ভূমিকা
বৰ্তমান সময়ত অসমত গ্ৰীষ্ম প্ৰৱাহে (Heat Wave) ভয়াবহ ৰূপ ধাৰণ কৰিছে। গৰমৰ প্ৰকোপ দিনক দিনে বাঢ়ি অহা দেখা গৈছে, যাৰ ফলত মানুহৰ দৈনন্দিন জীৱন ব্যাহত হৈছে। সাধাৰণতে অসমত এপ্ৰিল-মে’ মাহত গৰম বেছি অনুভৱ হয়, কিন্তু বৰ্তমান এই গৰম অসহনীয় হৈ পৰিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল জলবায়ু পৰিৱৰ্তন, বনাঞ্চল ধ্বংস কৰা, নগৰীকৰণ আদি। অসমত বৰ্তমান সময়ত যি প্ৰকাৰৰ গ্ৰীষ্ম প্ৰৱাহ দেখা গৈছে, সেয়া ৰাজ্যখনৰ বাবেই এক অস্বাভাৱিক আৰু উদ্বেগজনক পৰিস্থিতি সৃষ্টি কৰিছে। সাধাৰণতে বৰষুণ আৰু আর্দ্ৰতাৰে ভৰা এই অঞ্চলত এতিয়া এক অত্যধিক গৰমৰ পৰিস্থিতি দেখা দিছে, যিয়ে জনজীৱন, কৃষি আৰু প্ৰাকৃতিক পৰিৱেশক গভীৰভাৱে প্ৰভাৱিত কৰিছে। এই গ্ৰীষ্ম প্ৰৱাহক লৈ তলত কেইবাটাও দিশ আলোচনা কৰা হ’ল—
গ্ৰীষ্ম প্ৰৱাহৰ কাৰণঃ
১. জলবায়ু পৰিৱৰ্তন: গোলকীয় উষ্ণতাৰ বাবে পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে, যাৰ প্ৰভাৱ অসমতো পৰিছে। গ্লোবেল ৱাৰ্মিং আৰু জলবায়ুৰ ক্ৰমাগত পৰিৱৰ্তনে অসমৰ দৰে অঞ্চলতো গৰমৰ প্ৰকোপ বঢ়াইছে।
২. বনাঞ্চল ধ্বংস কৰা: অসমত অৰণ্য ধ্বংস হোৱাৰ বাবে পৰিৱেশৰ উষ্ণতা বৃদ্ধি পাইছে। গছ-গছনি কমি যোৱাৰ বাবে বায়ুমণ্ডলত তাপ শোষণ কৰাৰ ক্ষমতা হ্ৰাস পাইছে। অৰণ্য কাটি নগৰ বা কল-কাৰখানা গঢ়ি তোলাৰ ফলত তাপমাত্রা নিয়ন্ত্ৰণ কৰাৰ প্ৰাকৃতিক ব্যৱস্থা লোপ পাইছে।
৩. নগৰীকৰণ: গাঁৱৰ তুলনাত নগৰসমূহত গৰম বেছি। কংক্ৰীটৰ দালান, ৰাস্তা আদিয়ে সূৰ্য্যৰ তাপ শোষণ কৰি ৰাতিও উষ্ণতা একেই কৰি ৰাখে।
৪. বৰষুণৰ অভাৱ: বৰ্ষাকালত যথেষ্ট বৰষুণ নহ’লে মাটি শুকান হৈ যায় আৰু গৰমৰ প্ৰকোপ বাঢ়ে। অসমৰ বেলিকাও একেই হৈছে। ক্ৰমাগতভাৱে অসমত বৰষুণৰ প্ৰকোপ কমি আহিছে। সেইবাবেই এই মাত্ৰাধিক গৰমৰ সৃষ্টি হৈছে।
৫.মানৱসৃষ্ট প্ৰদূষণ: যান-বাহন আৰু কল-কাৰখানাৰ ধোঁৱাই পৰিৱেশত তাপমাত্রা বৃদ্ধি ঘটাইছে। কেৱল চহৰ বা নগৰেই নহয়, আনকি গাওঁ অঞ্চলতো যান-বাহনৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত প্ৰদূষণৰ মাত্ৰা বাঢ়িছে আৰু ই উষ্ণতাও বৃদ্ধি কৰিছে।
গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱঃ
১. স্বাস্থ্যৰ ওপৰত প্ৰভাৱ: অত্যধিক গৰমৰ বাবে ডিহাইড্ৰেচন, হিটষ্ট্ৰোক, শৰীৰৰ দুৰ্বলতা ছালৰ ৰোগ আৰু হাৰ্ট এটেকৰ ঘটনা বাঢ়িছে। বিশেষকৈ শিশু আৰু বয়সীয়া লোকসকলৰ বাবে এই গৰম বিপদজনক।
২.কৃষিৰ ক্ষতি: খৰাং আৰু গৰমৰ বাবে শস্য নষ্ট হ’ব পাৰে। পানীৰ অভাৱে খেতি-বাতি কৰাত বাধাৰ সৃষ্টি কৰে। সাম্প্ৰতিক সময়ত খৰাঙৰ বাবে বহু কৃষিভূমি ক্ষতিগ্ৰস্থ হৈছে। কৃষকসকলে ত্ৰাহি মধুসূধন সুঁৱৰিবলগীয়া হৈছে।
