
প্ৰস্তাৱনাঃ
অসমৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে, অসমৰ গৌৰৱৰ নদী ব্ৰহ্মপুত্ৰৰ তলেদি এক সুৰংগ পথ(Tunnel) সাজি উলিওৱা প্ৰকল্প হাতত লোৱা হৈছে। ই ভাৰতৰে ভিতৰত প্ৰথম নৈতলীয়া ৰেল আৰু স্থলপথ হ’ব। ই এক আধুনিক অভিযান্ত্ৰিক কাৰিকৰীৰ বিস্ময়কৰ সাধনা। ইয়াক বগীবিল আণ্ডাৰৱাটাৰ টানেল (Bogibeel Underwater Tunnel) বুলি কোৱা হৈছে। এই প্ৰস্তাৱিত পৰিকল্পনাত ব্ৰহ্মপুত্ৰ নদীৰ তলেদি গাড়ী আৰু ৰেল যোগাযোগ– দুয়োটা একেলগে চলিব পৰা সুৰংগপথ নিৰ্মাণ কৰাৰ কথা ভবা হৈছে। ২০২৬ৰ আৰম্ভনীতে এই প্ৰকল্প আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই সম্পৰ্কত কিছু সংক্ষিপ্ত আলোচনা এই লেখাত আগবঢ়াৱো হৈছে।
এই প্ৰকল্পৰ কিছু উল্লেখযোগ্য তথ্যঃ
সুৰংগটোৰ দৈৰ্ঘ্য আনুমানিক ৯.৮ কিলোমিটৰ। খৰচ ধাৰ্য্য কৰা হৈছে প্ৰায় ৭,০০০ কোটি টকা। স্থলপথ,ৰেলপথ আৰু আপদকালীন পথ, তিনিওটা সমান্তৰালকৈ থাকিব ইয়াত। সুৰংগত দুটা সুকীয়া ৰেল লাইন থাকিব, যিয়ে এটা সময়ত দুয়োফালে ৰেলগাড়ী চলাচল কৰাৰ সুবিধা কৰি দিব। সুৰংগ নিৰ্মাণৰ বাবে “tunnel boring machine” প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব বুলি জনোৱা হৈছে। মজবুত গঠন-পানী সোমোৱাৰ পৰা ৰক্ষা কৰিবলৈ ইয়াক বিশেষ ধৰণেৰে ডিজাইন কৰা হৈছে।
ক’ৰ পৰা ক’লৈ এই সুৰংগপথঃ
গহপুৰৰ আৰু নুমলীড়ৰ মাজত এই সুৰংগ নিৰ্মাণ কৰা হ’ব বুলি প্ৰকাশ হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ তলত প্ৰায় ৩২ মিটাৰ (riverbed)ত ইয়াৰ অৱস্থিতি হ’ব বুলি ধৰা হৈছে।
ইয়াৰ উদ্দেশ্য়ঃ
১. ৰেল সেৱা উন্নত কৰা: এই সুৰংগই ডিব্ৰুগড় আৰু নাহৰলগন (Naharlagun)ৰ মাজৰ ৰেলপথৰ দূৰত্ব আৰু সময় বহু পৰিমাণে কমাব। ইয়াক strategic importance বুলিও কোৱা হয়, কাৰণ ই দেশৰ পূব সীমান্তলৈ যাতায়াতৰ লগতে সৈনিক কাৰ্যকলাপ মজবুত কৰাত সহায় কৰিব।
২. বানপানীৰ পৰা পৰিত্ৰাণ: ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ বানপানীৰ সময়তো ৰেল সেৱা বন্ধ নহ’ব। কিয়নো, সুৰংগটো নদীৰ তলত থাকিলে বানপানীয়ে ইয়াক সহজে ব্যাহত কৰিব নোৱাৰে।
৩. অৰ্থনীতি শক্তিশালী কৰা: যাতায়াত সুবিধা উন্নত হ’লে বাণিজ্য়, পৰ্যটন আদিৰ গতি বৃদ্ধি পাব, যিয়ে গোটেই অঞ্চলৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
সুবিধাসমূহঃ
১. যাতায়াত খৰচ আৰু সময় হ্ৰাসঃউত্তৰ-পূব ভাৰত, বিশেষকৈ অসম–অৰুণাচল অংশ আৰু দক্ষিণ/মধ্য অসমৰ মাজত সংযোগ বঢ়াব।
২. সামৰিক তথা নিৰাপত্তামূলক দৃষ্টিৰে গুৰুত্বঃ সামৰিক দৃষ্টিৰে নদীৰ তলৰ সুৰংগ এক অধিক নিৰ্ভৰযোগ্য বিকল্প হ’ব পাৰে। কাৰণ সুৰংগপথেৰে যাতায়াত পৰিলে শত্ৰুৰ দৃষ্টিৰ পৰা হাত সৰাৰ সম্ভাৱনা থাকে
৩. আপদকালত পৰিৱহনত সহায়ঃ বান, সৰবৰাহ বিভ্ৰাট, নদীৰ জলোচ্ছ্বাস তথা অন্যান্য ভৌগোলিক বাধাসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে।
৪. আঞ্চলিক বিকাশ আৰু অৰ্থনীতি বৃদ্ধিঃ যোগাযোগৰ উন্নত সুবিধা থাকিলে পণ্য, মানৱ সম্পদ, সেৱা আগবঢ়োৱাত আগতকৈ সহজ হ’ব। স্থানীয় উদ্যমিতা, বাণিজ্য, পৰ্যটন আদি ক্ষেত্র উন্নত হ’ব।
এই সম্পৰ্কে কিছু তথ্য ইয়াত চাব পাৰিব।
সম্ভাব্য সমস্যাসমূহঃ
যদিও এই প্ৰকল্পই বহু সুফলদিয়া দেখা যায়, তথাপিও কেইটামান সমস্যাও আছে।
অদৃশ্য কঠিনতাঃ নদীৰ তলৰ মাটি, নদীৰ সৰঞ্চল (sediment) চলাচল, পানীৰ চাপ ক্ষেত্ৰত সুৰক্ষা, ভূমিকম্প সংক্রান্তীয় সমস্যাৰ সূক্ষ্ম বিশ্লেষণৰ প্ৰয়োজন আছে।
প্ৰাকৃতিক পৰিৱেশৰঃ কাজিৰঙাৰ দৰে সংবেদনশীল (eco-sensitive) এলেকা বা বনাঞ্চল, জীৱবৈচিত্ৰ্য (biodiversity) ত প্ৰভাব পৰিব পাৰে।
অর্থনৈতিক ব্যয়ঃ ইয়াত বৃহৎ পুঁজিৰ প্রয়োজন হ’ব(ইতিমধ্যেই উল্লেখ কৰা হৈছে)। খৰচ বৃদ্ধি, পৰিকাঠামোগত ব্যয়, বজাৰত মূদ্ৰাস্ফীতি, মৃত্তিকা খনন ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে।
কোন স্থৰত আছে এই প্ৰকল্পঃ
এই প্ৰকল্পৰ Detailed Project Report (DPR) প্ৰস্তুত কৰা হৈছে আৰু প্ৰাৰম্ভিক কামকাজ আৰম্ভ হৈছে। National Highways and Infrastructure Development Corporation Limited (NHIDCL) এই প্ৰকল্পটিৰ বাস্তবায়ন এজেন্সি হ’ব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ বনাঞ্চলিক (Wildlife) সংক্রান্ত নিয়ন্ত্রণ ও পৰিবেশগত প্রভাব মূল্যায়ন আৰম্ভ হৈছে। অতি শীঘ্ৰই এই প্ৰকল্পই কেবিনেটৰ অনুমোদন লাভ কৰাৰ সম্ভাৱনা আছে।
সাৰাংশঃ
ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া এই সুৰংগ কেৱল এক পৰিবহণ ব্যৱস্থা নহয়; ই হ’ব অসমৰ উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা। ই আমাৰ ৰাজ্য়ক ভাৰতৰ মূল ৰেল নেটৱৰ্কৰ সৈতে আৰু অধিক দৃঢ়ভাৱে সংযোগ কৰিব আৰু ভৱিষ্যতৰ বাবে এক স্থায়ী আৰু নিৰ্ভৰযোগ্য মাধ্যম হিচাপে সেৱা আগবঢ়াব। লগতে বাণিজ্য আৰ সামৰিক দিশতো ই অৰিহণা আগবঢ়াব।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:লুইতৰ বুকু বিদাৰি সুৰংগপথঃ বগীবিল আণ্ডাৰৱাটাৰ টানেল সম্পৰ্কত এক আলোচনা
Fact Check By: Pranjal SharmaResult: Insight
