প্ৰসংগঃ উৰণ সেতু বা অন্য কংক্ৰিট নিৰ্মাণ ,প্ৰকৃতি সংৰক্ষণ আৰু বিকল্প চিন্তা
সাম্প্ৰতিক সময়ত অসমৰ ৰাজধানী চহৰ গুৱাহাটীত চলি থকা কিছুমান নিৰ্মাণকাৰ্যক কেন্দ্ৰ কৰি ব্যাপক আলোচনা আৰু সমালোচনা অব্যাহত আছে। বিশেষকৈ নিউ গুৱাহাটীৰ পৰা দীঘলীপুখুৰী পাৰলৈ নিৰ্মাণ কৰি থকা উৰণ সেতুখনৰ বাবে দীঘলীপুখুৰী পাৰৰ শতিকা পুৰণি কেইবাজোপাও গছ কাটি পেলোৱা হ’ব বুলি চৰকাৰীভাৱে এক সিদ্ধান্ত প্ৰকাশ হোৱাৰ পাছত এইক্ষেত্ৰত ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ জোৱাৰ উঠিছিল। মহানগৰীৰ বহুসংখ্যক জ্যেষ্ঠ নাগৰিকৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰৰ ৰাইজ আৰু ছাত্ৰসমাজে ইয়াৰ প্ৰতিবাদ কৰা দেখা গৈছিল।
আনকি আৰক্ষী আৰু প্ৰতিবাদী ছাত্ৰৰ মাজত হতাহতি পৰ্যন্ত হৈছিল। আনফালে ভৰলু অঞ্চলত হৈ থকা নিৰ্মাণকাৰ্যৰ বাবে গছ কটাক কেন্দ্ৰ কৰি প্ৰতিবাদ কৰা হৈছিল। বিভিন্ন ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কেইগৰাকীমান চিত্ৰকৰে নিজৰ চিত্ৰৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰৱৰ্তীসময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰাও হৈছিল। বৰ্তমান সেই বিষয়টো বিচাৰাধীন হৈ আছে।
আজিৰ এই লেখাত আমি প্ৰকৃতিৰ সৈতে কোনোধৰণ ক্ষতিকাৰক কৰ্ম নকৰাকৈ কংক্ৰিটৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিকল্প চিন্তা সম্পৰ্কে আলোচনা কৰিব চেষ্টা কৰিছোঁ। আধুনিক উন্নয়নৰ সমান্তৰালকৈ প্ৰকৃতিগত সম্পদসমুহো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কি চিন্তা কৰিব পৰা যায়, তাৰেই এক আলোচনা এই লেখা।
অসম চৰকাৰৰ শেহতীয়া স্থিতি
দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ কটাৰ ক্ষেত্ৰত ৰাইজৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য কৰি অৱশেষত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱিত উৰণ সেতুখনৰ নক্সা সলনি কৰি দৈৰ্ঘ্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ঘোষণা কৰি হৈছিল যে উৰণ সেতুখন আমবাৰী লেম্বৰোডলৈকে হে নিৰ্মাণ কৰা হ’ব।
সেই বাতৰি ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
প্ৰকৃতিৰ সুষমা ৰক্ষা কৰি নিৰ্মাণকাৰ্য সম্পাদনৰ কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ প্ৰস্তাৱ আৰু মতামত
এই বিষয়টোক লৈ আমি যোগাযোগ কৰিছিলোঁ সামাজিক দায়বদ্ধতা হিচাপে কাৰিকৰীভাৱে অভিমুখী বিষয়ত পৰামৰ্শদাতা, অসামৰিক অভিযন্তা আৰু সমাজকৰ্মী জে.এন.খাটনিয়াৰৰ। তেখেতে আমাক অৱগত কৰে এইদৰে- “ঐতিহ্যমণ্ডিত আৰু গুৰুত্বপূৰ্ণ সকলো পুৰণি গছকে সুৰক্ষিত কৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত ভৰলুমুখ পইণ্টত প্ৰস্তাৱিত উৰণ সেতুখনৰ এলাইনমেণ্টৰ বিকল্প ব্যৱস্থাৰ বাবে মই এটা অধ্যয়ন কৰিছিলোঁ। এটা পৰিবেশ অনুকুল আৰু মানুহৰ ক্ষেত্ৰত বন্ধুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ বাবে সমগ্ৰ স্থানত সঠিক বিভাগৰ সঠিক ব্যক্তিৰ দ্বাৰা অধিক অধ্যয়ন আৰু সম্ভাৱনীয়তাৰ দিশসমূহৰ প্ৰয়োজন আছে। নদীৰ লগতে পৰিবেশতন্ত্ৰকো ভালদৰে সুৰক্ষিত কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা কথাটোৱে সদায় অগ্ৰাধিকাৰ লাভ কৰিব লাগে। ব্ৰহ্মপুত্ৰ স্পৰ্শ কৰাৰ ঠিক আগত ভৰালু নদীৰ প্ৰবাহৰ সেই শেষ বিন্দুটো যথেষ্ট পৰিমাণৰ লেতেৰা পৰিস্থিতিত আছে যাৰ তাৎক্ষণিক যত্নৰ প্ৰয়োজন আছে। বিকল্প ধাৰণাটোৱে ব্ৰহ্মপুত্ৰ নদীৰ স্পৰ্শ বিন্দুলৈকে নদীৰ ওপৰত এখন সুন্দৰ উচ্চ উৰণ সেতুৰ তলত নদীৰ মূৰটো যেন উন্নত কৰে তাৰ চিন্তা কৰিব লাগিব। গুৱাহাটীৰ ভৰলুমুখত ভৰলুৰ পৰা ব্ৰহ্মপুত্ৰলৈ পানীৰ সহজ প্ৰবাহৰ লগতে সেউজীয়াখিনি সুৰক্ষিত কৰি সম্ভাৱনীয়তাৰ দিশৰ সঠিক অধ্যয়নৰ অন্তত এটা প্ৰতিষ্ঠিত প্ৰকল্পৰ দ্বাৰা দুটা গুৰুত্বপূৰ্ণ বিষয় সমাধান কৰিব যেন লাগে।”
তেখেতে এই সম্পৰ্কে আমাক কিছু আৰ্হিও যোগান ধৰিছিল।
গুগল মেপৰ সহায়ত তেখেতে আমাক এইদৰে বুজাই দিছিল।
ভৰলুৰ শেহতীয়া অৱস্থাৰ ৰূপ তেখেতে আমাক দেখুৱাইছিল।
গছ নকটাকৈ কৰা নিৰ্মাণকাৰ্যৰ কিছু উদাহৰণ
আমাৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত প্ৰকৃতিৰ সৈতে কোনোধৰণৰ ক্ষতিকাৰক কৰ্ম নকৰাকৈ নিৰ্মাণকাৰ্য সম্পন্ন হোৱাৰ উদাহৰণ আছে। শেহতীয়াকৈ বাংগালুৰুৰ এগৰাকী আৰ্কিটেক্ট জৰ্জ ৰামাপুৰমে পাহাৰীয়া এটুকুৰা ভূমিত প্ৰকৃতিৰ সৈতে কোনোধৰণ খেলিমেলি নকৰাকৈ এজোপা গছো নকটাকৈ এটা সুদৃশ্য ঘৰ নিৰ্মাণ কৰি দেখুৱাইছিল।
ৰামাপুৰমে তেওঁৰ গ্ৰাহকৰ বাবে কেৰালাৰ ৱাইনাডত নিৰ্মাণ কৰি উলিওৱা ঘৰটোৱে প্ৰকৃতি সুৰক্ষাৰ লগতে আধুনিক নিৰ্মাণৰো এক নিদৰ্শন হিচাপে বিবেচিত হৈছিল।
সেই সম্পৰ্কে সবিশেষ কথাখিনি আপোনালোকে ইয়াতে পঢ়িবলৈ পাব।
তেনেকুৱা আনেক উদাহৰণ আমি ল’ব পাৰোঁ। এজোপা প্ৰকাণ্ড গছক কেন্দ্ৰ কৰি জাপানত নিৰ্মাণ কৰি উলিওৱা হৈছিল শিশুসকলৰ এখন কিণ্ডাৰগাৰ্টেন।
বিশ্বৰ বিভিন্ন প্ৰান্তত এইদৰে নিৰ্মাণকাৰ্য সম্পন্ন কৰাৰ বেলিকা গছ সংৰক্ষণ কৰাৰ বিভিন্ন উদাহৰণ আছে।
তেনেকুৱা আৰু অধিক উদাহৰণ আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব।
উপসংহাৰঃ
বিভিন্ন উদাহৰণ তথা বিশেষজ্ঞৰ সৈতে কথা পাতি আমি এই কথা ক’ব পাৰোঁ যে সাম্প্ৰতিক সময়ত উন্নয়ৰো প্ৰয়োজন আছে আৰু পৰিবেশতন্ত্ৰৰ ভাৰষাম্য ৰক্ষাৰ ক্ষেত্ৰত অধিক দায়বদ্ধতাৰো প্ৰয়োজন আছে। উৰণ সেতুৰ পৰা আৰম্ভ কৰি বিভিন্ন কংক্ৰিট নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত যধেমধে গছ কটাৰ সলনি বিকল্প চিন্তাৰে আৰ্হি প্ৰস্তুত কৰি প্ৰকৃতিৰ সৈতে সহবাস কৰাৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। তেতিয়াহে প্ৰকৃত উন্নয়নে মানৱ সমাজক উপকৃত কৰিব। অন্যথা প্ৰকৃতিৰ ভাৰষাম্য নষ্ট হৈ দুৰ্যোগ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:প্ৰকৃতি ধ্বংস নকৰাকৈয়ো কংক্ৰিটৰ বৃহৎ নিৰ্মাণ সম্ভৱনে? কি কয় বিশেষজ্ঞই, কি শিকোঁ আমি ভিন্ন দৃষ্টান্তৰ পৰা।
Fact Check By: Pranjal SharmaResult: Insight
