প্ৰস্তাৱনা
শেহতীয়াকৈ দিল্লীত চৰকাৰ সলনি হোৱাৰ পাছত একাধিক বিষয়ে অভিযোগ-প্ৰতি অভিযোগৰ ৰূপ লৈ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত ব্যাপক ৰূপত আলোচিত হৈছে। বিশেষকৈ নৱ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক কেন্দ্ৰ কৰি আনকি ভুৱা প্ৰচাৰো দেখা গৈছে। যোৱা ২৬ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এই বিষয়ত পোষ্ট কৰা দেখা গৈছে। লিখিছেঃ ক্ষমতা পায়েই বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আঁতৰালে অম্বেদকাৰ আৰু ভগৎ সিঙৰ ছবি..!? বি:দ্ৰ: RSS নেতাই শ্বহীদ ভগৎ সিংৰ বিৰুদ্ধে সাক্ষী দিয়াৰ ফলত বৃটিছ চৰকাৰে ভগৎ সিংক ফাঁচী দিয়াৰ সুবিধা পাইছিল । পোষ্টটোত দুখন ফটোৰে এখন ক’লাজ ব্যৱহাৰ কৰা হৈছে। তাত পূৰ্বৰ মুখ্যমন্ত্ৰী অতিশী মাৰ্লেনাৰ কাৰ্যকালৰ এখন ফটো আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ কাৰ্যালয়ৰ এখন ফটো আছে।
মূল বিষয়টো
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আতিশী মাৰ্লেনাকে ধৰি আপৰ নেতাসকলে অভিযোগ উত্থাপন কৰিছিল যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বি.আৰ. আম্বেদকাৰ আৰু শ্বহীদ ভগত সিঙৰ প্ৰতিকৃতি আঁতৰাই দিয়া হৈছে। পাছলৈ বিজেপিয়ে এই দাবীসমূহ খাৰিজ কৰি শেহতীয়া বিধানসভা নিৰ্বাচনত দলিত আৰু শিখ ভোটাৰৰ মাজত নিজৰ দুৰ্বল প্ৰদৰ্শন ঢাকিবলৈ আপে মিছা কথা প্ৰচাৰ কৰাৰ অভিযোগ কৰে। মুখ্যমন্ত্রী কার্যালয়ৰ পৰা এই নেতাসকলৰ প্রতিকৃতি আঁতৰোৱাৰ সন্দর্ভত ভুৱা বক্তব্য দিয়াৰ অভিযোগত আতিশী মাৰ্লেনাৰ পৰা বিজেপিয়ে ক্ষমাৰো দাবী কৰে৷
কেজৰিৱালে এক্সত লিখিছে, ‘দিল্লীৰ নতুন বিজেপি চৰকাৰে বাবা চাহেবৰ ফটো আঁতৰাই প্ৰধানমন্ত্ৰী মোডীৰ ফটো লগাই দিলে। এইটো ঠিক নহয়। ইয়াৰ ফলত বাবা চাহেবৰ লাখ লাখ অনুগামীয়ে আঘাত পাইছে। বিজেপিলৈ মোৰ এটা অনুৰোধ আছে। আপুনি প্ৰধানমন্ত্ৰীৰ ফটো দিব পাৰে কিন্তু বাবা চাহাবৰ ফটোখন আঁতৰাই নিদিব। তেওঁৰ ফটো তাতেই থাকিব দিয়ক।”
আনফালে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সছদেৱে মিছা প্ৰচাৰ কৰা বুলি আপৰ নেতাসকলক গৰিহণা দি নিৰ্বাচনত দলৰ পৰাজয়ৰ পাছতো অসৎ আচৰণ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘যোৱা বিধানসভা নিৰ্বাচনত শিখ সংখ্যাগৰিষ্ঠ আৰু দলিত জনবসতিপূৰ্ণ সমষ্টিত আপ পৰাজিত হৈছিল। এই ক্ষতিত হতাশ হৈ আতিশীয়ে বিধানসভা চৌহদৰ পৰা মিছা কথা বিয়পোৱাৰ চেষ্টা কৰিছে।” মহান নেতাসকলৰ প্ৰতিকৃতি ওলমি থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফটো শ্বেয়াৰ কৰি সছদেৱে আপ নেতাৰ আচৰণক গৰিহণা দি ইয়াক লজ্জাজনক বুলি অভিহিত কৰে। দিল্লী বিজেপিৰ তৰফৰ পৰা এই সম্পৰ্কত টুইট কৰি এই অভিযোগ নস্যাত কৰে।
আম্বেদকাৰ, ভগত সিঙৰৰ প্ৰতিকৃতিক লৈ সদনত হুলস্থুল
