰাহুল গান্ধীকো বাহিৰত ৰৈ থাকিবলৈ বাধ্য কৰা হৈছিল যেতিয়ালৈকে প্ৰথম গোটৰ মনোনয়ন কাগজ সমূহ পৰীক্ষা কৰি থকা হৈছিল। তাৰ পাছত তেওঁক ভিতৰলৈ মাতি অনা হৈছিল।
অনুগ্রহ কৰি ইয়াত পঢ়ক। Archived Link
আমি পুনৰ অনুসন্ধান কৰি এএনআই(ANI)ৰ ইউটিউব চেনেলত প্ৰিয়ংকা গান্ধীৰ মনোনয়ন দাখিলৰ সম্পূৰ্ণ ভিডিঅ’টো পালোঁ।
এই ভিডিঅ’টোত প্ৰথম অৱস্থাত প্ৰিয়ংকা গান্ধীক তেওঁৰ স্বামী ৰ’বাৰ্ট ভদ্ৰা আৰু পুত্ৰ ৰাইহান ভদ্ৰাৰ সৈতে জিলা আয়ুক্তৰ সমুখত বহি থকা দেখা গৈছে। কিছুসময়ৰ পাছত ছ’নিয়া গান্ধী আহি তেওঁলোকৰ পিছফালে বহা দেখা যায়। তাৰপাছতে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আহি উপস্থিত হয় আৰু ৰ’বাৰ্ট ভদ্ৰা আৰু তেওঁৰ পুত্ৰ বাহিৰলৈ ওলাই যায়। মল্লিকাৰ্জুন খৰ্গেক প্ৰিয়ংকা গান্ধীৰ ওচৰতে বহা দেখা যায়। কিছুসময়ৰ ভিতৰতে ৰাহুল গান্ধী আৰু কে চি বেণুগোপালকো প্ৰিয়ংকা গান্ধীৰ সৈতে বহি থকা দেখা যায়। তেওঁলোকৰ উপস্থিতিত প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা দেখা গৈছে।
আমি ৰাহুল গান্ধীৰ ৱায়ানাড কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিলোঁ এই ঘটনা সম্পৰ্কে অধিক জানিবলৈ। ৰাহুল গান্ধীৰ পি এছ অগষ্টিনে কৈছিল,”প্ৰথমে প্ৰিয়ংকা গান্ধী আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল মনোনয়ন দাখিল কৰিবলৈ, ৰ’বাৰ্ট ভদ্ৰা আৰু পুত্ৰ ৰাইহান ভদ্ৰাই তেওঁৰ সৈতে কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। আইন অনুসৰি মাত্ৰ পাঁচজন লোকক তাত বহিবলৈ দিয়া হয়। গতিকে ৰাহুল গান্ধী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰমইয়া আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আদি নেতাসকল পাল পাতি কাৰ্যালয়ত সোমাইছিল। প্ৰথমে মল্লিকাৰ্জুন খৰ্গে কিছুসময়ৰ বাবে বাহিৰত আছিল, পাছত তেওঁ প্ৰিয়ংকা গান্ধীৰ সৈতে বহে। তেওঁক বাহিৰতে ৰ’বলৈ দিয়া বুলি কোৱা কথাষাৰ সম্পূৰ্ণ মিছা”।
আমি কেৰালা নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা পৰীক্ষা কৰিলোঁ আৰু দেখিলোঁ যে অগষ্টিনে কোৱাৰ দৰে একেখিনি কথা প্ৰাৰ্থীৰ হাতপুথিত উল্লেখ কৰা আছে। নিয়ম ক্ৰমাংক ৩.১২ অনুসৰি কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা সময়ত সৰ্বাধিক পাঁচজন ব্যক্তিহে ৰিটাৰ্নিং অফিচাৰৰ কাৰ্যালয়ত উপস্থিত থাকিব পাৰে।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
এই সম্পৰ্কে কংগ্ৰেছ দলৰ এক টুইট তলত চাব পাৰিব।
ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে মল্লিকাৰ্জুন খৰ্গে প্ৰিয়ংকা গান্ধীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। মল্লিকাৰ্জুন খৰ্গেক প্ৰিয়ংকা গান্ধীৰ মনোনয়ন দাখিলৰ সময়ত বাহিৰত ৰৈ থাকিবলৈ কোৱা হোৱা নাছিল। প্ৰিয়ংকা গান্ধীৰ মনোনয়ন দাখিলৰ সময়ত মল্লিকাৰ্জুন খৰ্গে প্ৰিয়ংকা গান্ধীৰ ওচৰতে বহি আছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক বাহিৰতে ৰৈ থাকিবলৈ কোৱা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: FactCrescendo AssameseResult: Misleading
