হাহিম সীমা বিবাদ কি?
হাহিম (Hahim) হ’ল অসমৰ কামৰূপ জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ মাজত অৱস্থিত এক বিতৰ্কিত সীমান্ত অঞ্চল। এই অঞ্চলত দুয়ো ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণক লৈ কেইবা দশকজুৰি বিবাদ চলি আহিছে।
কিয় হৈছে বিবাদ?
১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হোৱাৰ সময়তেই এইধৰণৰ সীমাৰ অস্পষ্টতা আছিল। অসমে ঐতিহাসিক ভূ-প্ৰশাসনিক মানচিত্ৰৰ ভিত্তিত সীমা চিনাক্ত কৰিব খোজে আৰু আনহাতে মেঘালয়ে স্থানীয় জনজাতীয় এলেকা আৰু ঐতিহ্যৰ ভিত্তিত সীমা দাবী কৰে। হাহিমতো একে সমস্যাই দেখা দিছিল। স্থানীয় লোকসকলৰ ভূমি, বনাঞ্চল আৰু সম্পদৰ ওপৰত নিয়ন্ত্ৰণক লৈ বিবাদ হৈছিল। ১৯৭২ চনত মেঘালয়ক সুকীয়া ৰাজ্য হিচাপে অসমৰ পৰা আঁতৰ কৰি সৃষ্টি কৰা হৈছিল যদিও নতুন ৰাজ্যখনে অসম পুনৰ্গঠন আইন, ১৯৭১ক প্ৰত্যাহ্বান জনাইছিল। যাৰ ফলত সীমান্তৱৰ্তী অঞ্চলৰ ১২টা স্থানত বিবাদৰ সৃষ্টি হৈছিল। ২০২২ৰ মাৰ্চত অসম আৰু মেঘালয় চৰকাৰে ১২টা স্থানৰ ভিতৰত ছটা স্থানত ৫০ বছৰীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াক উত্তৰ-পূবৰ বাবে ‘ঐতিহাসিক দিন’ বুলি অভিহিত কৰিছিল। শ্বাহ আৰু অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হৈছিল।
কি কি এই ১২টা স্থান?
এই ১২টা স্থান হৈছে ক্ৰমে উচ্চ তাৰাবাৰী, গাজাং সংৰক্ষিত বনাঞ্চল, হাহিম, লাংপি, বৰদুৱাৰ, বোকলাপাৰা, নংৱাহ, মাতামুৰ, খানাপাৰা-পিলাংকাটা, দেশদেমোৰাহ প্ৰথম ব্লক আৰু দ্বিতীয় ব্লক, খাণ্ডুলি আৰু ৰেটাচেৰা।
বিবাদৰ কেন্দ্ৰ বিন্দু কি?
পশ্চিম গাৰো পাহাৰৰ অসমৰ কামৰূপ জিলাৰ সীমান্তৱৰ্তী মেঘালয়ৰ লাংপি জিলা চুবুৰীয়া ৰাজ্য দুখনৰ মাজত এক প্ৰধান বিতৰ্কৰ বিন্দু। ব্ৰিটিছ ঔপনিৱেশিক কালত লাংপি কামৰূপ জিলাৰ অংশ আছিল যদিও ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা লাভৰ পাছত গাৰো পাহাৰ আৰু মেঘালয়ৰ অংশ হৈ পৰে। আন এটা বিতৰ্কৰ বিষয় হ’ল অসমে নিজৰ অংশ বুলি গণ্য কৰা মিকিৰ পাহাৰ। বৰ্তমান কাৰ্বি আংলং অঞ্চল অসমৰ অংশ হোৱা মিকিৰ পাহাৰৰ প্ৰথম আৰু দ্বিতীয় ব্লকক লৈ মেঘালয়ে প্ৰশ্ন উত্থাপন কৰিছে। মেঘালয়ে কয় যে এইবোৰ পূৰ্বৰ ইউনাইটেড খাচী আৰু জয়ন্তীয়া হিলছ জিলাৰ অংশ আছিল।
এতিয়ালৈকে কৰা প্ৰচেষ্টা?
