বৃন্দাবনী বস্ত্ৰঃ ঐতিহ্য,সম্পদ আৰু অসমীয়াৰ আবেগ

Insight Social

প্ৰস্তাৱনাঃ

বৃন্দাবনী বস্ত্ৰ হৈছে অসমৰ ধৰ্ম–সাংস্কৃতিক ঐতিহ্যৰ এক অমূল্য সম্পদ। ই ১৬শ শতাব্দীৰ মহান বৈষ্ণৱ সন্ত শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ পথপ্ৰদৰ্শনতে জৰী শিল্পীদ্বাৰা নিৰ্মিত হৈছিল। বৃন্দাবনী বস্ত্ৰ বিশ্ববিখ্যাত এই কাৰণে যে ই কেৱল এখন কাপোৰ নহয়, ই শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলা–কাহিনীৰ চিত্ৰবস্ত্ৰ। এই লেখাত বৃন্দাবনী বস্ত্ৰ সম্পৰ্কত কিছু কথা সংক্ষেপতে লিখা হৈছে।

বৃন্দাবনী   বস্ত্ৰ কি?

বৃন্দাবনী বস্ত্ৰ হৈছে সুতী কাপোৰৰ ওপৰত সোণালী–ৰূপালী ৰঙৰ জৰীৰে বয়ন কৰা এটা অলংকৃত বস্ত্ৰ। ইয়াৰ ভিতৰত মূলতঃ শ্ৰীকৃষ্ণ আৰু গোপীগণ, বৃন্দাবনৰ দৃশ্য, ৰাসলীলা, গৰু–গাঁই, বাঁহীৰ সুৰ, যমুনাৰ তীৰ আদি বিষয়সমূহ বয়ন কৰি দেখুওৱা হৈছিল।

উৎপত্তি আৰু সৃষ্টি

একসৰণ নাম ধৰ্ম নৱবৈষ্ণৱী আন্দোলনৰ মূল ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিচালনাত এই বস্ত্ৰৰ সৃষ্টি হৈছিল। ইয়াক কোঁচ ৰজা নৰনাৰায়ণে পৃষ্ঠপোষকতা কৰিছিল। শংকৰদেৱৰ শিষ্য গোপাল (মথুৰাদাস বুঢ়া আটা)ৰ নেতৃত্বত শিপিনীসকলে এই বস্ত্ৰ বয়ন কৰিছিল। ইয়াৰ বয়ন সম্ভৱতঃ অসমৰ  বৰপেটাৰ তাঁতিকুচিত কৰা হৈছিল, ।

বিষয়বস্তু, প্ৰতীকবাদ আৰু বিশেষত্বঃ

চিত্ৰণ: এই বস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শৈশৱৰ দৃশ্য চিত্ৰিত কৰা হৈছে, য’ত বৃন্দাবনত তেওঁৰ “লীলা” (ঈশ্বৰীয় খেলা-ধূলা)ও আছে।

আখ্যান: এই বস্ত্ৰই শ্ৰীকৃষ্ণৰ লগত জড়িত আধ্যাত্মিক আৰু সাহিত্যিক পৰম্পৰাক একত্ৰিত কৰি দৃশ্যগত আখ্যান হিচাপে ধৰা দিয়ে।

কাৰুকাৰ্য্য: ইয়াৰ জটিল বয়ন কৌশল, স্পন্দনশীল ৰং, আৰু বিশদ কাৰুকাৰ্য্যৰ বাবে ই জনাজাত।

শঙ্কৰদেৱৰ শিল্প–সৃষ্টি:- বৃন্দাবনী   বস্ত্ৰ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম শ্রেষ্ঠ শিল্প উদাহৰণ। 

প্ৰাচীন বয়ন কলাৰ উৎকৃষ্ট নিদর্শন:- জৰী-শিল্প এতিয়া বিলুপ্তপ্ৰায়, কিন্তু বৃন্দাবনী বস্ত্ৰই সেই সময়ত অসমৰ বয়ন কুশলতাক জগতত চিনাকি কৰাইছিল।

