পাতনি
বেংকিং আৰু বীমাৰ পৰা আৰম্ভ কৰি ডাক সেৱা, কয়লা খনন, ঘাইপথ নিৰ্মাণ, আদি খণ্ডত নিয়োজিত ২৫ কোটিতকৈ অধিক শ্ৰমিকে ৯ জুলাই,২০২৫,বুধবাৰে দেশজুৰি সাধাৰণ ধৰ্মঘট কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত সমগ্ৰ দেশতে প্ৰায় সকলো সেৱাত ব্যাঘাত জন্মিব পাৰে।
এই ভাৰতবন্ধ কিয়?
১০টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগীসকলৰ এখন মঞ্চই চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী আৰু ৰাষ্ট্ৰীয় বিৰোধী তথা কৰ্পৰেট সমৰ্থক নীতিৰ বিৰোধিতা কৰিবলৈ সাধাৰণ ধৰ্মঘট বা ‘ভাৰত বন্ধ’ৰ আহ্বান জনাইছে। এক বিবৃতিত সেই মঞ্চই দেশজোৰা সাধাৰণ ধৰ্মঘটক এক বৃহৎ সফল কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰাৰ আহ্বান জনাইছে আৰু কৈছে যে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক/অসংগঠিত অৰ্থনীতিৰ সকলো খণ্ডৰ সংঘসমূহে আন্তৰিকতাৰে এই প্ৰস্তুতি গ্ৰহণ কৰিছে।
ইউনিয়নৰ মঞ্চই নিজৰ বিবৃতিত অভিযোগ উত্থাপন কৰিছে যে বিগত ১০ বছৰে চৰকাৰে বাৰ্ষিক শ্ৰমিক সন্মিলন অনুষ্ঠিত নকৰাৰ লগতে শ্ৰমিক শক্তিৰ স্বাৰ্থ উলংঘা কৰি সিদ্ধান্ত গ্ৰহণ কৰিয়েই আছে, সামূহিকভাবে দুৰ্বল কৰিবলৈ, ইউনিয়নৰ কাৰ্যকলাপ পংগু কৰিবলৈ আৰু ‘ব্যৱসায়ত সহজতা’ৰ নামত নিয়োগকৰ্তাক অনুকূল কৰি তুলিবলৈ চাৰিটা শ্ৰমিক সংহিতা জাপি দিয়াৰ চেষ্টা কৰিছে।
চৰকাৰে দেশৰ কল্যাণকামী ৰাষ্ট্ৰৰ মৰ্যাদা পৰিত্যাগ কৰি বিদেশী আৰু ভাৰতীয় কৰ্প’ৰেটৰ স্বাৰ্থত কাম কৰি আছে আৰু এই নীতিসমূহ চৰকাৰে এইদৰেই পালন কৰাটো স্পষ্ট হৈ আহিছে বুলি মঞ্চই কয়।
ট্ৰেড ইউনিয়নসমূহে “ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ৰাজহুৱা সেৱাসমূহৰ ব্যক্তিগতকৰণ, আউটচ’ৰ্চিং নীতি, ঠিকাদাৰীকৰণ আৰু কৰ্মশক্তিৰ কেজুৱেলাইজেচন”ৰ বিৰুদ্ধে যুঁজি আহিছে বুলি কোৱা হৈছে।
ভাৰতবন্ধৰ প্ৰভাৱ ক’ত ক’ত পৰিব?
১/ বেংকিং সেৱা
২/ ডাক সেৱা
৩/ কয়লা খনন আৰু কাৰখানা
৪/ ৰাজ্যিক পৰিবহণ সেৱা
৫) ৰাজহুৱা খণ্ডৰ ইউনিট আৰু চৰকাৰী বিভাগ
অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ তৰফৰ পৰা অমৰজীত কৌৰে কয় যে কৃষক তথা গ্ৰাম্য শ্ৰমিকসকলেও দেশজুৰি কৰা এই প্ৰতিবাদত যোগদান কৰিব।
খোলা থাকিব নে স্কুল, কলেজ?
