
পাতনি
হঠাতেই আহিছিল সেই খবৰটো। কোনো এজন অসমবাসীয়ে কেতিয়াও শুনিব নোখোজা খবৰ আছিল সেয়া। “জুবিনদা আৰু নাই!” প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰো প্ৰাণৰ আপোন জুবিন গাৰ্গ আৰু ইহ সংসাৰত নাই। যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত চিংগাপুৰত সাগৰ এখনত জলকেলি কৰি থাকোতেই সলিলত বিলিন হৈ গৈছিল জুবিন গাৰ্গৰ এই ধৰাৰ মনুস্য জীৱন। লগে লগেই যে সৰগখন ভাঙি আহি প্ৰতিজন অসমীয়াৰ মুৰতেই পৰিছিল। যি ভৰ কোনেও সহিব পৰা নাছিল। আৰু হয়তো আজিও সেই শোকৰ পৰা মুকুতি লভা নাই কোনোজন জুবিন অনুৰাগীয়ে। তেনে পৰিপ্ৰেক্ষিতত এই ঘটনাটো অথবা জুবিন গাৰ্গৰ মৃত্যুৰহস্য সন্দৰ্ভত ৰাইজৰ মনত অনেক প্ৰশ্ন। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ বিয়োগৰ ক্ষেত্ৰত ন্যায় বিচাৰি এক প্ৰকাৰ এক জনজাগৰণ সৃষ্টি হোৱা দেখা গৈছে। একেবাৰে তেনেই সাধাৰণ লোকৰ পৰা যতীন বৰা ৰবি শৰ্মাৰ দৰে তাৰকালৈকে সকলোৱেই একেমুখে জুবিন গাৰ্গৰ এই অকাল বিয়োগৰ বাবে দাবীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান তথা জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে মুখ খুলিছে। আমাৰ এই লেখাত এই সমগ্ৰ পৰিবেশটোৰ এক অৱলোকন কৰিবলৈ চেষ্টা কৰা হৈছে।

সাগৰতলীত শুবৰে মনঃ
যেন জুবিন গাৰ্গৰ পৰাণ পৰশা সেই গীতেৰেই তেওঁ বুজাই দিছিল যে তেওঁ ধৰানাটৰ যৱনিকা সাগৰতেই পেলাব। যেন পূৰ্বৰেই পৰা তেওঁ জানিছিল এই কথা। ১৯ চেপ্তেম্বৰ। চিংগাপুৰৰ লেজাৰেচ আইলেণ্ডলৈ চিংগাপুৰৰ কেইগৰাকীমান অসমীয়া লোকৰ সৈতে তেওঁ গৈছিল সেইদিনা। তেওঁৰ সংগী আছিল অসমৰ পৰা তেওঁৰ লগত যোৱা তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, তেওঁৰ সহ-গায়িকা অমৃতপ্ৰভা মহন্ত আৰু তেওঁৰ খুৰাকৰ ল’ৰা সন্দিপন গাৰ্গ। এখন য়ট ভাৰালৈ লৈছিল চিংগাপুৰতেই বাস কৰা অসমীয়া সেই দলটোৱে। আটায়ে সেই দ্বীপটোলৈ আনন্দমনেৰে গৈছিল। তাত গৈ তেওঁলোকৰ একাংশই জলকেলি কৰিছিল। জুবিন গাৰ্গৰ প্ৰয়াণৰ পাছত যিসমূহ ভিডিঅ’ পোহৰলৈ আহিছিল, তাত দেখা যায় যে প্ৰথমে এটা লাইফ-জেকেট পিন্ধি সাঁতুৰিছিল জুবিন গাৰ্গে। তাৰ পাছত তেওঁ লাইফ-জেকেট অবিহনে সাঁতুৰিছিল আৰু অৱশেষত তেওঁ জীৱনীশক্তি হেৰুৱাই পেলাইছিল। পৰৱৰ্তী কথাখিনি বিভিন্ন ধৰণে জানিব পৰা গৈছিল