৩. জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ: প্ৰাণীবোৰেও গৰমত ভুগে। বনাঞ্চলত পানীৰ অভাৱ হ’লে বন্যপ্ৰাণীবোৰ মানুহৰ বসতিলৈ আহিবলৈ বাধ্য হয়। ফলত এক অসমতুল পৰিবেশৰ সৃষ্টি হয়। আনকি পোহনীয়া জীৱ-জন্তুবোৰেও অস্বস্তি ভোগ কৰে। সেই পৰিস্থিতি বৰ্তমান অসমত হৈছে।
৪. প্ৰাকৃতিক পৰিৱেশত প্ৰভাৱ: জীৱজন্তুৰ জীৱন সংকটত পৰিছে। বনৰীয়া জন্তু-বিলাকে পানী আৰু ঠাণ্ডা ঠাই বিচাৰি স্থানান্তৰিত হৈছে। জলাশয় শুকাই যোৱা পৰিস্থিতি সৃষ্টি হৈছে। নদ-নদী, খাল-বিল, পুখুৰী আদি শুকাই গৈছে। ফলত ইয়াৰ ওপৰত নিৰ্ভৰশীল জীৱকুল সংকটত পৰিছে।
অসমৰ বিভিন্ন জিলাত গ্ৰীষ্ম প্ৰৱাহঃ
শেহতীয়াকৈ যোৱা ১০ জুনত উত্তৰ লখিমপুৰ জিলাক আটাইতকৈ উষ্ণ স্থান হিচাপে চিহ্নিত কৰা হৈয় আৰু তাত ৩৮ ডিগ্ৰী চেলছিয়াছ উষ্ণতা দেখা দিয়ে। তাৰ পিছতে ডিব্ৰুগড় (৩৭.৭ ডিগ্ৰী চেলছিয়াছ), যোৰহাট (৩৭.৬ ডিগ্ৰী চেলছিয়াছ), তেজপুৰ (৩৭.৫ ডিগ্ৰী চেলছিয়াছ), গুৱাহাটী (৩৭.৩ ডিগ্ৰী চেলছিয়াছ), আৰু শিলচৰ (৩৭ ডিগ্ৰী চেলছিয়াছ) আছে। আনকি সাধাৰণতে অধিক নাতিশীতোষ্ণ জিলা হিচাপে পৰিচিত ধুবুৰীতো উষ্ণতাৰ মাত্ৰা ৩৬.১ ডিগ্ৰী চেলছিয়াছ পঞ্জীয়ন কৰা হৈছিল। অসহনীয় গৰমে স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষক জৰুৰী আবেদনৰ প্ৰেৰণ কৰিবলৈ বাধ্য কৰিছে। নাগৰিকসকলক ভিৰ হোৱা সময়ত ঘৰৰ ভিতৰতে থাকিবলৈ, হাইড্ৰেচন বজাই ৰাখিবলৈ আৰু ক্লান্তিকৰ কাম-কাজ এৰাই চলিবলৈ আহ্বান জনাইছে। ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে এক অধিসূচনা জাৰি কৰি অসম শিক্ষা বিভাগৰ পৰা ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰানোজ পেগুৱে গৰমৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ পৰা ছাত্ৰ-ছাত্ৰীক ৰক্ষা কৰিবলৈ সকলো জিলা আয়ুক্তক বিদ্যালয়ৰ সময় সালসলনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। এই নিৰ্দেশনা অনুসৰি কামৰূপ মেট্ৰ’ৰ জিলা আয়ুক্তই জিলাখনৰ সকলো চৰকাৰী, প্ৰাদেশিক, আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে সংশোধিত বিদ্যালয়ৰ সময়সূচী ঘোষণা কৰিছিল। ১১ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ নিম্ন প্ৰাথমিক বিদ্যালয় পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয় পুৱা ৭:৩০ বজাৰ পৰা ১২:০০ বজালৈ, আৰু হাই/উচ্চতৰ মাধ্যমিক বিদ্যালয় পুৱা ৭:৩০ বজাৰ পৰা ১২:৩০ বজালৈ চলাৰ নিৰ্দেশ দিয়া হৈছিল। অস্থায়ী হ’লেও এই ব্যৱস্থাসমূহৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক গৰমৰ পৰা ৰক্ষা কৰা, যিটো অনাগত দিনতো অব্যাহত থাকিব পাৰে বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে।
উষ্ণতা আৰু অনুভৱঃ
