আমাৰ দেশৰ সংসদ আৰু সাংসদৰ নিৰাপত্তা ব্যৱস্থা আৰু অসমৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত চলা আক্ৰমণ প্ৰসংগত কিছু আলোচনা।

Insight Social

প্ৰস্তাৱনা

শেহতীয়াকৈ যোৱা ২০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ ৰূপহী নামৰ ঠাইটুকুৰাত সংঘটিত এটা ঘটনাই সমগ্ৰ অসমতেই চৰ্চা আৰু সমালোচনাৰ কাৰক হোৱাৰ সমান্তৰালকৈ ৰাজ্য আৰু দেশৰ সংবাদ মাধ্যমৰো মুখ্য বাতৰি হিচাপে পৰিগণিত হৈছে। সেয়া হৈছে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ, অসমৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত হোৱা শাৰীৰিক আক্ৰমণ। নিজ পুত্ৰ তথা ৰাজনীতিক তাঞ্জিল হুছেইন তথা অন্য দলীয় কৰ্মীৰ সৈতে গৈ থকা অৱস্থাত একেজনমান লোকে মুখত ক’লা মাস্ক পৰিধান কৰি আনকি ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰে সাংসদগৰাকীক। এখন স্কুটীৰে ঘটনাস্থলীৰ পৰা আঁতৰি যাবলৈ যতন কৰা সময়ত তেওঁক স্কুটীৰ পৰা বগৰাই মাটিত পেলাই দিয়ে। আনকি তেওঁৰ দেহৰক্ষীৰ ওপৰতো শাৰীৰিক আক্ৰমণ কৰে দুস্কৃতিকাৰী দলটোৱে। ইয়াৰ লগে লগেই এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে যে দেশৰ এগৰাকী সন্মানীয় সাংসদৰে যদি নিৰাপত্তা এইখন ৰাজ্যত সুনিশ্চিত নহয়, তেনেহ’লে অইন সাধাৰণ নাগৰিকৰ নিৰাপত্তা ক’ত। তদুপৰি এগৰাকী সাংসদে নিজৰ পদমৰ্যাদাৰ ভিত্তিত লাভ কৰা সা-সুবিধা আৰু নিৰাপত্তা তথা নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভতো আলোচনা হৈছে। আজিৰ এই লেখাত আমি একোগৰাকী সাংসদে লাভ কৰা নিৰাপত্তা ব্যৱস্থা তথা অন্য সুবিধা সন্দৰ্ভত থোৰতে আলোচনা কৰিব খুজিছোঁ। 

প্ৰথমে জানি লও সংসদ নিৰাপত্তা সেৱা কি

সংসদ নিৰাপত্তা সেৱা হৈছে এনে এক ব্যৱস্থা যিয়ে নিৰাপত্তা বিভাগৰ যুটীয়া সচিবৰ নেতৃত্বত ভাৰতীয় সংসদ ভৱন পৰিসৰৰ নিৰাপত্তাৰ কাম চোৱাচিতা কৰে। সংসদ নিৰাপত্তা সেৱা হৈছে ভিআইপি/ভিভিআইপি, বিল্ডিং আৰু ইয়াৰ লোকসকলক সক্ৰিয়, প্ৰতিৰোধমূলক আৰু সুৰক্ষামূলক ব্যৱস্থা প্ৰদান কৰিবলৈ স্থাপন কৰা এক ইন-হাউছ ব্যৱস্থা। ঐতিহাসিক আৰু প্ৰতিষ্ঠিত সংসদ গৃহ পৰিসৰৰ ভিতৰত লোক, সামগ্ৰী আৰু বাহনৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিয়ন্ত্ৰণৰ পৰিচালনাৰ বাবে সংসদ নিৰাপত্তা সেৱাই হৈছে একমাত্ৰ দায়বদ্ধ ব্যৱস্থা।