যে তাতেই তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ চিপিআৰ আদি দিয়া হৈছিল আৰু চিংগাপুৰৰ আৰক্ষী, কোষ্ট গাৰ্ড, মেডিকছ সকলে তেওঁক বচাবলৈ চেষ্টা কৰিও বিফল হৈছিল। অৱশেষত চিংগাপুৰ জেনেৰেল হাস্পতালত তেওঁক মৃত বুলি ঘোষণা কৰিছিল। তাত কৰা অট’পছি ৰিপোৰ্ট মতে পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু ঘটিছিল। সন্দেহ ইয়াৰ পৰাই আৰম্ভ হৈছিল।

আকাশী ৰথেৰে আহিঃ
জুবিন গাৰ্গৰ নশ্বৰ দেহটো অসম চৰকাৰ, ভাৰত চৰকাৰৰ সহযোগত বিমানেৰে দিল্লীলৈ অনা হ’ল। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই বিমান বন্দৰত জুবিন গাৰ্গৰৰ কফিনটো চমজি ল’লে আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা জুবিন গাৰ্গৰ নিকট বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাই সেই কফিনটো গুৱাহাটীলৈ লৈ আনিলে। যিসময়ত জুবিনগাৰ্গৰ কফিনটো বিমানৰ পৰা উলিয়াই অনা হৈছিল, সেই সময়ত কৰ্তব্যৰত গ্ৰাউণ্ড ষ্টাফে নিজৰ কৰ্তব্যৰ মাজতে চিঞৰি চিঞৰি কান্দি সেইটো সাৱটি ধৰিছিল। মুখ্যমন্ত্ৰীকে ধৰি সকলোৱে হাতজোৰ কৰি গাইছিল জুবিন গাৰ্গৰ অমৰ সৃষ্টি ‘মায়াবিনী ৰাতিৰ বুকুত’।

মায়াবিনী ৰাতিৰ বুকুতঃ
জুবিন গাৰ্গে নিজৰ জীৱিত কালত কৈ গৈছিল যে তেওঁৰ মৃত্যু হ’লে এই গীতটি সমগ্ৰ অসমতেই বজালে তেওঁ ভাল পাব। সেই মতেই সেই গীতটি হৈ পৰিছিল তেওঁ প্ৰয়াণ প্ৰাৰ্থনা। এটি ৰোমান্টিক গীত হৈ পৰিছিল এটি ভক্তিমূলক প্ৰাৰ্থনা। গুৱাহাটী বিমান বন্দৰৰ পৰা এখন পুস্পসজ্জিত বাহনেৰে জুবিন গাৰ্গৰ নশ্বৰ শৰীৰটো তেওঁৰ কাহিলীপাৰাস্থিত চিনাৰ্জি ইম্পেৰিয়েলত থকা বাসগৃহলৈ লৈ অহাৰ সময়ত গোটেই ৰাজপথটোত কেইবালাখো মানুহ ওলাই আহিছিল। মানুহৰ সেই সমাগমে বিশ্বতেই এক ৰেকৰ্ড কৰি পেলালে। সকলোৰে কণ্ঠত কেৱল আৰু কেৱল মায়াবিনী ৰাতিৰ বুকুত গীতটি শুনা গ’ল। আনকি পৰৱৰ্তী সময়ত তেওঁৰ মুখাগ্নিলৈকে তথা এতিয়াও সকলোৱেই তেওঁক সুঁৱৰি গাই আছে মায়াবিনী ৰাতিৰ বুকুত। সততে ঈশ্বৰ বিশ্বাস নকৰা জুবিন গাৰ্গ হৈ পৰিছিল ভগবান, ঈশ্বৰপুত্ৰ।

মায়া মাথোঁ মায়াঃ