এই ধৰ্মঘটৰ বাবে বেংকিং, ডাক, কয়লা খনন, কাৰখানা, ৰাজ্যিক পৰিবহণ সেৱা প্ৰভাৱিত হ’ব বুলি হিন্দ মাজদুৰ সভাৰ পৰা হৰভজন সিং সিদ্ধুৰ উদ্ধৃতি দি পিটিআইয়ে বাতৰি প্ৰকাশ কৰিছে। তদুপৰি বেংক কৰ্মচাৰীৰ এটা সংস্থাই সোমবাৰে কয় যে মঙলবাৰে বেংকিং খণ্ডই ভাৰত বন্ধত যোগদান কৰিব। অল ইণ্ডিয়া বেংক এম্প্লয়িজ এছ’চিয়েশ্যনৰ সৈতে জড়িত বংগ প্ৰভিন্সিয়েল বেংক এম্প্লয়িজ এছ’চিয়েশ্যনে কয় যে বীমা খণ্ডইও এই ধৰ্মঘটত যোগদান কৰিব। ৯ জুলাই, মঙলবাৰে ২৭ লাখৰো অধিক বিদ্যুৎ কৰ্মীয়ে ভাৰত বন্ধ পালন কৰাৰ বাবে দেশৰ বিদ্যুৎ যোগান প্ৰভাৱিত হ’ব পাৰে। ৯ জুলাইত ভাৰত বন্ধৰ বাবে ৰাজ্যসমূহে এতিয়াও বিদ্যালয়-মহাবিদ্যালয়ৰ বাবে কোনো ধৰণৰ ছুটীৰ অধিসূচনা জাৰি কৰা নাই আৰু সেইবোৰ খোলা থকাৰ সম্ভাৱনা আছে। অৱশ্যে সৰহ সংখ্যক শৈক্ষিক অনুষ্ঠানতেই বৰ্তমান গ্ৰীষ্মকালীন বন্ধ চলি আছে।
শ্ৰমিকসকলৰ সন্মিলীত মঞ্চই কি কি উদ্বেগ উত্থাপন কৰিছে?
ইতিমধ্যেই উল্লেখ কৰিছোঁ যে বিগত ১০ বছৰে আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে বাৰ্ষিক শ্ৰমিক সন্মিলন অনুষ্ঠিত নকৰাৰ লগতে শ্ৰমিক শক্তিৰ স্বাৰ্থ উলংঘা কৰি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা, ইউনিয়নৰ কাৰ্যকলাপক পংগু কৰিবলৈ চেষ্টা কৰা আৰু ‘ব্যৱসায়িক সুবিধা’ৰ নামত নিয়োগকৰ্তাসকলৰ অনুকূলে চাৰিটাকৈ শ্ৰমিক সংহিতা জাপি দিয়াৰ চেষ্টা অব্যাহত ৰখা বুলি অভিযোগ উত্থাপন কৰিছে।
চৰকাৰৰ অৰ্থনৈতিক নীতিৰ ফলত অধিক নিবনুৱা সমস্যা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, মজুৰিৰ ক্ষেত্ৰত ব্যৱহাৰিক হতাশা, শিক্ষা, স্বাস্থ্য, মৌলিক নাগৰিক সুবিধাসমূহৰ ক্ষেত্ৰত সামাজিক খণ্ডৰ ব্যয় কৰ্তন আৰু এই সকলোবোৰৰ ফলত দৰিদ্ৰ, নিম্ন আয়ৰ গোটৰ লোকৰ লগতে মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে অধিক বৈষম্য আৰু দুৰ্দশাৰ সৃষ্টি হোৱা বুলিও মঞ্চই অভিযোগ কৰে।
ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে চৰকাৰী বিভাগসমূহত যুৱক-যুৱতীসকলক নিয়মীয়াকৈ নিযুক্তি দিয়াৰ পৰিৱৰ্তে অৱসৰ লোৱাসকলক নিযুক্তি দিয়াৰ নীতিয়ে ৰে’লৱে, এনএমডিচি লিমিটেড, তীখা খণ্ড, আদিত দেশখনৰ আয় বৃদ্ধিৰ ক্ষতিকাৰক হৈছে। কাৰণ দেশৰ ৬৫ শতাংশ জনসংখ্যা ৩৫ বছৰৰ তলৰ আৰু নিবনুৱাৰ সংখ্যা ২০ৰ পৰা সৰ্বাধিক ২৫ বছৰ ভিতৰত।
অসমত ইয়াৰ প্ৰভাৱ
