মেজৰ ক্ৰিষ্টিন উল্ফ নামৰ মহিলা যুদ্ধবিমান চালকৰ ভিডিঅ’ ছ’ফিয়া কুৰেশ্বীৰ বুলি প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে যুদ্ধ বিমানত উঠি যুদ্ধৰ বাবে সাজু হোৱা সেয়া ভাৰতীয় সেনা বিষয়া ছ’ফিয়া কুৰেশ্বী।  পোষ্টসমুহত আনকি ভ্যোমিকা সিঙৰ কথাও উল্লেখ কৰা আমি দেখিছোঁ।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdaQft8hlWsdXnxNVDtiVndA-OUnPO0CvK5OKA5VBcFb82gtWUYS9a7V8gdrJ8cL_OYfWaIdrokAQkWgIRWGMUVgQbGgkseLiHEEnetOunLW2lQXeU2SGDji0hpf2XL_5hWm5Co7g?key=8Do8AWxPAFyoti5A8Ykilw

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfJfoFBNuza-NCFcYDrXts3qol1wJk7cqdx-RGECAzVbzT4mzeqzpe420SHHqgtHrQXXLrVFj9S2IwfdSrANtjA-i2YuyqriBEdhyVv-NPCZOJ4DNZRfaUTN_CNmi4gQuhtS43Uew?key=8Do8AWxPAFyoti5A8Ykilw

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd5H7H6RJQ-5Pe0B3zRfQvaWNRKKYCh3t2n7S9KZkYHdVYzhsJjZEjBlS38L2yLsu6WOnGA7ZdIUw0t_XJ_G4VsAJvSWDMaCQ5BvKugQRZxeY2YCRDna-_M3GP1d7t9GzL2gWSuCw?key=8Do8AWxPAFyoti5A8Ykilw

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeCIsVNMkwVgAm0GbhlxurG2uIKYeVpy7nBnvGqvJ10de9vrt5oWD6uGo0qrMqwC64tJlf4rPWT2RLa4hvBjbWMnxqBhNfOGILgUHcchPCxbO6RHzR3zOggqyOEhqjv4w8EwaPU-g?key=8Do8AWxPAFyoti5A8Ykilw

Facebook Link Archived Link

তেনেকুৱা একাধিক পোষ্ট আপোনালোকে ইয়াত ইয়াত ইয়াত আৰু ইয়াত চাব পাৰিব।

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা ইউটিউৱ ভিডিঅ’ লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। 

আজিৰ পৰা তিনিবছৰ আগতে ২০২১ চনৰ ২০ চেপ্তেম্বৰত spencerhughes2255 নামৰ ইউটিউৱ চেনেলটোত F-35A Lightning II Demo 2021 Reno Air Races কেপছনেৰে আপলোড কৰা ২৪ মিনিট ৪৮ চেকেণ্ড দৈৰ্ঘ্যৰ এটা ভিডিঅ’ আমি পালোঁ,য’ত অসমৰ ফেচবুকত ভাইৰেল হৈ পৰা সেই দৃশ্যাংশ আমি দেখিলোঁ। দীঘল ভিডিঅ’টোৰ প্ৰথম দুই মিনিটৰ ভিতৰতেই আমি সেই দৃশ্যাংশ দেখিলোঁ। তাৰ পৰা আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো এতিয়াৰ নহয়, বৰং তিনিবছৰ পুৰণি। 

সেই ভিডিঅ’টোৰ আঁত ধৰি অনুসন্ধান কৰোতে আমি জানিব পাৰিলোঁ যে F-35A Lightning নামৰ সেই অত্যাধুনিক যুদ্ধবিমানখন উৰোৱা সেই মহিলা পাইলটগৰাকী হৈছে মেজৰ ক্ৰিষ্টিন উল্ফ। তেওঁ সেই বিমানখন উৰোৱা আন এক ভিডিঅ’ আপোনালোকে তলত চাব পাৰিব। 

অনুৰূপ ভিডিঅ’ এটা ইয়াতো চাব পাৰিব। 

অনুসন্ধানকালত আমি জানিব পাৰিলোঁ যে মেজৰ ক্ৰিষ্টিন উল্ফ হৈছে F-35A যুদ্ধ বিমানৰ প্ৰথমগৰাকী ডেমো টীম কামাণ্ডাৰ। সেই ভিডিঅ’ তলত চাব পাৰিব।

 

আমি মেজৰ ক্ৰিষ্টিন উল্ফৰ এটা সাক্ষাতকাৰো লাভ কৰিলোঁ। তলত চাব পাৰিব। 

এইসমুহ তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া ভাৰতীয় সেনাৰ মহিলা শীৰ্ষ বিষয়া ছ’ফিয়া কুৰেশ্বী বুলি দাবী কৰিছে, সেয়া আছলতে F-35A Lightning নামৰ যুদ্ধ বিমানখন উৰণৰ অনুশীলনৰত মেজৰ ক্ৰিষ্টিন উল্ফৰ এটা ভিডিঅ’ৰ অংশহে।  

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া ভাৰতীয় সেনাৰ মহিলা শীৰ্ষ বিষয়া ছ’ফিয়া কুৰেশ্বী বুলি দাবী কৰিছে, সেয়া আছলতে F-35A Lightning নামৰ যুদ্ধ বিমানখন উৰণৰ অনুশীলনৰত মেজৰ ক্ৰিষ্টিন উল্ফৰ এটা ভিডিঅ’ৰ অংশহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মেজৰ ক্ৰিষ্টিন উল্ফ নামৰ মহিলা যুদ্ধবিমান চালকৰ ভিডিঅ’ ছ’ফিয়া কুৰেশ্বীৰ বুলি প্ৰচাৰ কৰা হৈছে।

Written By: Pranjal Sharma  

Result: False