
পাতনি
অসম হৈছে প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সমৃদ্ধ জৈৱবৈচিত্ৰ্যৰ বাবে সুপৰিচিত। সেই পৰিচিতি আজি এক জটিল আৰু উদ্বেগজনক সমস্যাৰ সন্মুখীন হৈছে। সেই সমস্যা হৈছে—মানুহ আৰু বন্য জীৱৰ মাজৰ সংঘৰ্ষ। এই সংঘৰ্ষ দিনক দিনে তীব্ৰ আৰু ঘনীভূত হৈ আহিছে, যাৰ ফলত মানুহ আৰু জীৱ-জন্তু দুয়োপক্ষৰে জীৱন-মৰণৰ সংকট, অর্থনৈতিক লোকচান আৰু পৰিৱেশীয় অসমত্বৰ সৃষ্টি হৈছে। শেহতীয়াকৈ অসমৰ নগাঁও জিলাত ৰেলৰ আলিত ৭টাকৈ হাতীয়ে প্ৰাণ হেৰুওৱা ঘটনাৰ পাছত এই বিষয়টো পুনৰপি চৰ্চালৈ আহিছে। এই লেখাত সেই বিষয়টোকে চৰ্চা কৰিবলৈ যতন কৰা হৈছে।
মানুহ-জীৱ সংঘৰ্ষ বুলিলে কি বুজা যায়?
সৰল কথাত, মানুহ আৰু বন্য জীৱৰ মাজত হোৱা যিকোনো ধৰণৰ অপ্ৰীতিকৰ আৰু ক্ষতিকাৰক ক্ৰিয়াকে মানুহ-জীৱ সংঘৰ্ষ বোলা হয়। ইয়াৰ ভিতৰত থাকেঃ-
১.বন্য জীৱই মানুহ আক্ৰমণ কৰা বা হত্যা কৰা।
২.হাতী, বাঘ, ভালুক, সাপ আদি জীৱই মানৱ বসতি, বাগিচা আৰু খেতি-পথাৰত আক্ৰমণ কৰি অর্থনৈতিক ক্ষতি কৰা।
৩.মানুহৰ দ্বাৰা বন্য জীৱ হত্যা, আহত বা তেওঁলোকৰ বাসস্থান ধ্বংস কৰা। ইত্যাদি।
অসমত এই সংঘৰ্ষৰ মুখ্য কাৰণসমূহঃ
১. বাসস্থান হ্ৰাস আৰু খণ্ডীতকৰণ: জনসংখ্যা বৃদ্ধি, কৃষিৰ প্ৰসাৰ, নগৰায়ণ, উদ্যোগিক বিকাশ আৰু বানপানীয়ে বন্য জীৱৰ সাধাৰণ বাসস্থানসমূহ সংকুচিত কৰি আহিছে। সংৰক্ষিত বনাঞ্চলবোৰ ‘বন-দ্বীপ’(forest island)ত পৰিণত হোৱাৰ বাবে জীৱবোৰ খাদ্য আৰু ঠাইৰ সন্ধানত মানৱ বসতিলৈ ওলাই আহিবলৈ বাধ্য হয়। উদাহৰণস্বৰূপে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে মানুহৰ বসতি থকাৰ বাবে হাতী, গঁড় আদি সঘনাই মানুহৰ মুখামুখি হয়।
২. কৰিড’ৰৰ অৱনতি: বন্য জীৱে এটা বনাঞ্চলৰ পৰা আন এটা বনাঞ্চললৈ যোৱাৰ প্ৰাকৃতিক পথসমূহক কৰিড’ৰ বোলা হয়। এই কৰিড’ৰবোৰ কৃষিভূমি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাটেৰে বাধাগ্ৰস্ত হোৱাত জীৱবোৰৰ যাতায়াতত বিঘিনি ঘটে আৰু সংঘৰ্ষৰ সম্ভাৱনা বৃদ্ধি পায়।
৩. খাদ্যৰ সন্ধান: বিশেষকৈ হাতীয়ে খাদ্যৰ অভাৱত মানুহৰ খেতি-পথাৰলৈ আক্ৰমণ কৰে। অসমত হাতীয়ে সঘনাই ধান, কুঁহিয়াৰ, কল আদি খেতি নষ্ট কৰে।
৪. মানৱীয় কাৰ্য্যকলাপ: বনাঞ্চলত জুমখেতি, লগুৱা ব্যৱহৃত উদ্যোগ, চিকাৰ, চোৰাং কাৰবাৰ আৰু দিনক দিনে বাঢ়ি অহা পৰ্যটনৰ বাবে বন্য জীৱৰ স্বাভাৱিক জীৱন ধাৰণত ব্যাঘাত জন্মে।
৫. জলবায়ু পৰিৱৰ্তন: বানপানী, ভূমিস্খলন আদিয়ে জীৱবোৰক নিজৰ বাসস্থান এৰি অন্যলৈ স্থানলৈ যাবলৈ বাধ্য কৰায়।
প্ৰভাৱ আৰু পৰিণতিঃ
১.মানৱীয় ক্ষতি: মানুহৰ মৃত্যু, শাৰীৰিক আঘাত, মানসিক আঘাত (ট্ৰমা) আৰু ঘৰ-দুৱাৰ, সম্পত্তিৰ ক্ষতি ।
২.কৃষি আৰু অৰ্থনৈতিক ক্ষতি: খেতি-বাতি নষ্ট হোৱা, ঘৰচীয়া জীৱ-জন্তুৰ প্ৰাণ হানি হোৱাত গ্ৰাম্য অৰ্থনীতিৰ ওপৰত প্ৰচণ্ড প্ৰভাৱ পৰে।
৩.জীৱ-জন্তুৰ ক্ষতি: সংঘৰ্ষত বহু বন্য জীৱ, বিশেষকৈ সুৰক্ষিত প্ৰজাতি যেনে হাতী, গঁড়, বাঘ আদিৰ মৃত্যু হয়। ৰেলৰ দূৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হোৱা, চোৰাং চিকাৰীৰ হাতত মৃত্যুও সাধাৰণ কথা হৈ পৰে। তাৰেই শেহতীয়া উদাহৰণ সেই ৭টা হাতীৰ মৃত্যু।
৪.পৰিৱেশজনিত অসমতা: ই এক দৰিদ্ৰ চক্ৰ সৃষ্টি কৰে। জীৱবোৰৰ বাসস্থান নষ্ট হ’লে সিহঁতে যেতিয়া আক্ৰমণ কৰে, তেতিয়া মানুহেও প্ৰতিহত কৰিবলৈ চেষ্টা কৰে, ফলত জীৱবোৰৰ সংখ্যা হ্ৰাস পায়— যাৰ দীৰ্ঘম্যাদী পৰিণতি জৈৱবৈচিত্ৰ্যৰ বাবে বিপদজনক।
অসমৰ কিছুমান চাঞ্চল্যকৰ উদাহৰণঃ
১.হাতী-মানুহ সংঘৰ্ষ: অসমত হাতী-মানুহ সংঘৰ্ষ সবাতোকৈ বেছি দেখা যায়। শোণিতপুৰ, গোলাঘাট, নগাওঁ আদি জিলাত বাৰিষাকালত হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু আৰু ব্যাপক কৃষি ক্ষতি সাধন হয়।
২.বাঘ-মানুহ সংঘৰ্ষ: কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চুবুৰীয়া গাঁওবোৰত বাঘে মানুহ আৰু ঘৰচীয়া জীৱ আক্ৰমণ কৰাৰ ঘটনা বেছিকৈ শুনা যায়।
৩.ভালুক আৰু বনৰীয়া গাহৰিৰ দ্বাৰা খেতি নষ্ট: পাহাৰীয়া জিলাবোৰত ভালুকে মানুহ আক্ৰমণ কৰে আৰু গাহৰিয়ে খেতি নষ্ট কৰে।
সমাধানৰ সম্ভাৱ্য পন্থাসমূহঃ
১. দীৰ্ঘম্যাদী সমাধান:
ক) বাসস্থান সংৰক্ষণ আৰু পুনৰুদ্ধাৰ: বন্য জীৱৰ অবিৰত বাসস্থান সংৰক্ষণ আৰু কৰিড’ৰ পুনৰুদ্ধাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।
খ) সচেতনতা বৃদ্ধি: স্থানীয় জনসমাজক বন্য জীৱৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ ওপৰত শিক্ষিত কৰিব লাগে।
গ) বীমা আৰু ক্ষতিপূৰণ: আক্ৰমণত হোৱা ক্ষতিৰ বাবে দ্ৰুত আৰু পর্যাপ্ত ক্ষতিপূৰণ আৰু বীমাৰ ব্যৱস্থা কৰিব লাগে।
২. প্রতিহতমূলক ব্যৱস্থা:
ক) শাৰীৰিক বাধা: খেতি-পথাৰৰ চাৰিওফালে শকতকৈ বেৰ (বৈদ্যুতিক বা চোলাৰ চালিত), খাল আদি নিৰ্মাণ।
খ) প্রাকৃতিক বাধা: হাতীয়ে নোখোৱা কিন্তু স্থানীয়ভাৱে সৃষ্টি হোৱা উদ্ভিদ ,যেনে, জলকীয়া, ভেৰা গছ আদি ৰোপণ কৰি ‘জৈৱিক বেৰ’ সৃষ্টি কৰিব পাৰি।
গ) প্রযুক্তিৰ ব্যৱহাৰ: আক্ৰমণৰ সম্ভাৱনা থকা অঞ্চলত ম’বাইল এপ্লিকেচন, চেন্সৰ, ড্ৰোন, এছএমএছ(SMS) সতর্কীকৰণ আদি ব্যৱহাৰ কৰি আগতীয়াকৈ জনাব পাৰি।
৩. সম্প্ৰদায়ভিত্তিক অংশগ্ৰহণ:
ক) স্থানীয় লোকক সংৰক্ষণ কাৰ্য্যত সক্ৰিয়ভাৱে জড়িত কৰাব লাগে। ‘হাতী মিত্ৰ’, ‘বন ব্যৱস্থাপনা সমিতি’ আদি গঠন কৰি তেওঁলোকক দায়িত্ব দিব লাগে।
খ) বিকল্প আয়ৰ উৎস (যেনে, এচ’চিয়েটেড চেণ্টাৰ, পৰিৱেশ-ভিত্তিক পৰ্যটন) সৃষ্টি কৰিব লাগে যাতে বনাঞ্চলৰ ওপৰত অতি নিৰ্ভৰশীলতা কমে।
৪.চৰকাৰী পদক্ষেপ:
ক) বন্য জীৱ সংৰক্ষণ আইন কঠোৰভাৱে প্ৰয়োগ কৰিব লাগে।
খ) ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ আদিয়ে জন্তুৰ কৰিড’ৰ অতিক্ৰম কৰোঁতে ওভাৰব্ৰিজ/আণ্ডাৰপাচ আদি নিৰ্মাণ কৰিব লাগে।
গ) বন্য জীৱৰ চিকিৎসা আৰু উদ্ধাৰ কাৰ্য্যৰ বাবে আধুনিক সুবিধা বৃদ্ধি কৰিব লাগে।
উপসংহাৰঃ
অসমত মানুহ-জীৱ সংঘৰ্ষ হৈছে এক জটিল সমস্যা, যাৰ কোনো সহজ সমাধান নাই। ইয়াৰ সমাধানৰ বাবে এক বহুমুখী আৰু সমন্বিত পন্থা অতি প্রয়োজন। বন্য জীৱ সংৰক্ষণ আৰু মানৱ সম্প্ৰদায়ৰ বিকাশ—এই দুয়োটাকে সামঞ্জস্যত ৰাখি আগবাঢ়িব লাগিব। প্ৰকৃতিৰ সৈতে সুস্থ সহাৱস্থানেই হৈছে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই অমূল্য প্ৰাকৃতিক ঐশ্বৰ্য্য ৰক্ষা কৰাৰ একমাত্ৰ উপায়। স্থানীয় জনতা, বনবিভাগ, চৰকাৰ, বিজ্ঞানী আৰু সমাজকর্মী সকলোৰে সমন্বিত প্ৰচেষ্টাৰে এই সংঘৰ্ষ হ্রাস কৰাটো সম্ভৱ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