ধৰ্ম–সংস্কৃতি–শিল্পৰ সমন্বয়:- ই কেৱল এক ধর্মীয় বস্ত্ৰ নহয়, ইয়াক সাংস্কৃতিক ইতিহাসৰ দলিলো বুলিব পাৰি।

আন্তর্জাতিক স্বীকৃতি:- বৃন্দাবনী বস্ত্ৰৰ কিছু অংশ বৰ্তমান বিশ্বৰ বিভিন্ন সংগ্ৰহালয়ত সংৰক্ষণ কৰা আছে।

বৃন্দাবনী বস্ত্ৰৰ ইতিহাসঃ

এক ধাৰণা মতে বৃন্দাবনী বস্ত্ৰ ১৬৫০–১৬৬০ চনৰ ভিতৰত অসমত বয়ন কৰা হৈছিল। ই ১২ মিটাৰৰো অধিক দীঘল আছিল,যাক কীৰ্তন–ঘোষাৰ সময়ত বা বৈষ্ণৱ ধৰ্মীয় আচাৰ–অনুষ্ঠানত ব্যৱহাৰ কৰা হৈছিল। পাছত বাণিজ্যিক লেন–দেন আৰু যুদ্ধ–সংঘৰ্ষৰ সময়ত ই অসমৰ পৰা গৈ বিদেশ পালেগৈ।

এতিয়া ক’ত আছে বৃন্দাবনী বস্ত্ৰ?

সম্প্ৰতি বৃন্দাবনী  বস্ত্ৰৰ কিছু কিছু অংশ লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম, ভিক্টোৰীয়া এণ্ড এলবাৰ্ট মিউজিয়াম, পেৰিচৰ সংগ্ৰহালয় ইত্যাদি বিভিন্ন আন্তর্জাতিক সংগ্ৰহালয়ত সংৰক্ষণ কৰা আছে।

বৃন্দাবনী বস্ত্ৰ অধ্যয়নৰ প্রয়োজন কিয় ?

১.অসমীয়াৰ শিল্প–ইতিহাস বুজিবলৈ

২.বৈষ্ণৱ সংস্কৃতিৰ মূল তত্ব বুজিবলৈ

৩.প্ৰাচীন বয়ন–কলাৰ সংৰক্ষণ কৰিবলৈ

৪.নতুন প্ৰজন্মৰ অসমীয়াক বৈভৱশালী ঐতিহ্যৰ বিষয়ে শিক্ষা দিবলৈ

ঐতিহাসিক যাত্ৰা আৰু বৰ্তমানৰ অৱস্থাঃ 

শেহতীয়াকৈ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ পৰা পবিত্ৰ বৃন্দাবনী বস্ত্ৰক অস্থায়ী প্ৰদৰ্শনীৰ বাবে ৰাজ্যলৈ ঘূৰাই অনাৰ নিৰ্দেশনা চূড়ান্ত কৰিবলৈ লণ্ডন ভ্ৰমণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণৰ ব্যৱস্থাৰে পবিত্ৰ বৃন্দাবনী বস্ত্ৰ ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে ব্ৰিটিছ মিউজিয়ামৰ সৈতে এক অভিপ্ৰায় পত্ৰত স্বাক্ষৰ কৰিছে।

এক্সত এটা টুইটত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অভিপ্ৰায় পত্ৰই অসমৰ কালজয়ী উত্তৰাধিকাৰৰ সৈতে সংযোগ সুদৃঢ় কৰে। “বৃন্দাবনী বস্ত্ৰ কেৱল বস্ত্ৰশিল্পই নহয়, ই অসমৰ চহকী আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আৰু দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ঋণৰ ব্যৱস্থাৰ অধীনত ইয়াক ঘৰলৈ ঘূৰাই অনাৰ বাবে লণ্ডন ব্ৰিটিছ মিউজিয়ামৰ সৈতে লেটাৰ অৱ ইনটেণ্টত স্বাক্ষৰ কৰাটোৱে এটা ৰঙা আখৰৰ মুহূৰ্তক চিহ্নিত কৰে যিয়ে অসমৰ কালজয়ী উত্তৰাধিকাৰৰ সৈতে আমাৰ সংযোগ শক্তিশালী কৰে। আমাৰ ভূমিৰ এক অমূল্য ঐতিহ্য।” সঁচাকৈয়ে য’ত আছে তালৈ উভতি যায়!” তেওঁ ক’লে।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই উদ্দেশ্য-পত্ৰ শ্বেয়াৰ কৰি লিখিছে, “ঘৰলৈ আহি আছে… ঋণৰ ব্যৱস্থাৰে পবিত্ৰ বৃন্দাবনী বস্ত্ৰখন অসমলৈ ঘূৰাই অনাৰ বাবে আমি ব্ৰিটিছ মিউজিয়ামৰ লগত চহী কৰা লেটাৰ অৱ ইনটেণ্টখন চাওকচোন।”

“ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে ৰাসলীলা পৰিবেশন কৰা জটিল বয়ন আৰু ঐশ্বৰিক মটিফেৰে বৃন্দাবনী বস্ত্ৰই অসমৰ অতুলনীয় কাৰুকাৰ্য্য আৰু আধ্যাত্মিক ঐতিহ্যক প্ৰতিফলিত কৰিছে। এই মাষ্টাৰপিছটো ঘৰলৈ অনাটো আমাৰ কালজয়ী সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। প্ৰজন্মই ইয়াৰ বিষয়ে কীৰ্তনত গাইছে, বহুতে ইয়াৰ বিষয়ে কাহিনী শুনিছে, পঢ়া হৈছে কিন্তু কেতিয়াও দেখা নাই।”  

অন্য এটা টুইটত তেওঁ অসমৰ প্ৰজন্মৰ পাছত প্ৰজন্মই এই সম্পদৰ কথা পঢ়াৰ কথা উল্লেখ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বৃন্দাবনী বস্ত্ৰ পুনৰুজ্জীৱিত কৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। “বৃন্দাবনী বস্ত্র ঘৰলৈ অনাৰ বাবে আমাক অনুপ্ৰাণিত কৰা পথ প্ৰদৰ্শনৰ বাবে মাননীয় শ্ৰী নৰেন্দ্ৰ মোডীদেৱলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ভগৱান শ্ৰীকৃষ্ণৰ দশাৱতাৰ আৰু তেওঁৰ শৈশৱৰ দৃশ্য চিত্ৰিত কৰা বস্ত্ৰখনক অসমীয়া ঐতিহ্য আৰু ভক্তিৰ বহুমূলীয়া প্ৰতীক হিচাপে গণ্য কৰা হয়। মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে সংগ্ৰহালয়ে ২০২৭ চনত ১৮ মাহৰ বাবে ইয়াক ঋণ হিচাপে দিবলৈ ইচ্ছুক।

উপসংহাৰ

বৃন্দাবনী   বস্ত্ৰ অসমীয়াৰ গৌৰৱ। শঙ্কৰদেৱ–মাধৱদেৱৰ আদৰ্শ, বৈষ্ণৱ ধৰ্ম–সংস্কৃতি, শিল্পকলাৰ সৌন্দৰ্য একেলগে গাঁথি থোৱা এই বস্ত্ৰ অসমীয়াৰ পৰিচয়ৰ প্রতীক। ইয়াক সংৰক্ষণ, অধ্যয়ন আৰু বিশ্বৰ আগত প্ৰতিষ্ঠা কৰাটো আমাৰ দায়িত্ব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বৃন্দাবনী বস্ত্ৰঃ ঐতিহ্য,সম্পদ আৰু অসমীয়াৰ আবেগ

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *