ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্য বুলি ভুৱা পোষ্ট ভাইৰেল।

False Social

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি ঘোষণা কৰিছে। তেওঁ সকীয়াই দিয়ে যে ভাৰতে ৰাছিয়াৰ তেল আৰু অস্ত্ৰ ক্ৰয়ৰ বাবেও জৰিমনাৰ সম্মুখীন হ’ব। এই পটভূমিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নামত এক ছ’চিয়েল মিডিয়া পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পোষ্টটোত লিখা আছে, “আমাৰ অৰ্থনীতি হোৱাইট হাউছৰ পৰা নচলে, তেল আহি থাকিব ৰাছিয়াৰ পৰা..

                                         ~বিদেশ মন্ত্রী এছ জয়শংকৰ

                         Wild fire 🔥🔥🔥”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

বিদেশ মন্ত্ৰী এছ জয়শংকৰে তেনে কোনো মন্তব্য কৰিছে নেকি সেয়া জানিবলৈ আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি পি আই বি ফেক্ট চেকৰ অফিচিয়েল এক্স হেণ্ডলত এই দাবীটো খণ্ডন কৰি ২০২৫ চনৰ ৪ আগষ্টত কৰা এটা টুইট পালোঁ।

পুনৰ অনুসন্ধান কৰি আমি “MEA FactCheck” নামৰ এক্স হেণ্ডলত, যিটো ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ অফিচিয়েল ফেক্ট চেক একাউণ্ট, যোৱা ৩ আগষ্টত কৰা এটা টুইট পালোঁ। টুইট অনুসৰি ভাইৰেল দাবীটো মিছা।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দাবীটো মিছা।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে “ভাৰতৰ অৰ্থনীতি হোৱাইট হাউচৰ পৰা নচলে আৰু তেল আহি থাকিব ৰাছিয়াৰ পৰা” বুলি কোৱা নাছিল। ভাৰতৰ বিদেশ মন্ত্ৰালয় আৰু পি আই বি ফেক্ট চেকৰ তৰফৰ পৰা এই দাবী খণ্ডন কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্য বুলি ভুৱা পোষ্ট ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *