আৰক্ষীয়ে আইন ভংগ কৰিলে কি হয়? আৰক্ষী দায়ৱদ্ধতা আয়োগৰ কাষ কিদৰে চাপিব পাৰি? আৰক্ষীৰ দায়ৱদ্ধতা আৰু দায়ৱদ্ধতা আয়োগ সম্পৰ্কত জানো আহক।

Insight Social
https://lh7-rt.googleusercontent.com/docsz/AD_4nXe3wvTXPbb1Cf4hBlfPO0E3Mn-PoHh1AEKcNpiCpMr5VP4B2wt6X3upnuYJXigpWn6gGBKMFkdU1ripRbJ45vcQFKA1c-rCK3iyPwqjIwysNUE8y81AOiOBSY5R0vR9iaSK_VXAqw?key=hfbHLPKSCFr5qSxLJQ5dHvYB

প্ৰসংগঃ গুৱাহাটীৰ ফাচী বজাৰত এজন বিতৰণ কৰ্মীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন

১৫ নৱেম্বৰ ২০২৪ শুকুৰবাৰে সন্ধিয়া প্ৰায় চাৰে ছয় মান বজাত অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ ব্যস্ততৰ এক অঞ্চল ফাঁচী বজাৰত পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই ঘৰে ঘৰে সামগ্ৰী বিতৰণকাৰী এক সংস্থাৰ এগৰাকী বিতৰণ কৰ্মীক প্ৰৱেশ নিষিদ্ধ পথেৰে প্ৰৱেশ কৰাৰ বাবে প্ৰহাৰ কৰে। সেই ভিডিঅ’টো নিমিষতে সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগেই সমগ্ৰ অসমতে এই কাৰ্যৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়। সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমলৈ সৰ্বত্ৰ সেই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিষোদগাৰ আৰু ধিক্কাৰধ্বনি শুনিবলৈ পোৱা যায়। সকলোৱেই একেমুকে ভাৰ্গৱ বৰবৰাৰ শাস্তিৰ দাবী উত্থাপন কৰে আৰু জোমেটোৰ বিতৰণ কৰ্মী হিচাপে কৰ্মৰত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শোনিতপুৰ জিলাৰ বাসিন্দা জ্ঞানদ্বীপ শইকীয়াৰ ন্যায়ৰ দাবী উত্থাপন কৰে। সেই বাতৰিৰ সবিশেষ আমি ইয়াত আৰু ইয়াত সন্নিবিষ্ট কৰিছোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdkEK7t6kTgE6pebF9INdWwPLj9sqAi6jgh3YVI0EkJQkg1UgauIMQ4NccWAu0eVvoVuTC-F9IPImmKp93bGMk3RmC7eOi9mnNpTV6h3kDhQ6uqiRWBz6qg-CdPYmAa_sISmlbWYg?key=hfbHLPKSCFr5qSxLJQ5dHvYB

প্ৰতিক্ৰিয়া আৰু ব্যৱস্থা গ্ৰহণ

এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগেই সৰ্বত্ৰ আলোড়ণৰ সৃষ্টি হয়। সমাজৰ প্ৰতিটো স্তৰৰ লোকেই এই ঘটনাক গৰিহণা দিয়ে। লগে লগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি.সিঙে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ভাৰ্গৱ বৰবৰাক চাকৰিৰ পৰা নিলম্বন কৰে। এটা টুইটযোগে সেই কথা প্ৰকাশ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে। 

ভাৰতবৰ্ষত আৰক্ষীয়ে আইন হাতত তুলি লোৱাৰ ইতিহাস

ইতিহাস খুচৰি চালে সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত আৰক্ষীয়ে আইন হাতত তুলি লোৱা নিদৰ্শন বৃটিছ শাসিত ভাৰতৰ পৰায়ে আমি লাভ কৰোঁ। যদিও জালিয়ানৱালাবাগৰ নৰসংহাৰৰ ঘটনাটোৰ কথা সকলোৱেই কয়, তথাপিও তাৰো আগতে ১৮৯৫চনৰ চেপ্টেম্বৰ মাহত মহাৰাষ্ট্ৰত অনন্ত চতুৰ্দশীৰ দিনা গণপতি বিসৰ্জনৰ সময়ত হোৱা এক সাম্প্ৰদায়িক সংঘৰ্ষত আৰক্ষীয়ে কৰা গুলীচালনাকে তথ্যগতভাৱে ভাৰতৰ প্ৰথমটো তেনেকুৱা ঘটনা বুলি লিপিবদ্ধ কৰা হৈছে। ইয়াৰ পাছত অসংখ্য তেনেকুৱা ঘটনা ঘটিছে। কৰবাত যদি গুলীচালনা, কৰবাত আকৌ লাঠিচালনা। মুঠৰ ওপৰত আৰক্ষীয়ে আইন হাতত তুলি লোৱা ঘটনাৰ ইতিহাস ভাৰতত দীঘলীয়া। অসমতো এই ঘটনাৰ চৰকাৰী তথ্যৰ ফালে চাবলৈ গ’লে ২০২১ চনৰ ২৩ চেপ্টেম্বৰত দৰং জিলাৰ ছিপাঝাৰত আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত তিনিজন লোকে প্ৰাণ হেৰুওৱা ঘটনাটোৰ কথা ক’ব পাৰি। সবিশেষ তথ্য ইয়াত চাব পাৰিব

এইদৰে সময়ে সময়ে আৰক্ষীয়ে আইন হাতত তুলি লৈ আহিছে। এইখিনিতে আৰক্ষীৰ দায়ৱদ্ধতাৰ কথাটোৰ প্ৰাসংগিকতা আহি পৰে। 

এইক্ষেত্ৰত আইনজ্ঞই কি কয়

এইক্ষেত্ৰত আমি কথা পাতিছিলোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ইন্দ্ৰনীল কলিতাৰ সৈতে। তেখেতৰ পৰা জানিব বিচাৰিছিলোঁ যে যদিহে এনেকৈ আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰে আইন হাতত তুলি লোৱা ঘটনা সংঘটিত কৰে তেতিয়া সেই ভুক্তভোগীয়ে আইনৰ সহায় কিদৰে ল’ব পাৰে বা এইক্ষেত্ৰত আইনে কি কয়। আমাৰ এই প্ৰশ্নৰ উত্তৰত তেখেতে আমাক জানিবলৈ দিয়ে যে আইন হাতত তুলি লোৱা ঘটনাৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত আইনৰ দৃষ্টিভংগী যি পোচাকধাৰী আৰক্ষীৰ ক্ষেত্ৰতো একেই। আইন সকলোৰে বাবেই সমান। এগৰাকী আৰক্ষীয়ে পোচাকযোৰ পিন্ধি কৰ্তব্যত নিয়োজিত হৈ থাকিল বুলিয়েই আইন ভংগ কৰিব নোৱাৰে। আইন হাতত তুলি লৈ বেআইনীভাৱে কৰা যিকোনো কাৰ্যৰ ক্ষেত্ৰতে সকলোকে অপৰাধীৰ দৃষ্টিৰেই চোৱা হয়। সেইক্ষেত্ৰত নিৰ্দিষ্টভাবে অভিযুক্ত সেই আৰক্ষী বিষয়া অথবা আৰক্ষী কৰ্মীগৰাকী আইনৰ আওতালৈ আহিব। তেওঁকো সেই সময়ত অপৰাধীৰ দৃষ্টিৰেই চোৱা হ’ব আৰু অভিযোগ প্ৰমানিত হ’লে আপৰাধী হিচাপে চিহ্নিত কৰি নিৰ্দিষ্ট শাস্তিৰ বিধান দিব মহামান্য আদালতে। তাৰ বাবে ভুক্তভোগীয়ে আইনৰ কাষ চাপিব লাগিব। যদি কোনো লোকে অনুভৱ কৰিছে যে তেওঁ ভাৰতীয় আইন ব্যৱস্থাৰ নিয়মমতে কোনো অপৰাধ কৰা নাই আৰু তেওঁৰ ওপৰত আৰক্ষীয়ে আইন হাতত তুলি লৈ অত্যাচাৰ বা নিৰ্যাতন চলাইছে, তেনেহ’লে তেওঁ সেই আৰক্ষীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে। সেই গোচৰ থানাতো ৰুজু কৰিব পাৰে অথবা আদালততো ৰুজু কৰিব পাৰে। তেতিয়া সেই অভিযোগৰ ভিত্তিত তদন্ত হ’ব, আইনী কাৰ্য ক্ৰমণিকা হ’ব আৰু অভিযোগ সত্য প্ৰমাণিত হ’লে অভিযুক্তই অপৰাধী হিচাপে চিহ্নিত হৈ শাস্তিৰ সমুখিন হ’ব। 

