অসম চৰকাৰে ঘোষণা কৰিলে আৰু ১০খন উপ-জিলাঃ এক আলোচনা

Insight
https://lh7-rt.googleusercontent.com/docsz/AD_4nXekVS5PAwcGjY9Pn7xxwzp0zB1v1Dig2YuILkfDhG_hAVQ56lPLJqVb5nVfkcV-HWyYYAATpJ3kVADcsscd6M1UBmfqtn70rWm1HyqLYwIie_WOtYZwZ2jJH_vnzg3MikbQO0cM?key=KYC8Z5vBLpibfVXanag8GA

প্ৰস্তাৱনা 

অসমত নতুনকৈ ১০খন উপ-জিলা গঠন হ’ব, যাৰ ফলত ৰাজ্যত এনে প্ৰশাসনিক ব্লকৰ মুঠ সংখ্যা ৪৯টা হ’ব । এই ঘোষণা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰা গৈছে। ভূমি ৰাজহৰ বিষয়, উন্নয়নমূলক কাম, কল্যাণমূলক আঁচনি, দণ্ডাধীশৰ কাম, খাদ্য আৰু অসামৰিক যোগান, প্ৰশাসনিক বিষয়, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত উপ-জিলাসমূহৰ অধিকাৰ থাকিব।

উপ-জিলা মানে কি?

“উপ-জিলা” (co-district) হৈছে জিলাৰ অধীনত থকা একোখন জিলা, যাক “Additional District Commissioner” (ADC)ৰ সলনি “Co-District Commissioner” (CDC) বা “সম-জিলা আয়ুক্ত”ই পৰিচালনা কৰিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে শাসন-প্ৰশাসনক আৰু অধিক স্থানীয় তথা  নাগৰিকৰ মাজলৈ নিয়া ।

উপ-জিলাৰ গুৰুত্ব

প্ৰশাসনিক সুবিধাঃ স্থানীয় স্তৰত দ্ৰুত সিদ্ধান্ত ল’ব পৰা যাব।  

উন্নয়নমূলক কামঃ  নতুন উপ-জিলাই স্থানীয় প্ৰকল্পসমূহক গতি প্ৰদান কৰিব।  

ৰাজহুৱা সেৱাঃ  চিকিৎসা, শিক্ষা, যাতায়াত আদিৰ সুবিধা উন্নত হ’ব।  

ইয়াৰ উদ্দেশ্য আৰু লাভালাভ কি?

ইয়াৰ ফলত ভূমি-ৰাজহ, উন্নয়ন, কল্যাণ, খাদ্য-বিতৰণ, দুৰ্যাগ ব্যৱস্থাপন ইত্যাদি সেৱা নিকটতম স্থানতেই প্ৰাপ্ত হব। যিকোনা চৰকাৰী কামৰ বাবে সদৰ জিলা কাৰ্যালয়লৈ যাব নালাগে। স্থানীয় উপ-জিলা কাৰ্যালয়তেই অধিক কার্যক্ষমতা আৰু সুকীয়া সেৱা দিয়া হ’ব। “সৰ্বনিম্ন চৰকাৰ, সৰ্বাধিক শাসন” (minimum government, maximum governance)—এই মূলমন্ত্র অনুসৰি শাসন ব্যৱস্থা অধিক ক্ষীপ্ৰ আৰু নাগৰিক-অনুকুল হব বুলি ধৰা হৈছে । এই পদক্ষেপে অসম চৰকাৰৰ শাসনক অধিক জন-নিয়োজিত, সহজগম্য আৰু দ্রুততৰ কৰিবলৈ আগবাঢ়িছে।

মুখ্যমন্ত্ৰীৰ যোষণা আৰু কাৰ্যকৰীকৰণ

ইয়াৰে আঠখন উপ-জিলা যোৱা ১২ আগষ্ট, ২০২৫,মঙলবাৰে  আৰু দুখন ১৩ আগষ্ট, ২০২৫,বুধবাৰে উদ্বোধন কৰা হয়। বাকী থকা উপ-জিলাকেইখন ১৫ আগষ্ট,২০২৫ত উদ্বোধন কৰা হ’ব। ১০খন উপ-জিলা উদ্বোধনৰ লগে লগে অসম চৰকাৰে তৃণমূল পৰ্যায়ত শাসন ব্যৱস্থা বৃদ্ধিৰ দিশত আৰু এখোজ আগবঢ়াইছে।’- বুলি এক্সত টুইট কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়।

মুখ্যমন্ত্ৰীৰ মতে এই পদক্ষেপৰ লক্ষ্য হৈছে অত্যাৱশ্যকীয় সেৱাসমূহ নাগৰিকৰ আৰু অধিক ওচৰলৈ অনা, প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰা আৰু জনকল্যাণ প্ৰদান ব্যৱস্থা শক্তিশালী কৰা। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত যোৱা বছৰৰ ৪ আৰু ৫ অক্টোবৰত ৩৯খন উপ-জিলা উদ্বোধন কৰা হৈছিল। ভূমি ৰাজহৰ বিষয়, উন্নয়নমূলক কাম, কল্যাণমূলক আঁচনি, দণ্ডাধীশৰ কাম, খাদ্য আৰু অসামৰিক যোগান, প্ৰশাসনিক বিষয়, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত বিভিন্ন ক্ষমতা উপ-জিলাসমূহৰ আছে।

১০ খন নতুন উপ-জিলা কি কি?