ৰাজপথত লক্ষ লক্ষ জনতা। সকলোৰে কণ্ঠত জুবিন গাৰ্গৰ গান। কোনো এজন লোক নাই যিয়ে গীত গোৱা নাই। বিমান বন্দৰৰ পৰা কাহিলীপাৰা, কাহিলীপাৰাৰ পৰা সৰুসজাই ষ্টেডিয়াম আৰু তাৰ পাছত সোনাপুৰ। অচলতে কিমান মানুহ হৈছিল, তাৰ কোনো লেখজোখ নাই। এয়াই আছিল জুবিন গাৰ্গৰ প্ৰতি মায়া। যি মায়া সৃষ্টি হৈছিল জুবিন গাৰ্গৰ কৰ্মৰাজিৰে। জীৱনটোত তেওঁ লিখি যোৱা গীতসমূহ, গাই যোৱা গীতসমূহ, কৰি যোৱা চিনেমাবোৰেৰে এইদৰে গোটেই অসমখনকে মায়াৰ বান্ধোনত বান্ধি পেলাইছিল।

ৰৈ ৰৈ বিনালেঃ
প্ৰায় দুটা দিন দুৰাতি লক্ষ লক্ষ জনতাই ৰৈ থাকিল জুবিন গাৰ্গৰ কাষত। কেৱল কণ্ঠৰ গীতেৰেই নহয়, অহৰহ বৈ থকা চকুলোৰেও এই জনতাই অঞ্জলি দিলে প্ৰাণ আপোন শিল্পীজনক। কন্দা নাছিল কোনে। আবাল বৃদ্ধ বনিতাৰ চকুলোৱে আনকি প্ৰকৃতিকো কান্দিবলৈ বাধ্য কৰিছিল। ৰৈ ৰৈ বিনাই আছিল সকলোৱে। ইয়াৰ লগে লগেই আহিছিল জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ উদ্ধাৰ আৰু দোষীক শাস্তি প্ৰদান কৰি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন হৈছিল। যি দাবী এতিয়াও বাহাল। সামাজিক মাধ্যমত লাখ লাখ মানুহে ন্যায়ৰ প্ৰসংগটো বাৰে বাৰে উত্থাপন কৰিয়েই আছে। জুবিন গাৰ্গে ন্যায় পাবয়ে লাগিব। বহুতেই দাবী কৰিছিল যে জুবিন গাৰ্গৰ পৰিয়ালে এইক্ষেত্ৰত মৌনতা ভংগ কৰক। গৰিমা শইকীয়া গাৰ্গে গোচৰ দিয়ক। আৰু অৱশেষত গৰিমা শইকীয়া গাৰ্গে গোচৰ তৰিছিল। গৰিমা শইকীয়া গাৰ্গেও দোষীৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিলে। আৰু তাৰ পাছতেই যেন তদন্তই গতি লাভ কৰিলে। এঘাৰ দিনীয়া শ্ৰাদ্ধৰ অন্তত সংবাদ মাধ্যমৰ সমুখিন হৈ গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে যে তেওঁক ন্যায় লাগে। তেওঁ ইতিমধ্যেই এজাহাৰ দাখিল কৰে বুলি উল্লেখ কৰি কেইটামান দিশ উল্লেখ কৰে।
১. কিহৰ বাবে সেই নিৰ্জন দ্বীপটোলৈ জুবিন গাৰ্গৰক লৈ যোৱা হ’ল। লেজাৰাছ আইলেণ্ড নামৰ সেই দ্বীপটো চিংগাপুৰৰ এক জনশূন্য অঞ্চল। তাত নিশাৰ ভাগত কোনো লোক নাথাকে। সেই ঠাইখিনি মৰিশালি বুলি গন্য কৰা হয়। তদুপৰি সেই ঠাইৰ সাগৰৰ পানীও বিষাক্ত বুলি কোৱা হয়।
২. চিজাৰ আক্ৰান্ত লোক এজনক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে বুলি জনাৰ পাছতো মেনেজাৰ সিদ্ধাৰ্থই কিয় জুবিন গাৰ্গক তালৈ যাবলৈ বিচৰাত বাধা নিদিলে। সংগী শেখৰেও এইক্ষেত্ৰত কিয় একো পদক্ষেপ নললে।
৩. কোনোদিনেই এৰিব নোৱাৰা দৰৱটো কিহৰ বাবে দুদিনলৈ খাব নাপালে জুবিন গাৰ্গে। কিহৰ বাবে এই অৱহেলা।