আৰক্ষীৰ দায়ৱদ্ধতা আৰু আৰক্ষী দায়ৱদ্ধতা আয়োগ

এখন দেশত সাধাৰণ নাগৰিকৰ প্ৰাণ আৰু সম্পদৰ নিৰাপত্তাৰ বাবে নিয়োজিত বাহিনীটোকে আৰক্ষী বাহিনী বোলা হয়। আমাৰ দেশতো প্ৰতিখন ৰাজ্যৰ আইন শৃংখলা নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী বাহিনী আছে। আমাৰ ৰাজ্য অসমতো ৰাজ্যৰ গৃহ বিভাগত অধীনত এক বিয়োগোম আৰক্ষী বাহিনী অহৰণ আইন শৃংখলা নিয়ন্ত্ৰণ তথা অপৰাধ ৰোধত নিয়োজিত হৈ আছে। এই আৰক্ষী বাহিনীটোৱে আইনৰ গণ্ডিত থাকি ভাৰতীয় সংবিধানে দিয়া এক্তিয়াৰ, ক্ষমতা আৰু নীতি নিয়মৰ মাজেৰে ৰাজ্যখনৰ অপৰাধ আৰু আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব লাগে। এই দায়িত্বৰ বেলিকা আৰক্ষীৰ দায়ৱদ্ধতাৰ প্ৰসংগটো আহি পৰে। আৰক্ষীয়ে নিজৰ কৰ্তব্য পালন কৰাৰ সময়ত নিজৰ দায়ৱদ্ধতাৰ দিশটো সদায় নজৰত ৰাখিবলগীয়া হয়। কিন্তু ওপৰত উল্লেখ কৰা ধৰণে কেতিয়াবা আৰক্ষীয়ে সেই দায়ৱদ্ধতা পাহৰি আইন হাতত তুলি লোৱা ঘটনাও ঘটে। আৱেগৰ বসৱৰ্তী হৈ আৰক্ষীয়ে নিৰ্দোসীজনৰ ওপৰতো বল প্ৰয়োগ কৰা ঘটনা ঘটে। ১৫ নৱেম্বৰত গুৱাহাটীৰ ফাঁচী বজাৰত ঘটা ঘটনাটোও অনুৰূপ এক ঘটনা। 

সেইবাবেই আৰক্ষীৰ দায়ৱদ্ধতাক নিয়ন্ত্ৰিত কৰি ৰখাৰ বাবে আৰক্ষী দায়ৱদ্ধতা আয়োগ থাকে। সেই আয়োগে আৰক্ষীৰ কাৰ্যক নিজৰ গণ্ডিৰ মাজেৰে সম্পাদন কৰাৰ ক্ষেত্ৰত তীক্ষ্ন নজৰ ৰাখে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf8NuOLqYwXl7x2DXtHuNvrVcag-fq6zJjHbu_VHhshl8J3hAqQkDHUXZbdQrG3bK5Jrn32r9C_j5s_iyw1Gw40IEpbMITWhCu6zrybRUsInHn343UJmb5q2xzfBKge-Jt-kNQH?key=hfbHLPKSCFr5qSxLJQ5dHvYB

আৰক্ষী দায়ৱদ্ধতা আয়োগৰ সবিশেষ জানো আহক

ৰাজ্যিক আৰক্ষী দায়ৱদ্ধতা আয়োগ ২০০৮ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়। ৰাজ্যিক আৰক্ষী দায়ৱদ্ধতা আয়োগৰ পৰা লাভৱান হয় অসম আৰক্ষী আইন ২০০৭ত নিৰ্ধাৰিত গুৰুতৰ অসৎ আচৰণৰ অৰ্থৰ ভিতৰত আৰক্ষীৰ অবৈধ/অযুক্তিকৰ কাৰ্য্যৰ দ্বাৰা ক্ষতিগ্ৰস্ত বা আন কোনো ব্যক্তি। আয়োগে সামগ্ৰিকভাৱে সমাজৰ প্ৰতি আৰক্ষীৰ দায়ৱদ্ধতা বৃদ্ধি কৰে।

আয়োগে কেনেকৈ তদন্ত কৰে?

ৰাজ্যিক আয়োগৰ নিজাকৈ তদন্তকাৰী দল আছে, যাৰ নেতৃত্বত এজন মুখ্য তদন্তকাৰী থাকে। আয়োগে যিকোনো ক্ষেত্ৰতে তদন্তৰ সৈতে জড়িত হ’বলৈ উপযুক্ত সংখ্যক বাহিৰৰ লোকক তদন্তকাৰী বা পৰ্যবেক্ষক হিচাপে নিযুক্তি দিব পাৰে।  তদন্তকাৰী সংস্থাই সময়ে সময়ে আয়োগে নিযুক্ত কৰা সকলো কৰ্তব্য আৰু দায়িত্ব পালন কৰিব লাগে। তদন্তকাৰী দলে যিকোনো আৰক্ষী কৰ্মীৰ কথিত অসৎ আচৰণ / গুৰুতৰ অসৎ আচৰণৰ অভিযোগৰ সন্দৰ্ভত স্থানীয়ভাৱে অধ্যয়ন/তদন্তৰ কাৰণ হোৱাৰ বাবে ৰাজ্যৰ যিকোনো ঠাইত ভ্ৰমণ কৰিবলৈ বাধ্য হ’ব পাৰে আৰু এনে তদন্তৰ বিশদ প্ৰতিবেদন অনুসন্ধান সম্পূৰ্ণ হোৱাৰ তাৰিখৰ পৰা সপ্তাহৰ ভিতৰত দাখিল কৰিব লাগে।

আয়োগ স্বায়ত্তশাসিত সংস্থা নে?

হয়, আয়োগে স্বায়ত্তশাসিত আয়োগৰ মৰ্যাদা লাভ কৰে, যিটো আয়োগৰ সচিব আৰু কৰ্মচাৰী নিযুক্তিৰ পদ্ধতি আৰু কামকাজ চলোৱাৰ বাবে নিয়ম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আয়োগক প্ৰদান কৰা মৰ্যাদাৰ পৰা স্পষ্ট হৈ পৰে।

আয়োগৰ কাষ চাপিব কেনেকৈ?

ভুক্তভোগী বা তেওঁৰ হৈ যিকোনো ব্যক্তিয়ে ধাৰা ৩৬ত সংজ্ঞায়িত কৰা অনুসৰি গুৰুতৰ অসৎ আচৰণৰ অভিযোগ দাখিল কৰিব পাৰে। অসম আৰক্ষী আইন ২০০৭ৰ ধাৰা ৭৮ৰ অধীনত ৰাজ্যিক আৰক্ষী দায়ৱদ্ধতা আয়োগলৈ অভিযোগৰ বিষয়বস্তুৰ সম্পূৰ্ণ বিৱৰণৰ লগতে যিকোনো আৰক্ষী কৰ্মীৰ বিৰুদ্ধে অসৎ আচৰণ / গুৰুতৰ অসৎ আচৰণ বিবেচনা কৰি যথাযথভাৱে শপতনামা দিয়া হয়। অভিযোগসমূহ অভিযোগকাৰীৰ পিন/যোগাযোগ নম্বৰৰ সৈতে সম্পূৰ্ণ স্বাক্ষৰযুক্ত সঠিক ঠিকনাৰে আয়োগৰ অধ্যক্ষ / সম্পাদকলৈ প্ৰেৰণ কৰিব লাগে। অভিযোগ পোনপটীয়াকৈ বা ডাক / ফেক্স / ইমেইলযোগে দাখিল কৰিব পাৰিব।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfTK1umctVwmgCPz9UJg4G10uSJ0VGaXHE1lwoE0RWc4CCLNGE0yz9Bngo282td-W6fSsrcwbo_ZWJxVq7RBU49dYtrl9tpjXtMdjdfct27E3dAZzSWbKFEuAQesOB5w7VcCzjX?key=hfbHLPKSCFr5qSxLJQ5dHvYB

আয়োগৰ সন্মুখত অভিযোগ দাখিল কৰাৰ বাবে কোনো নিৰ্ধাৰিত ফৰ্মেট আছেনে?

আয়োগৰ সন্মুখত অভিযোগ দাখিল কৰাৰ বাবে নিৰ্ধাৰিত ফৰ্মেট হ’ল অভিযোগটো আয়োগৰ বৰ্তমানৰ ঠিকনাত অভিযোগকাৰীৰ পিন/যোগাযোগ নম্বৰ উদ্ধৃত কৰি সম্পূৰ্ণ স্বাক্ষৰ / সঠিক ঠিকনাৰে শপতনামাৰ সৈতে দাখিল কৰিব লাগিব। অভিযোগ আবেদনত কোনো আদালতৰ মাচুল আৰু ডাকটিকট লগোৱাৰ প্ৰয়োজন নাই। সমগ্ৰ অসম ৰাজ্য আয়োগৰ অধীনলৈ আহে।

অভিযোগৰ ক্ষেত্ৰত আয়োগে কেনেকৈ তদন্ত কৰে?

ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে অনুসন্ধান কৰা গোচৰসমূহত আয়োগে ১৯০৮ চনৰ দেৱানী প্ৰক্ৰিয়া সংহিতাৰ অধীনত গোচৰৰ বিচাৰ কৰা দেৱানী আদালতৰ সকলো ক্ষমতা থাকিব, আৰু এয়া বিশেষকৈ তলত উল্লেখ কৰা বিষয়সমূহৰ ক্ষেত্ৰত হয়:-

 (ক) সাক্ষীসকলক মাতি অনা আৰু উপস্থিতি বলবৎ কৰা আৰু শপতনামাত তেওঁলোকক পৰীক্ষা কৰা;

(খ) যিকোনো নথি উদ্ধাৰ আৰু উপস্থাপন;

(গ) শপতনামাৰ ওপৰত প্ৰমাণ লাভ কৰা;

(ঘ) যিকোনো কাৰ্যালয়ৰ পৰা যিকোনো ৰাজহুৱা তথ্যাভিলেখ বা ইয়াৰ প্ৰতিলিপি বিচৰা;

(ঙ) সাক্ষী বা নথি-পত্ৰ পৰীক্ষাৰ বাবে কৰ্তৃপক্ষ নিয়োগ কৰা;

(চ) নিৰ্ধাৰিত আন যিকোনো বিষয় ইত্যাদি।

তদন্তৰ পাছত আয়োগৰ বাবে কি কি পদক্ষেপ মুকলি?

 তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আয়োগে তলত দিয়া যিকোনো পদক্ষেপ ল’ব পাৰে।

I আৰক্ষী কৰ্মীৰ বিৰুদ্ধে ‘গুৰুতৰ অসৎ আচৰণ’ৰ অভিযোগৰ তদন্ত সমাপ্ত হোৱাৰ পাছত যদি আয়োগে অভিযোগটো বিৰক্তিকৰ, তুচ্ছ বা অসৎ উদ্দেশ্যেৰে কৰা বুলি নিশ্চিত হয়, তেন্তে আয়োগে অভিযোগকাৰীৰ ওপৰত উপযুক্ত বুলি বিবেচিত জৰিমনা বিহিব পাৰে।

ii তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত ইয়াৰ তথ্যসমূহ ৰাজ্য আৰু ৰাজ্য চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দিষ্ট নিৰ্দেশনাৰে জনাই দিব পাৰে। 

(ক) প্ৰথম তথ্য প্ৰতিবেদন পঞ্জীয়ন কৰা; আৰু/বা

(খ) এনে তথ্যৰ ভিত্তিত বিভাগীয় ব্যৱস্থা আৰম্ভ কৰা, ইয়াৰ দ্বাৰা সংগ্ৰহ কৰা প্ৰমাণসমূহ যথাযথভাৱে আৰক্ষীলৈ প্ৰেৰণ কৰা। আয়োগৰ এনে নিৰ্দেশনা বাধ্যতামূলক হ’ব।

(গ) এনে সকলো গোচৰতে নিজৰ মতামত চূড়ান্ত কৰাৰ পূৰ্বে আয়োগে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক বিভাগৰ মতামত আৰু অতিৰিক্ত তথ্য যদি ইতিমধ্যে আয়োগৰ জাননীত নাই তেন্তে দাখিল কৰাৰ সুযোগ দিব লাগিব।

(ঘ) এনে ক্ষেত্ৰত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা অতিৰিক্ত তথ্য লাভ কৰাৰ পাছত আয়োগে নিজৰ তথ্যসমূহ পৰ্যালোচনা কৰিব পাৰে যিবোৰে গোচৰটোৰ ওপৰত বস্তুগত প্ৰভাৱ পেলাব পাৰে।

আয়োগে ছুও-মটো গোচৰ(Suo-Moto Case) গ্ৰহণ কৰে নেকি?

