শেহতীয়াভাবে অসমৰ অসমত বিভিন্ন লোকৰ মাজত এটা বাৰ্তা বিয়পি কৰিছে যে এতিয়াৰে পৰা আধাৰ কাৰ্ডখন আৰু কোনো কামত নাহে। ইতিমধ্যেই কাৰ্ডখনৰ প্ৰামাণিক কুশলতা শেষ হৈছে। ই কোনো প্ৰমাণপত্ৰ হিচাপে বিবেচিত নহয় বুলি ব্যাপকভাৱে চৰ্চা আৰম্ভ হৈছে।
এই চৰ্চাৰ আঁৰত আছে দেশৰ উচ্চতম ন্যায়ালয়ৰ এটা শেহতীয়া ৰায়দান। ন্যায়াধিক সঞ্জয় কেৰল আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ৰায় প্ৰদান কৰিছে যে এতিয়াৰে পৰা আধাৰকাৰ্ডখন কোনোপধ্যেই বয়সৰ প্ৰমাণপত্ৰ হিচাপে গণ্য কৰা নহয়। ভাৰতীয় নাগৰিকে নিজৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে আধাৰকাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব।
এই ৰায়দানৰ আঁৰৰ ঘটনাটো কি?
যোৱা ২৪ অক্টোবৰ, ২০২৪, বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পথ দুৰ্ঘটনাগ্ৰস্তৰ বয়স নিৰ্ধাৰণ কৰি ক্ষতিপূৰণ প্ৰদানৰ বাবে আধাৰ কাৰ্ড গ্ৰহণ কৰি প্ৰদান কৰা এক নিৰ্দেশ বাতিল কৰে। ন্যায়াধীশ সঞ্জয় কেৰল আৰু উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠে কয় যে কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫( Juvenile Justice (Care and Protection of Children) Act, 2015.)ৰ ধাৰা ৯৪ৰ অধীনত বিদ্যালয়ৰ শিক্ষাৰ প্ৰমাণ পত্ৰত উল্লেখ কৰা জন্ম তাৰিখৰ পৰাই মৃত ব্যক্তিজনৰ বয়স নিৰ্ণয় কৰিব লাগিব। বিচাৰপীঠে কয় কৰে “ভাৰতীয় একক চিনাক্তকৰণ কৰ্তৃপক্ষ(Unique Identification Authority of India)ই ২০২৩ চনৰ ৮ নং বিজ্ঞপ্তিযোগে ২০১৮ চনৰ ২০ ডিচেম্বৰত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰা কাৰ্যালয়ৰ স্মাৰকপত্ৰৰ উদ্ধৃতিৰে কৈছে যে এখন আধাৰকাৰ্ড পৰিচয় নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি যদিও ই জন্ম তাৰিখৰ প্ৰমাণপত্ৰ নহয়।” যেতিয়া বয়স নিৰ্ধাৰণ কৰিবলগীয়া হ’ল তেতিয়া উচ্চ ন্যায়ালয়ে দাবীদাৰসকলৰ বিতৰ্ক মানি লৈছিল আৰু মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণ (MACT)ৰ ৰায়ক সমৰ্থন কৰিছিল, যিয়ে মৃতকৰ স্কুল শিক্ষাৰ প্ৰমাণ পত্ৰৰ ভিত্তিত বয়স গণনা কৰিছিল। ২০১৫ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা এজন লোকৰ আত্মীয়ই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল শীৰ্ষ আদালতত। সেই শুনানিত MACT, Rohtak এ বয়সৰ হিচাপ ভুলকৈ প্ৰয়োগ কৰি ১৯.৩৫ লাখ ক্ষতিপূৰণ প্ৰদান কৰা বুলি নিৰ্ণয় কৰি পাছত সেই পৰিমান ৯.২২ লাখলৈ হ্ৰাস কৰে। উচ্চ ন্যায়ালয়ে মৃত ব্যক্তিজনৰ আধাৰ কাৰ্ডৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ বয়স ৪৭ বছৰ বুলি গণনা কৰিছিল। পৰিয়ালৰ লোকে কয় যে উচ্চ ন্যায়ালয়ে মৃত ব্যক্তিজনৰ বয়স আধাৰ কাৰ্ডৰ ভিত্তিত নিৰ্ধাৰণ কৰাত ভুল কৰিছিল। যদি তেওঁৰ বিদ্যালয় এৰাৰ প্ৰমাণ পত্ৰ অনুসৰি গণনা কৰা হয় , তেন্তে তেওঁৰ বয়স হয় ৪৫ বছৰ।
ইয়াৰ লগে লগে এতিয়াৰে পৰা আধাৰকাৰ্ডখন কোনোপধ্যেই বয়সৰ প্ৰমাণপত্ৰ হিচাপে বিবেচনা কৰা নহয় বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত নিশ্চিত হয়। এই সম্পৰ্কে বাতৰি ইয়াত পঢ়িব পাৰিব।
এতিয়া জানো আহক আধাৰ নো কি?
আধাৰ হৈছে বাৰটা সংখ্যাৰ একক পৰিচয় নম্বৰ, যিটো ভাৰতৰ সকলো বাসিন্দাই তেওঁলোকৰ বায়’মেট্ৰিক্স আৰু জনগাঁথনিগত তথ্যৰ ভিত্তিত স্বেচ্ছাই লাভ কৰিব পাৰে। ভাৰত চৰকাৰে এই তথ্য ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীন ২০১৬ চনৰ জানুৱাৰী মাহত স্থাপন কৰা বিধিগত কৰ্তৃপক্ষ ভাৰতীয় একক চিনাক্তকৰণ কৰ্তৃপক্ষ (UIDAI)ৰ আধাৰ (আৰ্থিক আৰু অন্যান্য ৰাজসাহায্য, সুবিধা আৰু সেৱাৰ লক্ষ্য নিৰ্ধাৰণ) আইন, ২০১৬ৰ বিধান অনুসৰণ কৰি সংগ্ৰহ কৰিছে। আধাৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ বায়’মেট্ৰিক আইডি ব্যৱস্থা। বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ পল ৰোমাৰে আধাৰক “বিশ্বৰ আটাইতকৈ অত্যাধুনিক আইডি প্ৰগ্ৰেম” বুলি অভিহিত কৰিছে। আধাৰক নাগৰিকত্বৰ প্ৰমাণ নহয়, বাসস্থানৰ প্ৰমাণ বুলিহে গণ্য কৰা হয়। আধাৰে কিন্তু নিজে ভাৰতত বাসস্থানৰ কোনো অধিকাৰ প্ৰদান নকৰে। ২০১৭ চনৰ জুন মাহত গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছিল যে নেপাল আৰু ভূটানলৈ যোৱা ভাৰতীয়ৰ বাবে আধাৰ বৈধ পৰিচয় পত্ৰ নহয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কেইবাটাও ৰায়দানৰ বিষয় হৈছে আধাৰ। ২০১৩ চনৰ ২৩ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰি কয় যে “আধাৰ নোপোৱাৰ বাবে কোনো ব্যক্তি ক্ষতিগ্ৰস্ত বা হাৰাশাস্তিৰ সমুখিন হ’ব নালাগে” আৰু লগতে কয় যে আধাৰ নথকা বাসিন্দাক চৰকাৰে সেৱাবঞ্চিত কৰিব নোৱাৰে, কিয়নো ই স্বেচ্ছামূলকহে. বাধ্যতামূলক নহয়।
আধাৰৰ ব্যৱহাৰ
ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহে সমাজৰ দৰিদ্ৰ আৰু অতি দুৰ্বল শ্ৰেণীক কেন্দ্ৰ কৰি কেইবাখনো সমাজ কল্যাণমূলক আঁচনি আৰু কাৰ্যসূচীৰ বাবে ধন আগবঢ়ায়। আধাৰ আৰু ইয়াৰ ব্যৱস্থাই চৰকাৰক কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা প্ৰদান ব্যৱস্থা সুশৃংখলিত কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰে, যাৰ ফলত স্বচ্ছতা আৰু কাৰ্যকুশলতা নিশ্চিত হয়। পৰিচয়ৰ নথি হিচাপে আধাৰ ব্যৱহাৰ কৰিলে হিতাধিকাৰীসকলে নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ একাধিক নথি দাখিল কৰাৰ প্ৰয়োজনীয়তা নাথাকে আৰু সুবিধাজনক আৰু নিৰৱচ্ছিন্ন বা বাধাহীন পদ্ধতিৰে পোনপটীয়াকৈ তেওঁলোকৰ প্ৰাপ্য লাভ কৰিবলৈ সক্ষম হয়।
চৰকাৰ আৰু আন সেৱা সংস্থাৰ বাবে আধাৰৰ ব্যৱহাৰ
ইউআইডিএআই()য়ে সমগ্ৰ তথ্যৰ বিপৰীতে তেওঁলোকৰ জনগাঁথনি আৰু বায়’মেট্ৰিক বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰাৰ পিছত অন্তৰ্ভুক্ত হ’ব বিচৰা ব্যক্তিসকলক আধাৰ নম্বৰ প্ৰদান কৰে। আধাৰ ব্যৱস্থাৰ ফলত বিভিন্ন আঁচনিৰ ক্ষেত্ৰত নকল চিনাক্ত কৰিব পৰা যায় যাৰ ফলত চৰকাৰী ৰাজকোষত যথেষ্ট সঞ্চয় হয়। ইয়াৰ উপৰিও চৰকাৰক হিতাধিকাৰীৰ সঠিক তথ্য প্ৰদান কৰাৰ লগতে প্ৰত্যক্ষ সুবিধা হস্তান্তৰ (ডিবিটি) কাৰ্যসূচী ৰূপায়ণ কৰিবলৈও সুবিধা কৰি দিয়ে। এই বিষয়ে আৰু অধিক তথ্য ইয়াত পঢ়িব পাৰিব।
উপসংহাৰঃ
ইয়াৰ পৰা আমি ইয়াকেই জানিব পাৰোঁ যে আমাৰ আধাৰকাৰ্ডখন কেৱল আমাৰ পৰিচয়পত্ৰ হিচাপেহে ব্যৱহাৰ কৰিব পাৰোঁ। বিভিন্ন চৰকাৰী আঁচনি বা অন্য সা- সুবিধা লাভৰ ক্ষেত্ৰত কৰ্তৃপক্ষই হিতাধিকাৰী হিচাপে আমাক অসুবিধা নোহোৱাকৈ চিনাক্ত কৰাৰ ক্ষেত্ৰত এই আধাৰকাৰ্ড বা আধাৰ নম্বৰে সহায় কৰে। কিন্তু আমাৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে এই আধাৰে কাম নকৰে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:আপোনাৰ আধাৰ কাৰ্ডখনে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে কাম কৰেনে?
Fact Check By: Pranjal SharmaResult: Insight
