
শেহতীয়াকৈ, ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ অৱস্থিতি প্ৰকাশ কৰাৰ অভিযোগত ইজৰাইল আৰক্ষীয়ে ভাৰতীয় সাংবাদিক আদিত্য ৰাজ কৌলক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে সাংবাদিক আদিত্য ৰাজ কৌলে আক্ৰমণৰ বলি হোৱা স্থানৰ পৰা বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত বেঞ্জামিন নেতান্যাহু সেই স্থানলৈ আহিছে।
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া সাংবাদিক আদিত্য ৰাজ কৌলৰ এক্স হেণ্ডলটো পালোঁ। আমি দেখিবলৈ পালোঁ যে আদিত্য ৰাজ কৌল এক্সত বৰ্তমানো “এক্টিভ” হৈয়েই আছে। এই ফেক্ট চেক লিখাৰ সময়লৈকে তেওঁৰ শেহতীয়া টুইটটো ২০২৬ চনৰ ১৭ মাৰ্চত পুৱা ৪ বাজি ৩৯ মিনিটত কৰা হৈছে।

ভাইৰেল দাবীটো ভুৱা বুলি উল্লেখ কৰা এটা প্ৰতিবেদনৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি তেওঁ ২০২৬ চনৰ ১৬ মাৰ্চৰ দুপৰীয়া ১২:০৯ বজাত টুইট কৰি কয়, ‘যদি আপুনিও মোৰ বিষয়ে ইণ্টাৰনেটত কিছুমান ভুৱা কাহিনী পঢ়িছে, তেন্তে সেইবোৰ অন্ধভাৱে বিশ্বাস নকৰিব। এয়া পাকিস্তানী আই এছ আইৰ সৈতে জড়িত ছ’চিয়েল মিডিয়া একাউণ্টৰ লগতে ভাৰতৰ এটা হতাশগ্ৰস্ত ৰাজনৈতিক দলৰ আই টি চেলৰ দ্বাৰা সমৰ্থিত ইৰাণী মিডিয়াই ভুল তথ্য বিয়পোৱা এক বৃহৎ অভিযানত লিপ্ত হৈছে। এই বাৰ্তা বিয়পাই দিয়ক!”

তদুপৰি, ২০২৬ চনৰ ১৫ মাৰ্চত ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ টুইট কৰিছিল, “২ মাৰ্চৰ সন্ধিয়া ৪:৩০ বজাত @NDTV ৰ বাবে ইজৰাইলৰ বেট শ্বেমেছৰ পৰা প্ৰতিবেদন য’ত ইৰাণৰ মিছাইল আক্ৰমণৰ এদিন পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী @netanyahu ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰিবলৈ উপস্থিত হৈছিল। এই আক্ৰমণত শিশুসহ ৯ জন নিহত, আহত ৪০ জন। এই ভিডিঅ’টোৰ সম্পৰ্কে কিছুমান ভিত্তিহীন ভুল তথ্য প্ৰচাৰ কৰা হৈছে।”

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দাবীটো মিছা।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ অৱস্থিতি প্ৰকাশ কৰা বাবে ইজৰাইল আৰক্ষীয়ে ভাৰতীয় সাংবাদিক আদিত্য ৰাজ কৌলক গ্ৰেপ্তাৰ কৰা নাই। আদিত্য ৰাজ কৌলে এই বাতৰি খণ্ডন কৰিছে। তদুপৰি ভাইৰেল ভিডিঅ’টো ২০২৬ চনৰ ২ মাৰ্চতেই ৰেকৰ্ড কৰা হৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