হয়, আৰক্ষী জোৱানৰ বিৰুদ্ধে গুৰুতৰ অসৎ আচৰণৰ অভিযোগৰ সন্দৰ্ভতো আয়োগে তদন্ত কৰিব পাৰে suo-moto আৰু ৰাজ্য আৰক্ষী দায়ৱদ্ধতা আয়োগৰ নিয়মাৱলী ২০০৮, অসমত সন্নিৱিষ্ট পদ্ধতি আয়োগে গ্ৰহণ কৰা suo-moto ব্যৱস্থাৰ ক্ষেত্ৰত যথাযথভাৱে প্ৰযোজ্য হ’ব।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcuWe2JsVSsMnKiqXCQdrhvBU4iV-58lLnEn7NjhnNC0GY53L-OnWTTOXbM5fgf372U93um1Hl3qHCh2xOQWL7sR4WXaRDxgdXU60nHws9F6xjrGbMfiYJJnHl_rosG2p-mSnjT?key=hfbHLPKSCFr5qSxLJQ5dHvYB

আয়োগে নিজৰ তথ্যসমূহ কেনেকৈ প্ৰকাশ কৰে?

তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত আয়োগে নিজৰ তথ্য ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু ৰাজ্য চৰকাৰক অৱগত কৰিব লাগিব। প্ৰথমে তথ্য প্ৰতিবেদন পঞ্জীয়ন কৰাব লাগে।  আৰক্ষীয়ে সংগ্ৰহ কৰা প্ৰমাণৰ যথাযথভাৱে অনুসৰণ কৰি এনে তথ্যৰ ভিত্তিত বিভাগীয় ব্যৱস্থা আৰম্ভ কৰা হয়। আদেশৰ প্ৰতিলিপিও অভিযোগকাৰীলৈ প্ৰেৰণ কৰা হয়। যদি আয়োগে গুৰুতৰ অসৎ আচৰণৰ কোনো গোচৰ নাপায়, তেন্তে এই কথাও অভিযোগকাৰীক জনোৱা হয়। আনহাতে যদি আয়োগে অভিযোগটো বিৰক্তিকৰ, তুচ্ছ বা কুসংস্কাৰপূৰ্ণ আছিল বুলি নিশ্চিত হয়, তেন্তে আয়োগে অভিযোগকাৰীৰ ওপৰত উপযুক্ত বুলি বিবেচিত জৰিমনা বিহিব পাৰে।

সবিশেষ ইয়াতে পঢ়ি চাব পাৰিব।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc_SxfxXOAob3qxF6aCCBPeLY5pKm808R-jUZjuae1roKwfY8V6V1lPEULzVYekDoYW_dQ--k7afOU05JkZIY6oo3_cSGKOWSChMAIBs3tYpL6NYnLc8XADn0CyrmBfifCV_slGGQ?key=hfbHLPKSCFr5qSxLJQ5dHvYB

উপসংহাৰঃ 

এই আলোচনাৰ পৰা আমি ইয়াকেই জানিব পাৰিলোঁ যে যদিও আৰক্ষী হৈছে আইন শৃখংলা ৰক্ষা কৰা এক শক্তি, কিন্তু তেওঁলোক আইনৰ উৰ্ধত নহয়। আইন তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য। যিকোনো অপৰাধ, অনীতি ৰোধ কৰাৰ বেলিকা আৰক্ষীয়ে আইনে কাটি দিয়া বাটেহে বাট বুলিব পাৰিব। নিজৰ ময়মতালিৰে কোনো সিদ্ধান্ত আৰক্ষীয়ে ল’ব নোৱাৰে। আৰু যদি আৰক্ষীয়ে আইনৰ গণ্ডিৰ বাহিৰত হৈ শক্তি প্ৰদৰ্শন কৰে, তেনেহ’লে তেওঁলোকক নিয়ন্ত্ৰণ কৰা অথবা উচিত শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষী দায়ৱদ্ধতা আয়োগ আছে। সাধাৰণ নাগৰিকে এই আয়োগৰ কাষ চাপি ন্যায় বিচাৰিব পাৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আৰক্ষীয়ে আইন ভংগ কৰিলে কি হয়? আৰক্ষী দায়ৱদ্ধতা আয়োগৰ কাষ কিদৰে চাপিব পাৰি? আৰক্ষীৰ দায়ৱদ্ধতা আৰু দায়ৱদ্ধতা আয়োগ সম্পৰ্কত জানো আহক।

Fact Check By:  Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *