অসমৰ দৰঙাত প্ৰথমটো ইমিগ্ৰেছন চেকপোষ্ট মুকলিঃ
ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে ৭ নৱেম্বৰ ২০২৪, বৃহস্পতিবাৰে ভাৰত-ভূটান সীমান্তৰ অসমৰ তামুলপুৰ জিলাৰ লেণ্ড প’ৰ্ট দৰঙাত এটা ইমিগ্ৰেচন চেকপোষ্ট (আই চি পি) উদ্বোধন কৰা হয়। ইয়াৰ পূৰ্বে ভাৰত আৰু ভূটানৰ মাজত যাত্ৰা কৰা অন্য দেশৰ নাগৰিকক কেৱল পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বা জয়গাঁও-ফুয়েনচেলিং স্থল সীমান্তৰে ভূটানত প্ৰৱেশ আৰু প্ৰস্থানৰ অনুমতি দিয়া হৈছিল।
ইমিগ্ৰেচন চেকপোষ্ট কি আৰু ভাৰতত মুঠ কিমানটা আছেঃ
আমাৰ দেশৰ পৰা অন্য এখন দেশলৈ ভ্ৰমণ কৰিবলৈ হ’লে বা অন্য দেশৰ পৰা আমাৰ দেশত প্ৰৱেশ কৰিবলৈ হ’লে এক নিৰ্দিষ্ট চেকপোষ্টত দেশৰ নাগৰিকে নিজৰ সকলো আইনগত তথ্য দেখুৱাব লগীয়া হয়। ভ্ৰমণৰ উদ্দেশ্যৰ পৰা আদি কৰি সকলো তথ্য এই পোষ্টত পৰীক্ষা কৰা হয়। মূলতঃ দেশ এখনৰ নিৰাপত্তা, সাৰ্বভৌমত্ব আৰু নাগৰিকৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা ৰখা হয়।
আমাৰ দেশৰ আকাশমাৰ্গ যাত্ৰা, জলপথ, ৰেলপথ আৰু স্থলপথৰ যাত্ৰাৰ বাবে বিভিন্ন স্থানত এইধৰণ ইমিগ্ৰেছন চেকপোষ্ট আছে। শেহতীয়া ২০১৯ চনৰ তথ্য অনুসৰি আকাশীপথ, জলপথ,ৰেলপথ আৰু স্থলপথ মিলি মুঠ ১০৭টা এনেকুৱা চেকপোষ্ট আছে। তাৰে ভিতৰত আকাশীপথৰ বাবে ৩৫টা, ৰেলপথৰ বাবে ৫টা, সাগৰপথৰ বাবে ২৭টা, নৈপথৰ বাবে ৪টা আৰু স্থলপথৰ বাবে ৩৬টা চেকপোষ্ট আছে। দৰঙাত মুকলি কৰা নতুন চেকপোষ্ট ধৰিলে স্থলপথৰ বাবে ৩৭টা চেকপোষ্ট হ’ব।
সেই তথ্য আপোনালোকে ইয়াত চাব পাৰিব।
নতুন চেক পোষ্ট মুকলিৰ সবিশেষঃ
২০২৩ চনৰ নৱেম্বৰ মাহত ভূটানৰ ৰজাৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োপক্ষই অসমৰ দৰঙাত আৰু ভূটানৰ চামদ্ৰুপ জংখাৰক ইমিগ্ৰেচন চেকপোষ্ট হিচাপে ব্যৱহাৰ কৰিবলৈ সন্মত হৈছিল। সেই মৰ্মে দুয়োখন দেশৰ মাজৰ যাতায়াত আৰু সম্পৰ্ক উন্নত কৰাৰ বাবে প্ৰথমটো চেকপোষ্ট হিচাপে তামুলপুৰৰ দৰঙাত এই চেকপোষ্টটো মুকলি কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভূটান আৰু ভাৰতৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্পৰ্ক আৰু সীমা অতিক্ৰম কৰি আন্তঃগাঁথনি উন্নয়ন আৰু মানুহৰ লগত মানুহৰ সংযোগ বৃদ্ধিৰ বাবে শেহতীয়া পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ ভূটান ৰয়েল চৰকাৰৰ অগ্ৰাধিকাৰৰ ভিত্তিত অংশীদাৰিত্ব আৰু অধিক সম্প্ৰসাৰণৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা ভূটানৰ প্ৰধানমন্ত্ৰী দেশ্বো ছেৰিং টবগেই দৰঙাত ইমিগ্ৰেচন চেক-পোষ্ট কাৰ্যকৰী কৰা কাৰ্যক আদৰণি জনায়। পূব ভূটানৰ পৰ্যটন আৰু অৰ্থনৈতিক উন্নয়নত এই চেকপোষ্টে সহায় কৰিব বুলি তেওঁ কয়। তদুপৰি এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কুমাৰ, আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে।
সেই সম্পৰ্কে আৰু অধিক বাতৰি ইয়াত, আৰু ইয়াত পঢ়িবলৈ পাৰিব।
নতুন চেকপোষ্টটোৰ সা-সুবিধাৰ সবিশেষঃ
এই গুৰুত্বপূৰ্ণ স্থল বন্দৰটো ভূটান সীমান্তৰ পৰা মাত্ৰ ৭০০ মিটাৰ দূৰত্বত অৱস্থিত। ই আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক শ্ৰীবৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে। ১৪.৫ একৰ ভূমিত বিস্তৃত চেকপোষ্টটো অত্যাধুনিক সা-সুবিধাৰে সজ্জিত কৰা হৈছে। ই সীমা অতিক্ৰমী ভ্ৰমণ আৰু বাণিজ্য সুশৃংখলিত কৰিব। ভাৰতৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চেকপোষ্টটো ভূটানৰ শক্তিশালী শুল্ক আন্তঃগাঁথনিৰ দ্বাৰা প্ৰদান কৰা উন্নত সংযোগৰ লাভ উঠাবলৈ কৌশলগতভাৱে স্থাপন কৰা হৈছে, যাতে সুদক্ষ কাৰ্য্যকলাপ নিশ্চিত কৰিব পৰা যায়। নতুন চেকপোষ্টটোত আছে উন্নত কাৰ্যালয়, পাৰ্কিং জ’ন, লোডিং আৰু আনলোডিং এৰিয়া, বেইট ব্ৰিজ, গুদাম আৰু বিষয়া কৰ্মচাৰীসকলৰ বাবে আছে আৱাসিক কোৱাৰ্টাৰ। ভাৰতীয় ভূমি বন্দৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা এই চেক পোষ্টটোত পৰিদৰ্শন স্থান, প্লাণ্ট কোৱাৰেণ্টাইন ব্যৱস্থা, আৰু কাম-কাজ সুশৃংখলিত কৰিবলৈ ভিন্ন পাৰ্কিঙৰ সুবিধাও আছে। দৰঙাৰ কৌশলগত অৱস্থানে উন্নত সংযোগ নিশ্চিত কৰিছে
নতুন চেকপোষ্ট মুকলিয়ে কি সুফল দিবঃ
ইমিগ্ৰেচন চেক পোষ্টৰ এই উদ্বোধনীয়ে আঞ্চলিক আন্তঃসংযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিব। ভাৰতৰ উন্নয়নমূলক পদক্ষেপ আৰু ভূটানৰ ঔদ্যোগিক উৎপাদন বিশেষকৈ মট্টাংগাৰ পৰা বৃদ্ধি পোৱাৰ লগে লগে এই চেকপোষ্টে বাণিজ্য সম্প্ৰসাৰণৰ অনুঘটক হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। “সমজং” ব্ৰেণ্ড আৰু চামদ্ৰুপ-জংখাৰৰ সক্ৰিয় বজাৰসমূহে দুয়ো দেশৰ মাজত অৰ্থনৈতিক আৰু সাংস্কৃতিক সহযোগিতাৰ ওপৰত গুৰুত্বপূৰ্ণ ভুমিকা ল’ব। আইচিপি দৰঙা কেৱল বাণিজ্যিক কেন্দ্ৰই নহয়, স্থানীয় অৰ্থনীতি বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কও উন্নত কৰিব। এই চেকপোষ্টত হোৱা শক্তিশালী উন্নয়নে ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু উন্নয়নৰ বাবে এক মূল আধাৰ স্থাপন কৰিব বুলি আশা কৰা হৈছে। আই চি পি দৰঙাৰ মুকলি এক গুৰুত্বপূৰ্ণ বন্ধুত্বৰ সেতু আৰু ভাৰত আৰু ভূটানৰ বাবে ভাগ-বতৰাৰ সমৃদ্ধিৰ দুৱাৰমুখ হিচাপে বিবেচিত হৈছে। এই ইমিগ্ৰেচন চেকপোষ্টে সহযোগিতা আৰু পাৰস্পৰিক উন্নয়নৰ মনোভাৱক মূৰ্ত কৰি অৰ্থনৈতিক শ্ৰীবৃদ্ধি আৰু আঞ্চলিক আন্তঃসংযোগ বৃদ্ধিৰ বাবে এক কৌশলগত পদক্ষেপক নিশ্চিত কৰে।
উপসংহাৰঃ
যদিও ভাৰত আৰু ভূটানৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু দুয়োখন দেশৰ নাগৰিকে অসমৰ মাজেৰে যাতায়াত আৰু বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘদিনে এক পাৰস্পৰিক বুজাবুজিৰ মাজেৰে পৰিচালিত হৈ আহিছিল, সেয়া আছিল বহু সময়ত শিথিল। কিন্তু এইদৰে ইমিগ্ৰেচন চেকপোষ্ট স্থাপনে এতিয়া দুয়োখন দেশৰে এই সম্পৰ্কক আৰু অধিক সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ভাৰত-ভূটান সীমান্তৰ প্ৰথমটো ইমিগ্ৰেচন চেকপোষ্ট মুকলি তামুলপুৰৰ দৰঙাত। সবিশেষ জানো আহক।
Written By: Pranjal SharmaResult: Insight