সমগ্ৰ অসমৰ মটৰ পৰিবহণ কৰ্মীসকলে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ৰাষ্ট্ৰীয় ফেডাৰেচনে আৰম্ভ কৰা দেশজোৰা সাধাৰণ ধৰ্মঘটত যোগদান কৰি অহা ৯ জুলাইৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া ‘চকা বন্ধ’ৰ আহ্বান জনাইছে। কেন্দ্ৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ প্ৰতিবাদৰ লক্ষ্যৰে এই ধৰ্মঘট পালন কৰা হ’ব। বন্ধৰ সময়ত বাছ, টেক্সি, আৰু অন্যান্য বাহনকে ধৰি সাধাৰণ পৰিবহণ সেৱা বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে। ফলত সমগ্ৰ ৰাজ্যৰ দৈনন্দিন জীৱনত প্ৰভাৱ পৰিব। উত্থাপন কৰা এটা মূল বিষয় হৈছে মটৰ গাড়ী (সংশোধনী) আইন, ২০১৯, য’ত যান-বাহন উলংঘাৰ বাবে গধুৰ শাস্তি প্ৰৱৰ্তন কৰা হৈছিল। ইউনিয়নসমূহে কয় যে এই “অমানৱীয়” জৰিমনাই বহু চালকক বৃত্তি এৰিবলৈ বাদ্য কৰিছে।
আন এটা ডাঙৰ চিন্তা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ ১০৬(২) দফা—যাক “হিট এণ্ড ৰাণ এক্ট” বুলি অভিহিত কৰা হৈছে। এই দফাই চালকৰ ওপৰত অন্যায় অপৰাধমূলক দায়বদ্ধতা জাপি দিয়ে বুলি সংঘসমূহে যুক্তি আগবঢ়ায়ছে। প্ৰত্যাহাৰৰ আশ্বাস দিয়াৰ পাছতো তেওঁলোকে দাবী কৰে যে এই দফা এতিয়াও বলবৎ হৈ আছে।
ইউনিয়নসমূহে পেঞ্চন, চিকিৎসা, শিক্ষাৰ সহায়কে ধৰি সামাজিক সুৰক্ষাৰ সুবিধাৰ দীৰ্ঘদিনীয়া দাবীৰ ওপৰতো আলোকপাত কৰিছে। সেইবোৰ এতিয়াও পূৰণ নোহোৱাকৈয়ে আছে। তেওঁলোকে চৰকাৰে কৰ্পৰেটৰ স্বাৰ্থ লাভৰ বাবে ৰাজহুৱা পৰিবহণ ভাঙি পেলোৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে ন্যায়, জীৱিকা, আৰু মৰ্যাদাৰ বাবে থিয় দি এই বন্ধ আহ্বান কৰা হৈছে। সমগ্ৰ অসমৰ জনসাধাৰণক পৰিবহণ আৰু অন্যান্য শ্ৰমিক শ্ৰেণীৰ জনগোষ্ঠীৰ সৈতে সংহতিৰে এই ধৰ্মঘটৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াবলৈ তেওঁলোকৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।
ৰাজধানী মহানগৰী গুৱাহাটীত ইয়াৰ প্ৰভাৱ
সোমবাৰে গুৱাহাটীত এখন সংবাদ সভা অনুষ্ঠিত হয় য’ত বিভিন্ন পৰিবহণ সংঘই ধৰ্মঘটৰ প্ৰতি সমৰ্থন আগবঢ়ায়। অংশগ্ৰহণকাৰী সংস্থাসমূহৰ ভিতৰত আছিল সদৌ গুৱাহাটী পৰ্যটক টেক্সি চালক সংঘ, সাত ৰাজ্যিক কেব অপাৰেটৰ সংঘ, বৃহত্তৰ গুৱাহাটী পৰ্যটক মেক্সি কেব চালক সংঘ, গুৱাহাটী পৰ্যটক টেক্সি সন্থা, অসম পৰ্যটক টেক্সি চালক সংঘ, গুৱাহাটী ৰেলৱে টেক্সি চালক সংঘ, সদৌ গুৱাহাটী অটো ৰিক্সা চালক সংঘ, আৰু সদৌ অসম ই-ৰিক্সা চালক সংঘ।
তেওঁলোকৰ মূল দাবীসমূহৰ ভিতৰত আছে তেওঁলোকে চালক বিৰোধী বুলি অভিহিত কৰা মটৰ গাড়ী (সংশোধনী) আইন ২০১৯ শীঘ্ৰে প্ৰত্যাহাৰ কৰা আৰু ভাৰতীয় নাগৰিক সংহিতাৰ (বিএনএছ) অনুচ্ছেদ ১০৬(২)ৰ অধীনত “হিট এণ্ড ৰান” দফা বাতিল কৰা। ৰাজ্য চৰকাৰে পূৰ্বে ঘোষণা কৰা অসম মটৰ পৰিবহণ শ্ৰমিকৰ সামাজিক সুৰক্ষা কাৰ্যসূচী ৰূপায়ণৰ বাবেও হেঁচা প্ৰয়োগ কৰে। তদুপৰি ইউনিয়নসমূহে উত্থাপন কৰা আন দাবীসমূহৰ ভিতৰত আছে ফটো ফাইন ব্যৱস্থা তৎকালীনভাৱে বন্ধ কৰা, প্ৰদূষণৰ প্ৰমাণপত্ৰ আৰু অন্যান্য বাহনৰ নথি-পত্ৰৰ সৈতে জড়িত জটিলতাসমূহ লাঘৱ কৰা আৰু কল্যাণমূলক সুবিধাসমূহৰ ব্যৱস্থা কৰা। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে প্ৰতি ৬০ কিলোমিটাৰৰ ব্যৱধানত বিশুদ্ধ খোৱাপানী, কম খৰচী কেণ্টিন, শৌচাগাৰ, বাণিজ্যিক পৰিবহণ কৰ্মীৰ বাবে শৌচাগাৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে। ইউনিয়নসমূহে আৰু অধিক দাবী জনাই ব্যৱসায়িক বাহনৰ সলনি ব্যক্তিগত বাহনে যাত্ৰী কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পৰিবহণ শ্ৰমিকৰ ওপৰত হাৰাশাস্তি আৰু দুৰ্ব্যৱহাৰ বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়। এই সভাৰ জৰিয়তে দেশজুৰি পালন কৰিবলগীয়া এই ধৰ্মঘটৰ প্ৰভাৱ গুৱাহাটীতো পৰিব বুলি জনোৱা হৈছে।
অসমত বেংকিং আৰু অন্য ক্ষেত্ৰৰ সহযোগিতা
২০২৫ চনৰ ৯ জুলাইত অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘটৰ বাবে সমৰ্থন সংগ্ৰহৰ উদ্দেশ্যে ১ জুলাইত গুৱাহাটীত অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সন্থাৰ সাধাৰণ গণ সভা অনুষ্ঠিত হয়। সভাত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ অসম ইউনিটৰ সাধাৰণ সম্পাদক ৰমেন দাসে ভাষণ প্ৰদান কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এপিবিইএৰ সাধাৰণ সম্পাদক গৌৰৱ শৰ্মাই চৰকাৰে ৰূপায়ণ কৰা চাৰিটা নতুন শ্ৰম সংহিতাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। শৰ্মাই কয়, “এই সংহিতাসমূহ শ্ৰমিক বিৰোধী আৰু ইয়াৰ ফলত নিবনুৱা সমস্যা অধিক হ’ব, এই নীতিৰ জৰিয়তে চাকৰিৰ সুৰক্ষা আঁতৰোৱা হ’ব, আৰু কৰ্মচাৰীসকলৰ ন্যায্য কৰ্ম পৰিস্থিতিৰ আলোচনা কৰাৰ ক্ষমতাত বাধা আৰোপ কৰা হ’ব।”
৯ জুলাইৰ এই ধৰ্মঘটত বেংকিং খণ্ডৰ বাহিৰেও ব্যাপক অংশগ্ৰহণৰ সম্ভাৱনা আছে, ৰে’লৱে, এল আই চি, জি আই চি, আৰু অন্যান্য বিভিন্ন ৰাজহুৱা খণ্ডৰ সেৱাৰ শ্ৰমিকসকলে যোগদান কৰিব।কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু খণ্ড নিৰ্দিষ্ট ফেডাৰেচনসমূহে সমগ্ৰ দেশতে যৌথ প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰচেষ্টাসমূহৰ সমন্বয় সাধন কৰিছে। সাধাৰণ ধৰ্মঘটৰ মূল দাবীসমূহৰ ভিতৰত আছে ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা কোম্পানীসমূহক শক্তিশালী কৰা, বেংক আৰু এল আই চিৰ ব্যক্তিগতকৰণ আৰু বিনিয়োগ বন্ধ কৰা, ৰাজহুৱা খণ্ডৰ বেংকসমূহত পৰ্যাপ্ত নিযুক্তি নিশ্চিত কৰা। প্ৰতিবাদকাৰী এই সংঘই আউটচ’ৰ্চিং আৰু ঠিকাভিত্তিক নিয়োগ প্ৰথা বন্ধ কৰাৰ বাবেও আহ্বান জনাইছে। নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ সংস্থাপনৰ দাবী জনাইছে। ইয়াৰ উপৰিও তেওঁলোকে চৰকাৰক কৰ্পৰেট ডিফল্টাৰৰ পৰা নন-পাৰফৰ্মিং ঋণ আদায় কৰিবলৈ, নিয়মীয়া বেংকিং গ্ৰাহকৰ উচ্চ হাৰৰ ছাৰ্ভিছ ছাৰ্জ হ্ৰাস কৰিবলৈ, প্ৰস্তাৱিত শ্ৰমিক সংহিতা প্ৰত্যাহাৰ কৰিবলৈ, আৰু সামূহিক দৰদামৰ নীতি ৰক্ষা কৰাৰ লগতে ট্ৰেড ইউনিয়নৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। অল ইণ্ডিয়া বেংক কৰ্মচাৰী সন্থাইও এই ধৰ্মঘটলৈ সমৰ্থন আগবঢ়াইছে। পৰ্যাপ্ত পৰামৰ্শ অবিহনে শ্ৰম সংস্কাৰ প্ৰণয়ন কৰা বুলি চৰকাৰক সমালোচনা কৰি সংগঠনসমূহে নতুন আইনসমূহে চাকৰিৰ সুৰক্ষা বিপন্ন কৰাৰ লগতে বিভিন্ন খণ্ডৰ কৰ্ম পৰিস্থিতিৰ অৱনতি ঘটা বুলি সকীয়াই দিছে।
উপসংহাৰ
সৰ্বশেষত এটা কথা উল্লেখ কৰিব পাৰি যে ৯ জুলাইৰ এই ধৰ্মঘটৰ প্ৰতি বিভিন্ন সংগঠনৰ সমৰ্থন আছে যদিও সামগ্ৰিকভাৱে বিগত প্ৰায় এটা দশকত দেশত বা আমাৰ ৰাজ্যত বন্ধ, চকা বন্ধ আদি কাৰ্যসূচী সৰ্বাত্মকভাৱে ৰূপায়িত হোৱা নাই। পূৰ্বৰ দৰে দল সংগঠনে সঘনাই বন্ধৰ আহ্বান জনোৱা নাই। সৰ্বসাধাৰণ নাগৰিক এইধৰণৰ বন্ধৰ সৈতে বিগত এটা দশক ধৰি সহবাস কৰা নাই। গতিকে এইবেলি এই বন্ধই ৰাইজৰ ওপৰত কিমান প্ৰভাৱ পেলায়, সেয়া সন্দেহৰ আৱৰ্তত। বিভিন্ন সংস্থা, সংঘ, সংগঠন আদিয়ে বন্ধ পালন কৰিব যিহেতু ব্যৱসায়িক বা ব্যৱহাৰিক কৰ্ম ব্যাহত হোৱাটো নিশ্চিত। কিন্তু চকা বন্ধৰ দৰে কাৰ্যসূচীত সাধাৰণ ৰাইজে সহযোগ কৰিবনে নাই, সেই কথা এতিয়াই কৈ দিব পৰা নাযায়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:১৯ জুলাইৰ ভাৰতবন্ধ আৰু অসমৰ চকা বন্ধঃ এক আলোচনা।
Fact Check By: Pranjal SharmaResult: Insight