শেহতীয়াকৈ ৰাজ্য দুখনে গঠন কৰিছিল সীমান্ত বিবাদ নিষ্পত্তি সমিতি। হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই সীমান্ত বিবাদ পৰ্যায়ক্ৰমে সমাধানৰ বাবে দুটা আঞ্চলিক পেনেল গঠন কৰাৰ সিদ্ধান্ত লৈছিল। শৰ্মাৰ মতে সীমান্ত বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত পাঁচটা দিশ বিবেচনা কৰিব লাগিছিল। সেয়া হৈছে –ঐতিহাসিক তথ্য, জাতি, প্ৰশাসনিক সুবিধা, সংশ্লিষ্ট লোকসকলৰ মনোভাৱ তথা আৱেগ আৰু ভূমিৰ সংলগ্নতা। প্ৰথম পৰ্যায়ত তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা-পিলিংকাটা আৰু ৰাটাচেৰাকে ধৰি ছটা পইণ্ট বিবেচনা কৰা হৈছিল।
২০২২ৰ চুক্তিত কি হৈছিল?
অসম আৰু মেঘালয়ৰ মাজত বিবাদৰ ১২টা বিন্দুৰ ভিতৰত তুলনামূলকভাৱে কম জটিল পাৰ্থক্য থকা ছটা অঞ্চল প্ৰথম পৰ্যায়ত গ্ৰহণ কৰা হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে দুয়োখন ৰাজ্যৰ সীমান্তৰ ৭০ শতাংশ বিবাদৰ সমাধান হৈছে। ৩৬.৭৯ বৰ্গ কিলোমিটাৰ এলেকাৰ ছয় স্থানত ৩৬খন গাঁও আছে, যাৰ সন্দৰ্ভত চুক্তি কৰা হৈছে। ২০২১ৰ আগষ্ট মাহত ৰাজ্য দুখনে তিনিখনকৈ কমিটী গঠন কৰি বিবগমান সীমা সমস্যাৰ সমাধানৰ বাট বিচাৰিছিল। শৰ্মা আৰু চাংমাৰ মাজত দুইলানি আলোচনাৰ পাছতে পেনেলসমূহৰ সংবিধান গঠন হৈছিল য’ত চুবুৰীয়া ৰাজ্যসমূহে পৰ্যায়ক্ৰমে বিবাদ নিষ্পত্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সমিতিসমূহে দিয়া যুটীয়া চূড়ান্ত পৰামৰ্শ অনুসৰি প্ৰথম পৰ্যায়ত বন্দোবস্তৰ বাবে লোৱা ৩৬.৭৯ বৰ্গ কিলোমিটাৰ বিবাদিত এলেকাৰ ভিতৰত অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ আৰু মেঘালয়ে ১৮.২৮ বৰ্গ কিলোমিটাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিব।
বৰ্তমান স্থিতি
যদিও ২০২২ চনত দুয়োখন ৰাজ্যই ৬টা বিতৰ্কিত অঞ্চলৰ সমাধানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে, কিন্তু হাহিমৰ দৰে কেইবাটাও অঞ্চলত বিবাদ এতিয়াও অব্যাহত আছে। কেতিয়াবা উত্তেজনা বাঢ়ি সীমান্তত উত্তপ্ত পৰিস্থিতিও সৃষ্টি হয়। অতি শেহতীয়াকৈ ২০২৫ৰ চলিত মাহৰ আৰম্ভনীতে(জুলাই) অসম আৰু মেঘালয়ৰ প্ৰশাসনিক বিষয়াসকলে উল্লেখ কৰিছে যে অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত হাহিম অঞ্চলত সীমা স্তম্ভ নিৰ্মাণ কৰা হৈছে, ১৯৭২ চনত মেঘালয়ক সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা সময়ৰে সীমা বিবাদৰ সমাধানৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই কাৰ্য কৰা হৈছে।
গীজাং আৰু তিৰচাঙ নদীৰ পাৰত—হাহিম বজাৰৰ সমীপৰ উমছেক (মথাপোটা), মাছপাৰা, মালাপাৰা, ৰাণীঘৰ, চালপাৰা, থুতিয়া বজাৰ আদি গাঁৱৰ মাজেৰে পাৰ হৈ শেষত মেঘালয়ৰ অন্তৰ্গত আঠিয়াবাৰীৰ পাছত ৰংছাপাৰালৈ স্তম্ভ নিৰ্মাণ কৰা হৈছে। অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ যুটীয়া নেতৃত্বত ২ জুনত হোৱা এক আলোচনাৰ অন্তত এই কথা প্ৰকাশ কৰিছে। বছৰ বছৰ ধৰি দুয়োখন ৰাজ্যই ৩২টা ৰাউণ্ডৰ চৰকাৰী বৈঠক অনুষ্ঠিত কৰি ২৭০০ বৰ্গ কিলোমিটাৰতকৈ অধিক বিস্তৃত ১২টা বিবদমান ক্ষেত্ৰৰ সমাধানৰ চেষ্টা কৰিছে। দশক দশক ধৰি অচলাৱস্থাৰ অন্তত ২০২২ চনৰ মাৰ্চ মাহত অসম আৰু মেঘালয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজি চুক্তি স্বাক্ষৰ কৰি ১২টা বিবাদিত খণ্ডৰ ভিতৰত ছটা খণ্ডৰ সমাধান কৰিছিল। চলিত মাহত অনুষ্ঠিত দ্বিতীয় ৰাউণ্ডৰ আলোচনাৰ সময়ত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ২০২৫ চনৰ ১৫ আগষ্টৰ ভিতৰত ছটা সমাধান কৰা খণ্ড — তাৰাবাৰী, গিজাং, হাহিম, বক্লাপাৰা, খানাপাৰা-পিলাংকাটা, আৰু ৰাটাচেৰা —ত সীমান্তৰ স্তম্ভ স্থাপন আৰম্ভ কৰিবলৈ সন্মতি হয়। জৰীপ দলটোৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, ‘এয়া কেৱল এটা কংক্ৰিট স্তম্ভ নহয়, ই শান্তি, স্পষ্টতা আৰু সীমান্ত সম্প্ৰদায়ৰ বাবে এক উন্নত ভৱিষ্যতৰ প্ৰতীক। নাম প্ৰকাশ নকৰাকৈ এজন বিষয়াই কয় যে দুয়োখন ৰাজ্যৰ ফিল্ড ইউনিটে অতি সোনকালে গিজাঙৰ কাষৰীয়া অঞ্চলসমূহত সমান্তৰালভাৱে নিৰ্মাণ আৰম্ভ কৰিব। “দশক দশক ধৰি আমি বিভ্ৰান্তিৰে জীয়াই আছিলো।আজি আমি ইতিহাস শিলত লিখাৰ সাক্ষী হৈছো।’
উপসংহাৰ
যদিও কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত কিছু মধ্যস্থতা কৰিছে, কিন্তু স্থানীয় জনগোষ্ঠীৰ মতামত সন্নিৱিষ্ট কৰি আলোচনা আগবঢ়ালে এই বিবাদৰ এক স্থায়ী সমাধান হ’ব বুলি ধাৰণা কৰিব পাৰি। তদুপৰি ভৌগোলিক তথ্য আৰু ঐতিহাসিক দলিলৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰিলে এই সমাধানে স্থায়ীত্ব লাভ কৰিব। অসম পুনৰ্গঠন আইন, ১৯৭১ৰ অধীনত দুয়োখন ৰাজ্যৰ মাজৰ সীমা নিৰ্ধাৰণ কৰাৰ পাছত বিশেষকৈ জনগোষ্ঠীয় সংবেদনশীলতা, ঐতিহাসিক দাবী আৰু ভূমি পৰ্যায়ৰ বলবৎকৰণৰ অভাৱৰ বাবে ছটা অমীমাংসিত অঞ্চল — প্ৰথম ব্লক, দ্বিতীয় ব্লক, লাংপি, দেশডুমৰীয়া, খাণ্ডুলি, আৰু নংৱাহ-মাৱতামুৰ আদি ফ্লেছপইণ্ট হৈয়েই আছে। হাহিমৰ দৰে সীমা বিবাদে শান্তিপূৰ্ণ সহাবস্থানত বাধা সৃষ্টি কৰে। দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনা আৰু সহযোগিতাৰে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্রচেষ্টা চলোৱা উচিত।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title: অসম আৰু মেঘালয়ৰ মাজৰ হাহিম সীমা বিবাদঃ এক আলোচনা।
Fact Check By: Pranjal SharmaResult: Insight