৪. শুই ভালপোৱা জুবিন গাৰ্গক বিশ্ৰাম নিদি আগনিশাৰ পাৰ্টিৰ পাছতেই পুৱা কিয় তালৈ লৈ যোৱা হ’ল।
৫. সাজপাৰত চৌখিন জুবিন গাৰ্গে আগনিশা পিন্ধি থকা চোলাটোকে পিন্ধি পাছদিনা তালৈ যোৱাৰ অৰ্থ কি।
৬. চিংগাপুৰৰ প্ৰৱাসী অসমীয়া সেই লোককেইজনে কিহৰ বাবে অলপো যতন নললে
অন্ধ আকাশ ৰুদ্ধ বতাহঃ
জুবিন গাৰ্গৰ মৰনোত্তৰ পৰীক্ষাকলৈয়ো এক বিতৰ্কৰ সৃষ্টি হয়। সাধাৰণতে বিশ্বৰ ভিতৰতেই দুৰ্নীতি শূন্য শ্ৰেষ্ঠ ৰাষ্ট্ৰ বুলি গন্য কৰা চিংগাপুৰত জুবিন গাৰ্গৰ বিয়োগৰ পাছত অটপছী (autopsy)কৰা হয়। সেই মৰনোত্তৰ পৰীক্ষাত মৃত্যুৰ কাৰণ হিচাপে পানী ডুবা কাৰণটো উল্লেখ কৰে(Drowning)। সেই মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিলিপি আনকি সামাজিক মাধ্যমতো উপলব্ধ হৈ পৰে। কিন্তু অসমৰ ৰাইজে সেই মৰনোত্তৰ পৰীক্ষাক মানি ল’বলৈ টান পাই চৰকাৰৰ ওচৰত অসমত অভিজ্ঞ ডাক্তৰৰ হতুৱাই পুনৰ মৰনোত্তৰ পৰীক্ষা কৰোৱাৰ দাবী উত্থাপন কৰে। সেই মৰ্মে মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰে যে পুনৰ মৰনোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ। কাজেই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পুনৰ মৰনোত্তৰ পৰীক্ষা কৰোৱা হয়। এই সময়লৈকে তদন্তৰ খাটিৰত সেই পৰীক্ষাৰ ফলাফল যদিও ৰাজহুৱা কৰা নাই, মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই পৰীক্ষাৰ সবিশেষ জানিবলৈ হ’লে আদালতৰ সৈতে যোগাযোগ কৰিব লাগিব। কিন্তু সমান্তৰালকৈ আন এটা কথাও বহু বিশেষজ্ঞই কৈছে যে যিহেতু জুবিন গাৰ্গৰ মৰণোপৰান্ত শৰীৰটো উৱলি নোযোৱাকৈ ৰাখিবলৈ এক বিশেষ ৰাসায়নিক ব্যৱস্থাৰে সংৰক্ষণ কৰি আনা হৈছিল, সেই ব্যৱস্থাত কিছুমান প্ৰতিক্ৰিয়া সৃষ্টি হয়। এক বিশেষ ৰাসায়নিক দ্ৰব্য শৰীৰটোৰ ভিতৰত ভৰাই দিয়া হয়, তাৰ ফলৰ শৰীৰত থকা অন্য বিষাক্ত দ্ৰব্য অথবা পদাৰ্থৰ অৱস্থিতি শূন্য হৈ পৰে। গতিকে পুনৰ পৰীক্ষা কৰিলেও অন্য ফলাফল ওলোৱাৰ সম্ভাৱনা নাথাকে। তথাপিও ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি দি মুখ্যমন্ত্ৰীয়ে মৰনোত্তৰ পৰীক্ষা কৰোৱায়। ইয়াৰ ফলাফল হয়তো পৰৱৰ্তী সময়ত জানিব পৰা যাব, যদিহে তদন্তৰ অন্তত চৰকাৰে সেই কথা প্ৰকাশ কৰে।

মই নথকাৰ অনুভৱঃ
প্ৰাণৰো প্ৰাণ শিল্পীগৰাকী নোহোৱা হৈ যোৱাৰ খবৰৰ সমান্তৰালকৈ বিভিন্ন ফটো ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল। কোনেও যেন মানিয়েই ল’ব নিবিচাৰে যে জুবিন গাৰ্গ আৰু নাই। তেওঁ নথকাৰ অনুভৱখিনি শ্বেয়াৰ কৰিবলৈ গৈ বিভিন্নজনে বিভিন্ন মিছা ভিডিঅ’ আৰু ফটো ভাইৰেল কৰিছিল। সাগৰত স্কুবা ডাইভিং কৰি থাকোতেই সংজ্ঞা হেৰুওৱা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিল। তাৰ সত্যতা নিৰূপণ আমি কৰিলোঁ। সাগৰতলীত সাগৰীয় জীৱৰ সৈতে এটা ভিডিঅ’ ভাইৰেল হৈছিল জুবিন গাৰ্গৰ নামত। সেয়াও অসত্য বুলি আমি সত্যাসত্য বিচাৰি উলিয়ালোঁ। চিংগাপুৰত জুবিন গাৰ্গক হাস্পতালত চিকিত্সা প্ৰদান কৰা বুলি এটা ভিডিঅ’ ভাইৰেল হৈ পৰিল। তাকো অসত্য বুলি আমি প্ৰমাণ কৰিলোঁ। জুবিন গাৰ্গৰ ভাৰ্ছুৱেল মৰনোত্তৰ পৰীক্ষাৰ ভিডিঅ’ বুলি ভাইৰেল কৰা ভিডিঅ’টোৰে সত্যাপন আমি কৰিলোঁ। চিংগাপুৰৰ সাগৰৰ পাৰত জুবিন গাৰ্গক উদ্ধাৰ কৰা দৃশ্য বুলি ভাইৰেল কৰা ভিডিঅ’টোৰো সত্যতা আমি নিৰূপণ কৰিলোঁ। জুবিন গাৰ্গক হাস্পতালৰ বিচনাত শুৱাই থোৱা বুলি প্ৰচাৰ কৰা ফটোখনো যে মিছা আৰু পুৰণি, সেইকথাও আমি পোহৰলৈ আনিলোঁ। জুবিন গাৰ্গক এম্বুলেঞ্চেৰে লৈ যোৱা বুলি প্ৰচৰা কৰা এটা ভিডিঅ’ৰ প্ৰকৃত সত্য আমি নিৰূপিত কৰিলোঁ। । আনকি আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সময়ৰ এটা ভিডিঅ’ জুবিন গাৰ্গৰ মৃত্যুৰে সাঙুৰি প্ৰচাৰ কৰা কথাও আমি সত্যতা নিৰূপণ কৰি প্ৰমাণ কৰিলোঁ। কেৱল ইমানেই নহয়, জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই বলিউডৰ অভিনেতা চলমান খান গুৱাহাটীলৈ অহা বুলিও প্ৰচাৰ কৰা হৈছিল। সেই মিছা বাতৰিৰ সত্যতাও আমি নিৰূপণ কৰিলোঁ।
জগত পোহৰ কৰি আহিব প্লাৱনঃ
এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত দোষত সাঙুৰ খালে কেইজনমান লোক। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, তেওঁৰ সহ-গায়িকা অমৃতপ্ৰভা মহন্ত আৰু তেওঁৰ খুৰাকৰ ল’ৰা সন্দিপন গাৰ্গৰ লগতে ৰাইজৰ ৰোষত পৰিল নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, অসমৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জীৱ নাৰায়ণ, অভিনেত্ৰী নিশিতা মহন্ত। তাৰ পাছতেই সংবাদ মাধ্যমৰ সমুখলৈ প্ৰথম আহিল শেখৰজ্যোতি গোস্বামী। তাৰ পাছত আহিল অমৃতপ্ৰভা মহন্ত আৰু তাৰ পাছত আহিল সঞ্জীৱ নাৰায়ণ আৰু নিশিতা গোস্বামী। ইয়াৰ পাছত অজ্ঞাত স্থানৰ পৰা ফেচবুকত ভিডিঅ’ দি নিজৰ স্পষ্টীকৰণ দিলে শ্যামকানু মহন্তই আৰু আচৰিতভাৱে অসমীয়া ভাষা ভালকৈ নজনা সিদ্ধাৰ্থ শৰ্মাই আনকি অসমীয়া ভাষাতেই লিখি স্পষ্টীকৰণ পোষ্ট দিলে। ইয়াৰ পাছতেই অসমত হাহাকাৰ লাগিল। ক্ষোভৰ দাবানল হে যেন জ্বলিল। তাৰ সমান্তৰালভাৱে আৰক্ষীয়ে পৰিবেশ নষ্ট কৰাৰ অপৰাধত ভিক্টৰ দাস আৰু অজয় ফুকন নামৰ দুজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণো কৰিলে।

সময়ে সময়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো লৈ বিভিন্ন তথ্য দাঙি ধৰিলে। তাৰ সমান্তৰালকৈ অসম চৰকাৰৰ ফালৰ পৰা শ্যামকানু মহন্তক চিংগাপুৰৰ পৰা লৈ অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছু নীতি নিয়ম পালন কৰা হয়। ভাৰত চৰকাৰৰ ফালৰ পৰা চিংগাপুৰৰ সৈতে Mutual Legal Assistance Treaty (MLAT) প্ৰেৰণ কৰা হয়। যিহেতু সেইখন দেশৰ আইনৰ দৃষ্টিত শ্যামকানু মহন্ত অপৰাধী নহয়,সেইবাবে তাৰে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে বা নকৰে। সেইহেতু ভাৰত চৰকাৰে অসমৰ চৰকাৰৰ আগ্ৰহত এই এমএলএটি প্ৰেৰণ কৰি ন্যায়িক সহায় বিচাৰিছিল। সেই সহায়ৰ ভিত্তিতেই শ্যামকানুক ভাৰতলৈ লৈ অনা হয় আৰু দিল্লী বিমানবন্দৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অসমৰ চিআইডিয়ে গঠন কৰা এচআইটিৰ দুজন আৰক্ষী বিষয়াই চিংগাপুৰলৈ গৈ এই কৰ্ম সম্পাদন কৰে।
ৰাইজৰ ক্ষোভ, ৰাইজৰ সন্দেহ, ৰাইজৰ অসন্তুষ্টিৰ মাজতে অৱশেষত মূল অভিযুক্তদ্বয় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আনিলে। ১ অক্টোবৰ অৰ্থাত অসম আৰক্ষী দিৱসৰ দিনটোতে তথা দুৰ্গা পূজাৰ নৱমীৰ দিনাই ৰাইজ চকুত অসুৰ হিচাপে পৰিগনিত হোৱা দুই অভিযুক্তক হাতত হেণ্ডকাফ লগাই চিজেএমৰ বাসগৃত হাজিৰ কৰোৱা হৈছে। দুয়োকে অত্যধিক ১৪দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে মুখ্য ন্যায়িক দণ্ডাধীশে। ইয়াৰ লগে লগেই ৰাইজৰ মনত কিছু শান্তি আৰু সকাহ আহিছে যদিও তেওঁলোক দুয়োকে কঠোৰতকৈয়ো কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন হৈছে। অৱহেলাৰ বাবে অনিচ্ছাকৃত মৃত্যুৰ যিটো ধাৰা, ভাৰতীয় ন্যায় সংহিতাৰ সেই ধাৰা মতে হয়তো তেওঁলোকৰ বিচাৰ হ’ব। কিন্তু সমান্তৰালভাৱে ষড়যন্ত্ৰ তথা অৰ্থনৈতিক অপৰাধৰ কিছু তদন্তও নিশ্চয় হ’ব বুলি আমি নিৰ্দিষ্ট সূত্ৰৰ পৰা তথ্য লাভ কৰিছোঁ।

নভবা কথাও হয় চাগে, পায়ো হেৰুৱালোঁ পোৱাৰ আগতেঃ
জুবিন গাৰ্গৰ অভাবনীয়, অকল্পনীয়, অহেতুক, অকাল বিয়োগৰ পাছতেই জুবিন গাৰ্গৰ এইহেন ছুটি অথচ বিশাল জীৱনটোক যেন অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিবলৈ সক্ষম হৈছে। কি নাছিল তেওঁ। কেৱল এজন সুগায়কেই নে? নহয়। তেওঁ আছিল যেন এক অৱতাৰী সত্বা। যিয়ে অতি কম দিনৰ বাবে এই ধৰালৈ আহি অতি ক্ষীপ্ৰতাৰে নিজৰ কৰণীয়খিনি কৰি এক ৰহস্যৰ মাজত নিজৰ জীৱন নাটৰ অৱসান কৰি গুছি গ’ল। এক মহানায়কে নিজৰ মহাজীৱনৰ অৱসান কৰিলে। অসমীয়া জাতিটোক মৰাৰ দিনাও এক হৈ থাকিবলৈ কৈ গ’ল। প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো ভাষা-ভাষী, প্ৰতিটো ধৰ্মৰ লোকক একগোট কৰি থৈ গুছি গ’ল সেই ঈশ্বৰপুত্ৰ। অসমীয়া ৰাইজে যেন তেওঁ জীয়াই থাকোতে অনুভৱেই কৰিব পৰা নাছিল তেওঁ কোন আছিল। তেওঁক ভালকৈ পোৱাৰ আগতেই যেন জাতিটোৱে তেওঁ পায়ো হেৰুৱালে। নভবা কথাটোৱেই হৈ গ’ল চাগে।

আশাঃ
অভিযুক্ত এতিয়া আইনৰ হাতত বন্দী। এছআইটিয়ে তদন্ত অব্যাহতৰ ৰাখিছে। অসমৰ ৰাইজে জাতীয় খলনায়ক আখ্যা দিয়া এই দুই অভিযুক্তৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনো অতিমাত্ৰা সাৱধান হ’বলগীয়া হৈছে। আনকি দুই অভিযুক্তক গ্ৰেপ্তাৰৰ পাছত বুলেটপ্ৰুফ গাড়ীৰে আনিবলৈ বাধ্য হৈছে তদন্তকাৰী সংস্থাই। কাৰণ বৰ্তমান সময়ত অসমৰ ৰাইজৰ ক্ষোভ ইমানেই তীব্ৰ হৈ আছে যে, যিকোনো মুহূৰ্ততে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত শাৰীৰিক আক্ৰমণ চলিব পাৰে। তেনে পৰিপ্ৰেক্ষিতত অতি সন্তৰ্পনে আগবাঢ়িছে চৰকাৰ। কাৰণ কোনো কাৰণতেই আইন হাতত তুলি লোৱা বা পৰিবেশ বিনস্ত হোৱা এক স্থিতি চৰকাৰখনে সৃষ্টি কৰিব খোজা নাই। গতিকে এতিয়া আশা কৰা হৈছে যে চৰকাৰে বিধিগতভাৱে এই দুই অভিযুক্তত উচিত তদন্তৰে কঠোৰ শাস্তি প্ৰদান কৰিব। ৰাইজেও বাট চাইছে চৰকাৰৰ কাৰ্যপন্থাৰ অন্তত লাভ কৰা ফলাফললৈ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:জুবিন গাৰ্গঃ মহানায়কৰ মহাজীৱন আৰু মহাপ্ৰয়াণ-এক আলোচনা
Fact Check By: Pranjal SharmaResult: Insight