ৰাজ্যসভা সচিবালয়ৰ সঞ্চালকে (নিৰাপত্তা) ৰাজ্যসভা সচিবালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত থকা ৰাজ্যসভা খণ্ডত সংসদ নিৰাপত্তা সেৱাৰ ওপৰত নিৰাপত্তা কাৰ্য্যকৰী নিয়ন্ত্ৰণ প্ৰয়োগ কৰে। আনহাতে লোকসভা সচিবালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা লোকসভা খণ্ডত সংসদ নিৰাপত্তা সেৱাৰ ওপৰত লোকসভা সচিবালয়ৰ সঞ্চালকে (নিৰাপত্তা) নিৰাপত্তা কাৰ্য্যকৰী নিয়ন্ত্ৰণ প্ৰয়োগ কৰে।

এজন সাংসদ বা সংসদ সদস্যৰ নিৰাপত্তা

ভাৰতত এজন সংসদ সদস্যক (এম পি) প্ৰদান কৰা দেহৰক্ষীৰ সংখ্যা কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হ’ব পাৰে। 

স্বাভাৱিক আবণ্টনঃ সাধাৰণতে, মৌলিক সুৰক্ষাৰ বাবে প্ৰতিজন সাংসদৰ বাবে দুজন আৰক্ষী কৰ্মী নিযুক্তি দিয়া হয়।

বৰ্ধিত নিৰাপত্তাঃ ভাবুকিৰ স্তৰৰ ওপৰত ভিত্তি কৰি কিছুমান সাংসদে তিনিজনলৈকে দেহৰক্ষী বা এস্কৰ্ট বা সশস্ত্ৰ টহলদাৰীৰ দৰে অতিৰিক্ত নিৰাপত্তাৰক্ষী লাভ কৰিব পাৰে।

ৰাজ্যিক নিৰাপত্তাঃ তদুপৰি নিজ নিজ ৰাজ্যত ভাবুকি বা অন্য ধৰণৰ ভীতিৰ প্ৰতি নজৰ ৰাখি ৰাজ্য চৰকাৰে এগৰাকী সাংসদক অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰি দিব পাৰে। 

নিৰাপত্তাৰ স্তৰসমুহ

ভাৰতত আৰক্ষী আৰু স্থানীয় চৰকাৰে একাংশ উচ্চ পৰ্যায়ৰ ভাবুকি বা প্ৰাণৰ শংকা থকা ব্যক্তিক নিৰ্দিষ্ট সুৰক্ষা প্ৰদান কৰে। ব্যক্তিজনৰ প্ৰতি ভাবুকিৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি এই শ্ৰেণীটোক ছটা স্তৰত বিভক্ত কৰা হৈছে: এছ পি জি, জেড+ (উচ্চতম স্তৰ), জেড, ৱাই+, ৱাই আৰু এক্স।এই নিৰাপত্তা ব্যৱস্থাৰ অধীনত থকা ব্যক্তিসকলৰ ভিতৰত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সেৱা প্ৰধান, ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী, অভিনেতা আৰু অন্যান্য অন্তৰ্ভুক্ত ভিআইপিসমূহ পৰে।

এছ পি জি হৈছে এনে এক অভিজাত শক্তি যাৰ সবিশেষ গোপনীয় আৰু কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰীকহে এই সেৱা প্ৰদান কৰা হয়।

Z+ (ASL) শ্ৰেণী – উন্নত সুৰক্ষা যোগাযোগৰ সৈতে Z+ কভাৰ।

Z+ শ্ৰেণীত ৩৬ জন জোৱানৰ নিৰাপত্তাৰ বিৱৰণ দিয়া হৈছে, য’ত ১০+ চি আৰ পি এফৰ কমাণ্ডো আৰু আৰক্ষী জোৱান থাকে।

Z কেটেগৰীত ৪-৬ জন চিএপিএফৰ কমাণ্ডো আৰু আৰক্ষী জোৱানকে ধৰি ২২ জন জোৱানৰ নিৰাপত্তাৰ বিৱৰণ আছে।

Y+ শিতানত ২-৪ জন কমাণ্ডো আৰু আৰক্ষী জোৱানকে ধৰি ১১ জন জোৱানৰ নিৰাপত্তাৰ বিৱৰণ আছে।

Y শ্ৰেণীত ১ বা ২ জন কমাণ্ডো আৰু আৰক্ষী জোৱানকে ধৰি ৮ জন জোৱানৰ নিৰাপত্তা থাকে।

X শ্ৰেণীত ২ জন জোৱানৰ নিৰাপত্তাৰ বিৱৰণ, কোনো কমাণ্ডো নাই কিন্তু কেৱল সশস্ত্ৰ আৰক্ষী জোৱান থাকে।

একোজন সাংসাদে নিজৰ জীৱনৰ প্ৰতি থকা ভাবুকিৰ স্তৰৰ ভিত্তিত ইয়াৰে ভিতৰত নিৰাপত্তা সেৱা লাভ কৰে।

নিৰাপত্তা ব্যৱস্থাৰ সবিশেষ

ভিআইপি নিৰাপত্তাৰ ব্যৱস্থাত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটাই কেন্দ্ৰীয় চৰকাৰে ভিআইপি নিৰাপত্তাৰ দায়িত্বৰ পৰা “ব্লেক কেট কমাণ্ডো” বুলি জনাজাত নেচনেল ছিকিউৰিটি গাৰ্ড (এনএছজি)ক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তৰ লক্ষ্য হৈছে এন এছ জিক সন্ত্ৰাসবাদ বিৰোধী মূল ভূমিকাত পুনৰ কেন্দ্ৰীভূত কৰা।

জেড+ স্তৰৰ নিৰাপত্তা এতিয়া কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) কমাণ্ডো বা অন্যান্য কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী যেনে আই টি বি পি, চি আই এছ এফ, বা নিজ নিজ ৰাজ্যিক আৰক্ষীয়ে প্ৰদান কৰে। হেকলাৰ এণ্ড কোচ এম পি ৫ চাব মেচিনগান আৰু আধুনিক সঁজুলিৰে সজ্জিত আৰু দলটোৰ প্ৰতিজন সদস্য সমৰ কলা আৰু নিৰস্ত্ৰ যুদ্ধ দক্ষতাত পাকৈত হয়। বৰ্তমান ৪০ জন ভিআইপিক এনে সুৰক্ষা প্ৰদান কৰা হৈছে। জেড কেটেগৰীত দিল্লী আৰক্ষী বা আইটিবিপি বা চিআৰপিএফৰ জোৱান আৰু এখন এস্কৰ্ট গাড়ীৰ সুৰক্ষাৰ ব্যৱস্থা আছে। Y শ্ৰেণীত দুজন ব্যক্তিগত সুৰক্ষা বিষয়া (PSO) আৰু X শ্ৰেণীত এজন PSO অন্তৰ্ভুক্ত কৰা হৈছে।

ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এনএছজি প্ৰত্যাহাৰ কৰাৰ ফলত যোগী আদিত্যনাথ, মায়াৱতী, ৰাজনাথ সিং, এম কে ষ্টেলিন, এন চন্দ্ৰবাবু নাইডু, এল কে আদৱানী, গুলাম নবী আজাদ, ফাৰুক আব্দুল্লাহ, সৰ্বানন্দ সোণোৱাল, ৰমন সিং আদি বিশিষ্ট ৰাজনৈতিক নেতাকে ধৰি ৯ জন উচ্চ শংকাসম্পন্ন ভিআইপিৰ নিৰাপত্তা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষীলৈ হস্তান্তৰ কৰা হৈছে। 

নিৰাপত্তাৰ ক্ষেত্ৰত “ব্লু বুক”ত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক দিয়া নিৰাপত্তাৰ বিষয়ে বিতংভাৱে আৰু “য়েল্লো বুক”ত অন্যান্য ভিআইপি আৰু ভিভিআইপিক দিয়া নিৰাপত্তাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। বিভিন্ন চোৰাংচোৱা সংস্থাৰ সমন্বয়ত গৃহ মন্ত্ৰালয়ে নিৰাপত্তা আৱেষ্টনীৰ বাবে নিৰ্দেশনা জাৰি কৰে।