আনকি বাৰিষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীৰ প্রথম ঢৌৰ পৰা ৰাজ্যখন এতিয়াও সম্পূর্ণৰূপে উদ্ধাৰ হোৱা নাই যদিও উচ্চ আৰ্দ্ৰতা আৰু বৃদ্ধি পোৱা উষ্ণতাই অসমৰ চহৰ-নগৰসমূহৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৫০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক উষ্ণতাৰ অনুভৱ (ফিলছ-লাইক) হৈছেগৈ। বিশ্ব বতৰ বিজ্ঞান সংস্থা (WMO)ৰ সমৰ্থিত তাপ সূচকাংক সতৰ্কবাণী চাৰ্ট(heat index warning ) অনুসৰি যোৱা মঙলবাৰে গুৱাহাটীত উষ্ণতাৰ অনুভৱ (ফিলছ-লাইক) তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। মঙলবাৰে ৰাজ্যৰ সৰ্বোচ্চ সৰ্বোচ্চ উষ্ণতা ৰেকৰ্ড কৰা উত্তৰ লখিমপুৰত তাপ সূচকাংক অনুসৰি ‘ফিলছ-লাইক’ তাপমাত্ৰা ৫৮ ডিগ্ৰী চেলছিয়াছৰ কাষ চাপিছিল।
পৰিত্ৰাণৰ উপায়ঃ
১. বৃক্ষৰোপণ আৰু বন সংৰক্ষণ: গছ-গছনিয়ে পৰিৱেশ ঠাণ্ডা কৰি ৰাখে। সেইবাবেই পৰ্যাপ্ত পৰিমানে বৃক্ষৰোপনে জীৱ-জগতক এই সমস্যাৰ পৰা সহায় কৰিব পাৰে। যিটো হাৰত বনাঞ্চল ধ্বংস হৈছে, তাক ৰোধ কৰি মাত্ৰাধিক বৃক্ষৰোপণ কৰিব লাগিব। তেহে এই গৰমৰ প্ৰভাৱ হ্ৰাস পাব আৰু এক অনুকুৰ পৰিবেশ পুনৰ বিৰাজ কৰিব।
২. পানীৰ সদব্যৱহাৰ: পানীৰ অপচয় নকৰি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। বৰষুণৰ পানী সংৰক্ষণ(Rain water harvesting), ব্ৰহ্মপুত্ৰৰ পানীৰ সঠিক ব্যৱস্থাপনাৰ লগতে প্ৰতিটো জলাশয়ৰে উচিত ব্যৱহাৰ আৰু ব্যৱস্থাপনাই এই সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে।
৩. সূৰ্য্যৰ পৰা সাৱধান: পৰাপক্ষত দুপৰীয়াৰ ভাগত প্ৰখৰ ৰ’দত বেছি ওলাবলৈ এৰিব লাগে। দীৰ্ঘসময় ৰ’দত থকাৰ পৰা বিৰত থাকিব লাগে। বাহিৰলৈ ওলাই আহিলে ছাতি আৰু পানীৰ বটল লৈ ওলোৱা উচিত।
৪. বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ: যান-বাহনৰ ধোঁৱা, কল-কাৰখানাৰ প্ৰদূষণ কমাব লাগিব। পৰিৱেশ সজীৱ ৰাখিবলৈ গছ ৰোৱা আৰু বন ধ্বংস ৰোধ কৰাটো অত্যন্ত জৰুৰী। গছ-গছনীয়ে প্ৰদূষণ নিয়ন্ত্ৰণত সহায় কৰে। তদুপৰি প্ৰয়োজনাধিক যান-বাহন চালনো ৰোধ কৰা উচিত।
উপসংহাৰঃ
অসমৰ গ্ৰীষ্ম প্ৰৱাহ এটা গুৰুতৰ সমস্যা হৈ পৰিছে। ইয়াৰ প্ৰতিকাৰৰ বাবে প্ৰত্যেকেই সচেতন হ’ব লাগিব। বৃক্ষৰোপণ, পানীৰ সঠিক ব্যৱহাৰ আৰু পৰিৱেশ ৰক্ষাৰ দিশত গুৰুত্ব দিলে এই সমস্যা কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব। অসমত বৰ্তমানৰ গ্ৰীষ্ম প্ৰৱাহ কেৱল এক প্ৰাকৃতিক সমস্যা নহয়, ই আমাৰ জীৱন-পদ্ধতিৰ এক প্ৰত্যক্ষ ফল। এনে পৰিস্থিতিৰ বাবে সদায় প্রস্তুত থাকিব লাগিব। লগতে চৰকাৰ, সমাজ তথা ব্যক্তিগতভাৱেও আমি একেলগে কাম কৰিব লাগিব। পৰিৱেশ সুৰক্ষাই হৈছে ইয়াৰ একমাত্ৰ দীঘলীয়া সমাধান। সাধাৰণ ৰাইজৰ মাজত গ্ৰীষ্ম প্ৰৱাহৰ বিষয়ে সচেতনতা বৃদ্ধি কৰা উচিত।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