অসম চৰকাৰে জনসেৱা উন্নীত কৰাৰ উদ্দেশ্যেৰে তলত এই ১০ খন উপ-জিলা ১৫ আগষ্ট ২০২৫ লৈ কাৰ্যকৰী হ’ব বুলি ঘোষণা কৰিছে। এই নতুন উপ-জিলাসমূহ কামৰূপ,শোণিতপুৰ,যোৰহাট,তিনিচুকীয়া,কাছাৰ আৰু গোৱালপাৰা জিলাৰ পৰা সৃষ্টি কৰা হৈছে। ।কামৰূপ জিলাৰ বকো-ছয়গাঁও আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙাপাৰা, যোৰহাটৰ মৰিয়নী আৰু টীয়ক, তিনিচুকীয়াত মাকুম আৰু ডিগবৈ, কাছাৰত ঢলাই আৰু গোৱালপাৰাৰ দুধনৈ।

উপ-জিলা জিলাৰ নাম সদৰ কাৰ্যালয়

১. বকো-ছয়গাঁও কামৰূপ বকো

২. পলাশবাৰী কামৰূপ মিৰ্জা

৩. ৰঙাপাৰা শোণিতপুৰ ৰঙাপাৰা

৪. বৰছলা শোণিতপুৰ ঠেলামৰা

৫. মৰিয়নী যোৰহাট শুকানজনিয়া

৬. টীয়ক যোৰহাট কেন্দুগুৰী

৭. মাকুম তিনিচুকীয়া মাকুম

৮.ডিগবৈ তিনিচুকীয়া পাণবাৰী ৰোড

৯.  ঢলাই কাছাৰ ঢলাই বাজাৰ

১০. দুধনৈ গোৱালপাৰা দুধনৈ

ইয়াৰ পূৰ্বৰ শেহতীয়া উপ-জিলাসমূহ 

ইতিপূৰ্বে অসম চৰকাৰে ১০ খন নতুন উপ-জিলা (Co-District) ঘোষণা কৰিছিল। এই উপ-জিলাবোৰ প্ৰধান জিলাৰ পৰা কিছুমান নতুন প্রশাসনিক একক হিচাপে গঠন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হ’ল প্ৰশাসনিক কার্যক্ষমতা উন্নত কৰা, উন্নয়নমূলক কাম-কাজ বেছি গতিশীল কৰা আৰু স্থানীয় সমস্যাসমূহৰ সমাধান সহজলভ্য কৰা। সেই ১০ খন উপ-জিলা আছিল ক্ৰমেঃ   

১. বিশ্বনাথ (উপ-জিলা) – শোণিতপুৰ জিলাৰ অন্তৰ্গত  

২. হোজাই (উপ-জিলা) – কাৰ্বি আংলং জিলাৰ অন্তৰ্গত  

৩. বাজালী (উপ-জিলা) – বৰপেটা জিলাৰ অন্তৰ্গত  

৪. তামুলপুৰ (উপ-জিলা) – ওদালগুৰি জিলাৰ অন্তৰ্গত  

৫. মৰিগাঁও (উপ-জিলা) – মৰিগাঁও জিলাৰ পৰা পৃথক কৰা হৈছে  

৬. দেৰগাঁও (উপ-জিলা) – শিৱসাগৰ জিলাৰ অন্তৰ্গত  

৭. লখিমপুৰ (উপ-জিলা) – লখিমপুৰ জিলাৰ পৰা পৃথক কৰা হৈছে  

৮. সৰভোগ (উপ-জিলা) – বৰপেটা জিলাৰ অন্তৰ্গত  

৯. মাইবং (উপ-জিলা) – ডিমা হাছাও জিলাৰ অন্তৰ্গত  

১০. দিছাং (উপ-জিলা) – তিনিচুকীয়া জিলাৰ অন্তৰ্গত  

উপসংহাৰ

এই পদক্ষেপৰ জৰিয়তে অসমৰ দূৰৱৰ্তী অঞ্চলসমূহৰ উন্নয়নত গুৰুত্ব দিয়া হৈছে। নতুন উপ-জিলাবোৰে অসমৰ প্ৰশাসনিক আৰু অৰ্থনৈতিক ভেটি শক্তিশালী কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। এই উপ-জিলাবোৰ এতিয়াও সম্পূৰ্ণ স্বতন্ত্ৰ জিলা হিচাপে গঠিত হোৱা নাই, কিন্তু ভৱিষ্যতলৈ ইয়াৰ সম্ভাৱনা আছে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসম চৰকাৰে ঘোষণা কৰিলে আৰু ১০খন উপ-জিলাঃ এক আলোচনা

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *