পাতনি
বিদেশী চিনাক্তকৰণ, বিতাড়ণ, ডিটেনছন আদি শব্দ অসমৰ সাধাৰণ জনজীৱনত চিনাকি শব্দ। আজি বছৰ বছৰ ধৰি এই শব্দবোৰে সময়ে সময়ে অসমীয়াক চিন্তিত কৰি আহিছে তথা মাজে সময়ে বিৰোধ,বিবাদ আৰু বিদ্ৰোহৰো কাৰণ হৈ আহিছে। শেহতীয়াকৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰে বিদেশী বুলি ঘোষণা কৰা লোকক বিতাড়ন কৰাৰ সলনি অনিৰ্দিষ্টকাললৈ ডিটেনছন চেণ্টাৰত ৰখাৰ বাবে তীব্ৰ ক্ষোভ উজাৰিলে। আনকি আপোনালোকে শুভ মুহুৰতৰ অপেক্ষা কৰি আছে নেকি বুলি কটাক্ষও কৰিলে। তাৰ পাছতেই বিষয়টো পুনৰ চৰ্চালৈ আহিছে।
কি কৈছে উচ্চতম ন্যায়ালয়ে
বিদেশী বুলি ঘোষণা কৰা ৬৩গৰাকী ব্যক্তিক নিজ নিজ দেশলৈ বিতাড়ন নকৰাৰ বাবে মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ন্যায়াধীশ এ.এছ.ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে অসম চৰকাৰক সাক্ষ্যৰ জাননী জাৰি কৰি নাগৰিকত্ব পৰীক্ষণ প্ৰক্ৰিয়া সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত গ্ৰহণ কৰা ব্যৱস্থাৰ তাৰিখকে ধৰি বিশদ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে লগতে পৰ্যবেক্ষণ কৰে যে ৰাজ্যই এই ব্যক্তিসকলক তেওঁলোকৰ নাগৰিকত্বৰ মৰ্যাদাৰ বিষয়ে জানিব পাৰি অনিৰ্দিষ্টকাললৈ আটক কৰি ৰাখিব নোৱাৰে। এবাৰ তেওঁলোক বিদেশী বুলি নিশ্চিত হ’লে তেওঁলোকক তৎক্ষণাত বিতাড়িত কৰিব লাগে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানিত অংশগ্ৰহণ কৰি অসমৰ মুখ্য সচিবে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে ঠিকনা নথকা অৱস্থাৰ বাবে এই লোকসকলক বিতাড়িত কৰিব পৰা হোৱা নাই। বিচাৰপীঠে উল্লেখ কৰে যে সম্পূৰ্ণ ঠিকনা নাজানিলেও ৰাজ্য চৰকাৰে এই ব্যক্তিসকলক তেওঁলোকৰ দেশৰ ৰাজধানীলৈ বিতাড়িত কৰিব পাৰে। তেওঁলোকে ক’লৈ যাব লাগে সেইটো সেই দেশখনে সিদ্ধান্ত লওক বুলিও লগতে বিচাৰিপীঠে কৈছে। দেশৰ শীর্ষতম আদালতে তেনে ব্যক্তিৰ সঠিক ঠিকনা নথকাকৈয়ো শীঘ্ৰেই বিতাড়ন প্রক্রিয়া আৰম্ভ কৰিবলৈ অসম ৰাজ্যক নির্দেশ দিয়ে৷ ইয়াৰ উপৰিও অসম চৰকাৰক ডিটেনছন চেণ্টাৰত উন্নত অৱস্থা সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। লগতে পষেকীয়াকৈ সুবিধাসমূহ পৰিদৰ্শন কৰিবলৈ এখন কমিটী গঠন কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে। ৰাষ্ট্ৰহীন ব্যক্তিক কেনেদৰে চম্ভালিব লাগে সেই বিষয়ে স্পষ্ট কৰিবলৈ সংযুক্ত ভাৰতবৰ্ষক এমাহৰ সময় প্ৰদান কৰি বিচাৰপীঠে ২৫ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানিৰ বাবে বিষয়টো তালিকাভুক্ত কৰে।
শুনানিৰ সবিশেষ
বিদেশী বিতাড়নৰ বিষয়ক কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আবেদনকাৰী ৰাজুবালাই দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল শীৰ্ষ আদালতত। অসমৰ মুখ্য সচিবগৰাকীয়ে ভাৰ্চুৱেলি শুনানিত অংশগ্ৰহণ কৰে। বিতাড়ন প্ৰক্ৰিয়া পুনৰীক্ষণ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰে কেনেদৰে আগবাঢ়িব পাৰে তাৰ ৰূপৰেখা দাঙি ধৰে। এই শুনানিত উদাহৰণ দাঙি ধৰি শীৰ্ষ আদালতে কয়ঃ- “ধৰি লওক ব্যক্তিজন পাকিস্তানৰ আৰু আপোলানোকে পাকিস্তানৰ ৰাজধানী চহৰখন চিনি পায়। গতিকে তেওঁক পাকিস্তানৰ ৰাজধানী চহৰলৈ পঠিয়াই দিয়ক।” বিচাৰপীঠে প্ৰশ্ন কৰেঃ- “তেওঁলোকৰ বিদেশী ঠিকনা জনা যোৱা নাই বুলি কৈ তেওঁলোকক ইয়াত কেনেকৈ আটক কৰি ৰাখিব পাৰিব? আপুনি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(MEA)লৈ পৰীক্ষণ পঠোৱাৰ তাৰিখ কিয় উল্লেখ কৰা নাই?”
যেতিয়া অসম চৰকাৰৰ অধিবক্তাই সঠিক শপতনামা দাখিল কৰিবলৈ অধিক সময়ৰ বাবে অনুৰোধ জনাইছিল, তেতিয়া আদালতে সকীয়াই দিছিলঃ- “আমি আপোনালোকক (অসম চৰকাৰ) সাক্ষ্যৰ জাননী জাৰি কৰিম। ৰাজ্য চৰকাৰ হিচাপে আপোনালোক এইক্ষেত্ৰত পৰিষ্কাৰ হৈ অহিব লাগিব।”
শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ আইন বিষয়া ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত কয় যে যিহেতু বিষয়টো ৰাজ্যিক বিষয় নহয়, সেয়েহে তেওঁ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে আলোচনা কৰি সমাধান বিচাৰিব। উচ্চতম ন্যায়ালয়ে এইক্ষেত্ৰত এমাহৰ ভিতৰত ৰাষ্ট্ৰহীন ব্যক্তিক কেনেদৰে চম্ভালিব লাগে সেই বিষয়ে স্পষ্ট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে।
উচ্চতম ন্যায়ালয়ে নিজৰ নিৰ্দেশত কয়ঃ- “আমি অসম ৰাজ্যক নিৰ্দেশ দিওঁ যে এই নিৰ্দেশ মানি চলাৰ প্ৰতিবেদন দি সঠিক শপতনামা দাখিল কৰক। যদি ৰাজ্য চৰকাৰে নাগৰিকত্ব পৰীক্ষণ প্ৰ-পত্ৰ দুমাহ পূৰ্বে প্ৰেৰণ কৰা বুলি ধৰা পেলায়, তেন্তে তৎক্ষণাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক সোঁৱৰাই দিব লাগিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এনে সোঁৱৰাণ পোৱাৰ লগে লগে ৰাষ্ট্ৰীয়তাপৰীক্ষণৰ ভিত্তিত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব।”
ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ প্ৰসংগ
শুনানিকালত ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ প্ৰসংগ উত্থাপন কৰে বিচাৰপীঠে। ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত জীৱনৰ সুৰক্ষা আৰু ব্যক্তিগত স্বাধীনতাৰ মৌলিক অধিকাৰ নিশ্চিত কৰা হৈছে। ই জীৱন আৰু স্বাধীনতাৰ ক্ষেত্ৰত স্বেচ্ছাচাৰী বঞ্চনাৰ বিৰুদ্ধে কিছুমান সুৰক্ষা নিশ্চিত কৰে। ২১ নং অনুচ্ছেদত দৃঢ়তাৰে কোৱা হৈছে যে আইনে স্থাপন কৰা পদ্ধতিৰ বাহিৰে আন কোনো ব্যক্তিক জীৱনৰ পৰা বঞ্চিত কৰা নহ’ব। অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ জীয়াই থকাৰ অধিকাৰ আছে, আৰু নিৰ্ধাৰিত আইনী পদ্ধতিৰ বাহিৰে অইন প্ৰকাৰে তেওঁলোকৰ জীৱন কাঢ়ি ল’ব নোৱাৰিব। জীৱনৰ অধিকাৰে ইয়াত মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ, জীৱিকাৰ অধিকাৰ, সুস্থ পৰিৱেশৰ অধিকাৰ আদি বিভিন্ন দিশ সামৰি লৈছে। ২১ নং অনুচ্ছেদত ব্যক্তি এগৰাকীৰ ব্যক্তিগত স্বাধীনতাও সুৰক্ষিত কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে আইনে স্থাপন কৰা পদ্ধতিৰ বাদে কোনো ব্যক্তিকে ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰা নহ’ব। ব্যক্তিগত স্বাধীনতাৰ ভিতৰত মুক্তভাৱে চলাচল কৰাৰ স্বাধীনতা, নিজৰ বাসস্থান নিৰ্বাচন কৰাৰ স্বাধীনতা আৰু যিকোনো বৈধ বৃত্তি বা বৃত্তিত জড়িত হোৱাৰ স্বাধীনতা আদি অন্তৰ্ভুক্ত।
ডিটেনছন কেম্প
অসম ডিটেনছন কেম্প হৈছে অসমত অৱস্থিত অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে অনুপ্ৰৱেশকাৰী ডিটেনছন চেণ্টাৰৰ এটা গোট। ২০০৮ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যখনৰ প্ৰথমটো ডিটেনছন চেণ্টাৰৰ স্থাপন হৈছিল। বৰ্তমান অসমত বিভিন্ন জিলাত ছটা ডিটেনছন চেণ্টাৰ স্থাপন কৰা হৈছে আৰু এই সকলোবোৰ কাৰাগাৰৰ ভিতৰত আছে। অসমত মুঠ দহটা কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ভাৰতৰ চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা মানুহক বাদ দিয়াৰ পিছত বহুতো নিৰ্মাণৰত বা প্ৰস্তাৱিত ডিটেনছন চেণ্টাৰ নিৰ্মাণ কৰা হ’ব। ২০১৪ চনত কেন্দ্ৰই সকলো ৰাজ্যকে অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে অন্ততঃ এটা ডিটেনছন চেণ্টাৰ স্থাপন কৰিবলৈ কৈছিল যাতে তেওঁলোক জেলৰ কয়দীৰ সৈতে সানমিহলি নহয়। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি অবৈধ অনুপ্ৰৱেশকাৰীক এনে সুবিধাত তিনি বছৰ ধৰি ৰখা হ’ব পাৰে, তাৰ পাছত তেওঁলোকে জামিনৰ যোগ্যতা অৰ্জন কৰে।
ডিটেনছন চেণ্টাৰসমূহক এন আৰ চিৰ পৰা বাদ পৰা আৰু অৱশেষত অসমৰ বিদেশী ন্যায়াধিকৰণে অবৈধ অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰা পূৰ্বৰ বাসিন্দাসকলক ৰখাৰ স্থান হিচাপে নিযুক্তি দিয়া হয়। অসমত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ সৃষ্টি কৰা নাগৰিকৰ তালিকাত ১৯ লাখৰো অধিক লোকক অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই লোকসকলে নিজৰ নাগৰিকত্ব বিফল হোৱাটো প্ৰমাণ কৰিব লাগিব যাৰ বাবে তেওঁলোকক এই কেন্দ্ৰসমূহলৈ স্থানান্তৰিত কৰা হ’ব পাৰে।
উপসংহাৰ
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়নত স্পষ্ট হৈ পৰিছে যে সম্প্ৰতি এই বিষয়টোক লৈ ৰাজ্য চৰকাৰ ক্ষীপ্ৰ হোৱাৰ ব্যতিৰেকে কোনো উপায় নাই। কাৰণ ইতিমধ্যেই দেশৰ উচ্চতম ন্যায়ালয়ে সময়সীমা ধাৰ্য কৰি দিছে। গতিকে শীঘ্ৰেই এই ৬৩দৰাকী চিনাক্ত বিদেশীৰ ক্ষেত্ৰত বৈদেশীক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে সঠিক পদক্ষেপ গ্ৰহণ কৰি তেওঁলোকক নিজ নিজ ৰাষ্ট্ৰৰ অন্ততঃ ৰাজধানী চহৰলৈ হ’লেও প্ৰেৰণ কৰিব লাগিব।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অসম চৰকাৰৰ বিৰুদ্ধে “আপোনালোকে শুভ মুহূৰতৰ অপেক্ষা কৰি আছে নেকি” বুলি কিয় গৰজি উঠিল উচ্চতম ন্যায়ালয়। সবিশেষ জানো আহক।
Fact Check By: Pranjal SharmaResult: Insight