ভিভিআইপি, ভিআইপি, ৰাজনীতিবিদ, হাই-প্ৰফাইল চেলিব্ৰিটি আৰু ক্ৰীড়াবিদক ছিকিউৰিটি প্ৰদানৰ দায়িত্বত আছে এছপিজি (বিশেষ সুৰক্ষা গোট), এনএছজি (ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী), আইটিবিপি (ভাৰত-তিব্বতী সীমান্ত আৰক্ষী),চিআৰপিএফ (কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী) আৰু চিআইএছএফ (কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনী)। এন এছ জিৰ বহু কৰ্মীক বিশেষ সুৰক্ষা গোট (এছ পি জি)লৈ প্ৰেৰণ কৰা হয় যিয়ে প্ৰধানমন্ত্ৰীক পহৰা দিয়ে। ইতিমধ্যে এন এছ জি আৰু এছ পি জিৰ অধিকাংশ কমাণ্ডোৱে পেৰা মিলিটাৰী বাহিনীত সেৱা আগবঢ়াইছে।

সাংসদ বা ভিআইপিৰ ওপৰত চলা আক্ৰমণৰ ক্ষেত্ৰত লোৱা ব্যৱস্থা

ইমান নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো সময়ে সময়ে আমাৰ দেশত ভিআইপি তথা ভিভিআইপিৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী হত্যাকাণ্ড অথবা বিজেপি নেতা প্ৰমোদ মহাজনৰ হত্যাকাণ্ডৰ কথা আমি এইক্ষেত্ৰত উল্লেখ কৰিব পাৰোঁ। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পাছতো তেওঁলোকক প্ৰাণে মৰা হৈছিল। তদুপৰি তাৰেই শেহতীয়া উদাহৰণ হৈছে অসমৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত চলা আক্ৰমণ। এইক্ষেত্ৰত প্ৰাথমিক তদন্ত সংশ্লিষ্ট ৰাজ্য চৰকাৰে নিজৰ গৃহ বিভাগৰ অধীনৰ ব্যৱস্থাৰে কৰে। সেই পৰিপ্ৰেক্ষিততেই ৰকিবুল হুছেইন আক্ৰণৰ ঘটনাটোৰ প্ৰৰম্ভিক তদন্ত অসম আৰক্ষীয়ে আৰম্ভ কৰি ইতিমধ্যেই ১০ জন অভিযুক্তৰ নাম প্ৰকাশ কৰিছে। এতিয়া এইসকলৰ ওপৰত অসম আৰক্ষীৰ তদন্ত অব্যাহত থাকিব। তদন্তত যদি ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি থকা বা তেনেধৰণৰ অতি গুৰুতৰ কোনো শংকাৰ তথ্য লাভ কৰা হয়, তেনেহলে সেই তদন্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ তথা দেশৰ গৃহ বিভাগৰ অধীনৰ তদন্তকাৰী সংস্থালৈ হয়তো হস্তান্তৰ কৰা হ’ব আৰু মূল অপৰাধীক চিনাক্ত কৰি ভাৰতীয় সংবিধান অনুসৰি সমুচিত শাস্তি প্ৰদান কৰা হ’ব। 

উপসংহাৰ

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়নত স্পষ্ট হৈ পৰিছে যে দেশৰ সাংসদ এগৰাকীয়ে এজন ভিআইপি হিচাপে নিৰ্দিষ্ট পৰিমাপৰ এক নিৰাপত্তা ব্যৱস্থা লাভ কৰে। সেই ব্যৱস্থা তেওঁৰ জীৱনৰ প্ৰতি থকা ভাবুকি তথা শংকাৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰদান কৰা হয়। তাৰ পাছতো যদি তেওঁৰ ওপৰত আক্ৰমণৰ দৰে ঘটনা ঘটে তেনেহ’লে ততালিকে সেই ঘটনাৰ তদন্ত আৰম্ভ কৰে সংশ্লিষ্ট স্থানৰ গৃহ বিভাগে আৰু তদন্তৰ প্ৰকাৰ আৰু পৰ্যায় ঘটনাৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। সদৌ শেষত দোষীয়ে ভাৰতীয় সংবিধানৰ বিধি-বিধান অনুসৰি শাস্তি লাভ কৰে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আমাৰ দেশৰ সংসদ আৰু সাংসদৰ নিৰাপত্তা ব্যৱস্থা আৰু অসমৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত চলা আক্ৰমণ প্ৰসংগত কিছু আলোচনা।

Written By: Pranjal Sharma 

Result: Insight