যোৱা সোমবাৰৰ পৰা দিল্লীৰ নৱগঠিত বিধানসভাৰ প্ৰথমখন অধিৱেশন উত্তাল শ্লোগানেৰে আৰম্ভ হয়। বিৰোধী আৰু শাসকীয় দলৰ মাজত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ভগত সিং আৰু বি.আৰ. আম্বেদকাৰৰ প্ৰতিকৃতি আঁতৰোৱা প্ৰসংগটোক লৈ উত্তপ্ত মন্তব্যৰ আদান-প্ৰদানৰ ফলত সদন চমুকৈ স্থগিত ৰখা হয়।
বিৰোধী দল আপে অভিযোগ কৰে যে বিজেপিয়ে প্ৰতিকৃতি আঁতৰাই “দলিত বিৰোধী” মানসিকতা প্ৰদৰ্শন কৰিছে। ইয়াৰ বিপৰীতে শাসকীয় দল বিজেপিয়ে এনে যিকোনো কাৰ্যকেই অস্বীকাৰ কৰে। ইয়াৰ পূৰ্বে লেফটেনেণ্ট গভৰ্ণৰ ভি. কে. ছাক্সেনাই অৰবিন্দৰ সিং লাভলীক প্ৰ’টেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰোৱায় আৰু তাৰ পাছত তেওঁ নৱনিৰ্বাচিত বিধায়কসকলক শপত গ্ৰহণ কৰোৱায়।
পুৱা সদনৰ বৈঠকত বিৰোধী দলপতি আতিশী মাৰ্লেনাৰ নেতৃত্বত আপৰ বিধায়কসকলে প’ৰ্ট্ৰেইটসমূহ শীঘ্ৰে পুনৰ সংস্থাপনৰ দাবীত শ্ল’গান দিয়ে। অধ্যক্ষ বিজেন্দৰ গুপ্তাই তেওঁলোকৰ এই আচৰণক সমালোচনা কৰি কয়, ‘বিৰোধীয়ে দায়িত্বহীন আচৰণ কৰিছে। মই বিৰোধী সদস্যসকলক নিজৰ আসন গ্ৰহণ কৰি সদন কাৰ্যক্ষম হ’বলৈ সুবিধা দিবলৈ আহ্বান জনাইছো।”
দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সছদেৱে স্পষ্ট কৰি দিয়ে যে শ্ৰদ্ধাৰ নেতাসকলৰ প্ৰতিকৃতি মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য কাৰ্যালয়ত প্ৰদৰ্শিত হৈয়েই আছে।
ৰেখা গুপ্তাই দিলে প্ৰমাণ
এই বিতৰ্কৰ পাছত দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে নিজৰ কাৰ্যালয়ৰ ভিতৰৰ দৃশ্য কেমেৰাত বন্দী কৰি সেই দৃশ্য ৰাজহুৱা কৰে। সেই দৃশ্যত দেখা যায় যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মহাত্মা গন্ধী, নৰেন্দ্ৰ মোদী, দ্ৰৌপদী মুৰ্মূ আদিৰ লগতে বি.আৰ.আম্বেদকাৰৰ লগতে ভগত সিঙৰ ফটোও দেৱালত ওলোমাই থোৱা আছে। প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াই এক্সত এটা টুইট কৰি সেই ভিডিঅ’টো আপলোড কৰে। তাত লিখা গৈছেঃ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সোমবাৰে দিল্লী বিধানসভাত থকা তেওঁৰ কাৰ্যালয়ৰ ভিতৰৰ অংশ বন্দী কৰিবলৈ কেমেৰাৰ অনুমতি লাভ কৰি বিৰোধী দলপতি আতিশীয়ে বাবাছাহেব ভীমৰাও আম্বেদকাৰ আৰু ভগত সিঙৰ প্ৰতিকৃতি তাৰ পৰা আঁতৰাই দিয়া বুলি কৰা দাবীক অসত্য বুলি প্ৰমাণ কৰে।
উপসংহাৰ
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়নত স্পষ্ট হৈ পৰিছে যে বিজেপিয়ে চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বি.আৰ.আম্বেদকাৰ আৰু ভগত সিঙৰ প্ৰতিকৃতি আঁতৰাই পেলোৱা বুলি অভিযোগ উত্থাপন কৰে যদিও পৰৱৰ্তী সময়ত বিজেপিয়ে সেই অভিযোগ সজোৰে খণ্ডন কৰে আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ দৃশ্য কেমেৰাত বন্দী কৰে দেখুৱায় যে প্ৰতিকৃতিসমুহ আঁতাৰই পেলোৱা হোৱা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বিজেপিয়ে দিল্লীৰ শাসনভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আম্বেদকাৰ আৰু ভগত সিঙৰ প্ৰতিকৃতি আঁতৰাই পেলোৱা প্ৰসংগত এক বিৱৰণাত্মক আলোচনা।
Fact Check By: Pranjal SharmaResult: Insight
