AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ভিডিঅ’ৰে কেলিফৰ্ণিয়াৰ বনজুইৰ সংহাৰ দেখুওৱা হৈছে। সবিস্তাৰ আলোচনা। 

Insight Social
https://lh7-rt.googleusercontent.com/docsz/AD_4nXdb-e5R-2a_Zh9RqMAApfFkoDuGVbaKXgc_XrqunU0QT7qNxIefzy5-6VagsMy1zz2UjCUtb21N5rzTVgIeUkUhwp4_go4gvd8nkv0rubPCBm9wNUG2uGh4bSDqjrClRGi9mH8E?key=Gm85peKseuOR7HKgoKnAn1Yc

প্ৰস্তাৱনা

শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লজ এঞ্জেলছ,কেলিফৰ্ণিয়াত সৃষ্টি হোৱা বনজুইৰ তাণ্ডৱৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ বিযপি পৰিছে। অসমৰ ফেচবুক, হোৱাটছেপ আদিতো তেনেকুৱা বিভিন্ন ফটো আৰু ভিডিঅ’ দেখিবলৈ পোৱা গৈছে। আজিৰ এই আলোচনাত আমি তেনেকুৱা এটা ভিডিঅ’ৰ কথা জনাব বিচাৰিছোঁ, যিটো কেলিফৰ্ণিয়াৰ বনজুইৰ প্ৰকৃত ভিডিঅ’ নহয়। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অসমৰ বহুকেইগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়েই নিজৰ নিজৰ একাউণ্টত আপলোড কৰি সেয়া কেলিফৰ্ণিয়াৰ ভয়ংকৰ বনজুই বুলি দাবী কৰিছে। কেৱল সেই ভিডিঅ’টোৱেই নহয়, আন কিছুমান ভিডিঅ’ও সেইদৰে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। আহকচনো চাও, সেই ভিডিঅ’বোৰ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট বুলি আমি কিদৰে নিশ্চিত হ’লোঁ, তথা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো বা ভিডিঅ’ একোটা সাধাৰণ ৰাইজে কিদৰে ধৰা পেলাব পাৰে, সেই সম্পৰ্কেও কিছু কথা ইয়াত আলোচনা কৰা হৈছে। 

কোনবোৰ ভিডিঅ” আমি এই লেখাত সামৰিছোঁ।

কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট ভিডিঅ’ৰে সেয়া আমেৰিকাৰ বনজুই, কেলিফৰ্ণিয়াৰ বনজুই বা লজ এঞ্জেলছৰ বনজুই বুলি দাবী কৰি ফেচবুকত দিয়া বিভিন্ন পোষ্ট আপোনালোকে ইয়াত, ইয়াত, ইয়াত, ইয়াত চাব পাৰিব। সেই ভিডিঅ’বোৰ ব্যাপক হাৰত বনজুইৰ প্ৰকৃত ভিডিঅ’ বুলি বিয়পি পৰিছে। কেৱল অসমীয়া সামাজিক মাধ্যমেই নহয়, অইন ভাষাতো তেনেকুৱা ভিডিঅ’ বিয়পি পৰা দেখা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXctQX7BA44NAzglFuywlLJSL0mjAYN4_sJlSrGJ1Ko0Ybjw1mlNeIkdF3i7yo7aRfuV5irY4GuxWlrVbPsJDdABLbaivTjZv1vcEVt-FL3VSh9qqT-JEaQjCdQYRTyG1MPbtTTmOw?key=Gm85peKseuOR7HKgoKnAn1Yc

আমি কিদৰে নিশ্চিত হ’লে সেয়া কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট বুলি। 

প্ৰথমতে আমি সেই ভিডিঅ’বোৰ কেলিফৰ্ণিয়াৰ বনজুইৰ ভিডিঅ’ হয় নে নহয়, সেই সম্পৰ্কে তথ্য আহৰণৰ বাবে প্ৰাসংগিক কী-ৱৰ্ডেৰে সন্ধান কৰিলোঁ কিন্তু সেই ভিডিঅ’বোৰ বনজুইস্থলীত কেমেৰাৰে সংগ্ৰহ কৰাৰ কোনো তথ্য লাভ নকৰিলোঁ। তাৰ পাছত আমি ভিডিঅ’বোৰ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে নেকি, তাৰেই নিশ্চিতিকৰণৰ বাবে বিভিন্ন এআই ডিটেক্টৰৰ সহায়ত পৰীক্ষা কৰি চালোঁ। তেতিয়া আমি সেই ভিডিঅ’ কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট অৰ্থাত এআই জেনেৰেটেড বুলি জানিব পাৰিলোঁ। তাৰ প্ৰমাণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত আপোনালোকে চাব পাৰিব।   

আনহাতে সেই ভিডিঅ’ যে এআই জেনেৰেটেড বুলি নিশ্চিত কৰে আন এক এআই ডিটেক্টৰে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdcQ8Hzu5yZFiwPhl2NSdBNMCARnmEwWj1snjD0LKDHk4RyLtcq2GbQnMm8Yv2FCAkaZTeLKzBmJxDdRbIU8e_V0lF132isIhvC_Id4mmeuK-TA4WE9E3N97nk_DjopU6qjtmp2ZQ?key=Gm85peKseuOR7HKgoKnAn1Yc

এই সম্পৰ্কত অন্য মাধ্যমত কি সত্যাপন আছে। 

এই সম্পৰ্কত সন্ধান অব্যাহত ৰাখি আমি দেশৰ প্ৰসিদ্ধ সংবাদ প্ৰতিষ্ঠান এনডিটিভিয়ে সেই ভিডিঅ’ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট তথা প্ৰকৃত ভিডিঅ’ নহয় বুলি উল্লেখ কৰি পৰিবেশন কৰা সত্যতা নিৰূপক এক ভিডিঅ’বাৰ্তা আমি লাভ কৰিলোঁ। 

 

তদুপৰি দেশৰ এগৰাকী আগশাৰীৰ সাংবাদিক উমাশংকৰ সিঙেও সেই ভিডিঅ’ কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট কৰি উল্লেখ কৰি টুইট কৰিছিল। ‘

ইতিপূৰ্বে এনেকুৱা ফটো ভিডিঅ’ৰ নিদৰ্শন আছেনে অসমত। 

ইতিপূৰ্বেও অসমত বিভিন্ন সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱা আমি দেখিছোঁ আৰু তাৰে সৰহসংখ্যকৰে সত্যতা আমি নিৰূপণ কৰি থৈছো। সামুদ্ৰিক গৰুৰ দৰে প্ৰাণী উদ্ধাৰ হোৱা বুলি অসমত বিয়পি পৰা ভিডিঅ’ৰ সত্যতা নিৰূপণ আমি কৰিছিলোঁ। সেই লেখা ইয়াত পঢ়িব পাৰিব। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc82E3lSkPf63x1z3kwOxemaKN-IdO40mkjDYw13IgdodKNLjJTkb3MebZR7u7WN6Xmu0UjUh2BQrRpcH53CIwNSIaSZkfE3g30nD5BrCjMF7xmyhzVMRWoL1jhkc5jFxOh8g4N-Q?key=Gm85peKseuOR7HKgoKnAn1Yc

তদুপৰি নাহৰফুটুকী বাঘৰ দৰে মাছ উদ্ধাৰ হোৱা বুলিও ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। তাৰ সত্যতা নিৰূপণো আমি কৰিছিলোঁ।  আনহাতে বলুকাত বিৰাট কোহলীৰ প্ৰতিকৃতি সৃষ্টি কৰা বুলি ভাইৰেল হোৱা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট পোষ্টক লৈ আমি কৰা সত্যতা নিৰূপণ ইয়াত পঢ়িব পাৰিব। 

সামগ্ৰিকভাৱে আমি এআই অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত প্ৰস্তুত কৰা এটা সবিস্তাৰিত লেখা আপোনালোকে ইয়াত পঢ়িব পাৰিব

কিদৰে অনুমান কৰিব পাৰি কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ফটো বা ভিডিঅ’?

দীৰ্ঘদিনে এই বিষয়ত আমি কৰি অহা অনুসন্ধান তথা অধ্যয়নৰ ওপৰত ভিত্তি কৰি আমি কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত কেইটামান দিশ লক্ষ্য কৰিছোঁ।

১. সাধাৰণতে এই ফটো বা ভিডিঅ’সমুহ দেখাত অতি স্পষ্ট, ফটফটীয়া হয়। 

২. যিকোনো উপাদান এটা এনেকুৱা ফটো বা ভিডিঅ’ত অতি মসৃণ দেখা যায়।

৩. ফটো বা ভিডিঅ’ত মানুহ বা অন্য জীৱ দেখুৱালে অংগৰ সমতুলতা নাথাকিব পাৰে। (হাত,ভৰিৰ আকাৰৰ ভিন্নতা)

৪. শ্ৰাব্য উপাদানৰ ক্ষেত্ৰত ভাষা আৰু শব্দৰ উচ্চাৰণ বিভ্ৰাট দেখা যায়। 

এনেকুৱা প্ৰাৰম্ভিক অনুমানৰ অন্তত নিশ্চিতিৰ উপায়?

সামাজিক মাধ্যমত যিকোনো বিষয় এটাক লৈ বিয়পি পৰা ফটো বা ভিডিঅ’ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি প্ৰাৰম্ভিকভাৱে সন্দেহ উপজিলে সেইসমুহ পৰীক্ষা কৰাৰ বাবে বিভিন্ন অনলাইন সঁজুলি(Tools) উপলব্ধ। সেই সঁজুলি বা ৱেবচাইট সমুহত সেই ফটো আৰু ভিডিঅ’সমুহ পৰীক্ষা কৰিব পাৰি।

উপসংহাৰ

সাম্প্ৰতিক সময় কৃত্ৰিম বুদ্ধিমত্তাৰ পয়োভৰৰ সময়। চৌপাশে কৃত্ৰিম বুদ্ধিমত্তাৰ দপদপনি অব্যাহত। ফটো, অডিঅ’, ভিডিঅ’ আদি সকলো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ বিস্তাৰ পৰিস্ফুট। কেৱল সিমানেই নহয় অন্য দিশতো এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ বহুল ব্যৱহাৰ হৈছে। ইয়াৰ ইতিবাচক দিশো আছে যদিও বহুসময়ত বিভ্ৰান্তিকৰ তথা উদ্দেশ্য প্ৰণোদিতভাৱে ন্যস্ত স্বাৰ্থৰ বাবেও কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰাও চকুত পৰিছে। গতিকে এইক্ষেত্ৰত আমি সকলোৱেই সাৱধান হোৱা উচিত। সন্দেহ হোৱা মাত্ৰকে ইয়াক পৰীক্ষা কৰিব পৰাকৈ নিজকে সাক্ষৰ কৰি তোলা উচিত। তদুপৰি ভাইৰেল হোৱা যিকোনো কণ্টেণ্টকে বিশ্বাস কৰাৰ পূৰ্বে সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হয় নেকি, সেই কথা নিৰূপণ কৰি লোৱা উচিত। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ভিডিঅ’ৰে কেলিফৰ্ণিয়াৰ বনজুইৰ সংহাৰ দেখুওৱা হৈছে। সবিস্তাৰ আলোচনা।

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *