ড’নাল্ড ট্ৰাম্পে ভলোডিমিৰ জেলেনস্কিক “Stupid President” বুলি কৈছিল নেকি?

International Partly-False

যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ মাজত এক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউচৰ অভেল অফিচত (oval office) লাইভ টেলিভিছনত হোৱা এই বৈঠকত ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক তীব্ৰ বাক্যবাণেৰে থকা-সৰকা কৰা দেখা গৈছিল। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল। পোষ্টটোত উল্লেখ কৰা হৈছিল যে ড’নাল্ড ট্ৰাম্পে ভলোডিমিৰ জেলেনস্কিক মূৰ্খ বুলি আখ্যা দিছিল। 

ফেচবুক পোষ্টটো এনেধৰণৰ, “”তুমি এটা Stupid President!“

Joker তো সদায় জোকাৰেই হৈ থাকিব🤡

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীক ৰাজহুৱাকৈ সমগ্ৰ বিশ্বৰ সমুখত ধমক দি অপমানিত কৰিলে Donald ট্ৰাম্পে৷ 😝

ট্ৰাম্পে জেলেনস্কীক অনুভৱ কৰালে যে,

তুমি ভুল পথেৰে অগ্ৰসৰ হৈছা আৰু তৎক্ষণাত ৰাছিয়াৰ লগত যুদ্ধ কৰা বন্ধ কৰি দিয়া৷

ইয়াৰ স্পষ্ট অৰ্থ এইটোৱেই যে, ট্ৰাম্পেও পুতিন বাবাকেই সমৰ্থন কৰে৷ 

বিশ্বৰ ইতিহাসত প্ৰথম বাৰলৈ ৰাছিয়া আৰু আমেৰিকা একেলগ হোৱা দেখা গ’ল৷

বাওঁপন্থী বাইডেনৰ পৰাজয়ৰ পিছতেই ইউক্ৰেইনৰ অৱস্থা পুতৌজনক হৈ পৰিল, ইফালে ট্ৰাম্পেও ইউক্ৰেইনলৈ সৈন্য সহায়তা তথা অন্য সাহায্য পঠিওৱাটো বন্ধ কৰাৰ দিশে আগবাঢ়িছে৷

সেইবাবেই কওঁ, নৃত্য গীত তথা কমেডী কৰা লোকক কেতিয়াও দেশৰ শাসনভাৰ গতাই দিব নেলাগে৷

আমাৰ ভাৰততো এটা 56 বছৰীয়া ইণ্ডো-ইটালীয়ান Joker আছে, সি যিকোনো পদ্ধতি অৱলম্বন কৰি হ’লেও ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে৷

কিন্তু এই ইণ্ডো-ইটালীয়ান জোকাৰৰ হাতলৈ দেশৰ শাসনভাৰ গ’লে ভাৰতৰ অৱস্থাটো ইউক্ৰেইনতকৈও দুৰ্বিষহ হ’ব৷

(Screenshot ৰাখি লওক)”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি ট্ৰাম্প-জেলেনস্কিৰ বৈঠকৰ ভিডিঅ’ বিচাৰিলোঁ। তেতিয়া আমি সংবাদ প্ৰতিষ্ঠান চি এন এনৰ অফিচিয়েল ইউটিউবত যোৱা ২৮ ফেব্ৰুৱাৰীত এই বৈঠকৰ ভিডিঅ’ এটা আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোত ভলোডিমিৰ জেলেনস্কিৰ সৈতে ড’নাল্ড ট্ৰাম্প আৰু জে ডি ভান্সৰ অ’ভেল অফিচত হোৱা বৈঠকৰ কিছু অংশ দেখুওৱা হৈছিল। ভিডিঅ’টোত ড’নাল্ড ট্ৰাম্প আৰু জে ডি ভান্সে জেলেনস্কিক মৌখিকভাৱে আক্ৰমণ কৰা দেখা যায়। ৪:৪৮ টাইমষ্টেম্পৰপৰা ড’নাল্ড ট্ৰাম্পে জেলেনস্কিক কোৱা কথাখিনি এনেধৰণৰ,”Your country is in big trouble. You’re not winning … You have a damn good chance of coming out okay because of us.” “You haven’t been alone. We gave you, through [our] stupid president, $350 billion. We gave you military equipment … If you didn’t have our military equipment, this war would’ve been over in two weeks” (আপোনাৰ দেশখন ডাঙৰ বিপদত পৰিছে। আপুনি জয়ী হোৱা নাই… আমাৰ বাবেই আপুনি সাৰি অহাৰ সম্ভাৱনা আছে।” “আপুনি অকলশৰীয়া হোৱা নাই। আমি আপোনাক [আমাৰ] মূৰ্খ ৰাষ্ট্ৰপতিৰ জৰিয়তে ৩৫০ বিলিয়ন ডলাৰ দিলোঁ। আমি আপোনাক সামৰিক সঁজুলি দিলোঁ … আমাৰ সামৰিক সঁজুলি নাথাকিলে এই যুদ্ধ দুসপ্তাহতে শেষ হ’লহেঁতেন।”

ভিডিঅ’টোৰ এই কথা-বতৰাত ট্ৰাম্পে জেলেনস্কিক মূৰ্খ বুলি কোৱা আমি ক’তো নাপালোঁ, বৰং “Stupid President” বুলি ড’নাল্ড ট্ৰাম্পে জো বাইডেনকহে অভিহিত কৰিছিল যিহেতু জো বাইডেনে ইউক্ৰেইনলৈ সামৰিক সাহায্য প্ৰদান কৰিছিল।

এইবাৰ আমি পুনৰ কী-ৱ’ৰ্ড ছাৰ্চ কৰি এই বৈঠকৰ সম্পূৰ্ণ ভিডিঅ’টো পালোঁ। ভিডিঅ’ৰ আৰম্ভণিত ড’নাল্ড ট্ৰাম্পে ভলোডিমিৰ জেলেনস্কিক প্ৰশংসাসূচক বাক্যৰে আদৰে আৰু জেলেনস্কিয়েও সঁহাৰি জনায়। তাৰ পাছত জেলেনস্কিয়ে ট্ৰাম্পক ৰাছিয়াৰ বন্দী কৰা কিছু সংখ্যক ব্যক্তিৰ ফটো দেখুৱাই কয় যে যুদ্ধৰ সময়তো কিছুমান নীতি থাকে। কিন্তু ৰাছিয়ানসকলে কোনো নীতি নামানে। এনেদৰে কথা বতৰা আগ বাঢ়ে আৰু বৈঠকত উপস্থিত থকা সাংবাদিকৰ প্ৰশ্নোত্তৰ শিতান আৰম্ভ হয়। ৩৮:৫২ টাইষ্টৈম্পত এজন সাংবাদিকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ড’নাল্ড ট্ৰাম্পৰ মিত্ৰতা সম্পৰ্কে প্ৰশ্ন কৰে। উত্তৰত ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ কাৰো ফলীয়া নহয়। তেওঁ নিজৰ দেশখনৰ ফলীয়া। সমগ্ৰ বিশ্বৰ লগতে তেওঁৰ সু-সম্পৰ্ক। ইয়াৰ পাছতে জে ডি ভান্সে এই প্ৰশ্নৰ উত্তৰত আৰু কিছু কথা সংযোগ কৰে আৰু লাহে ইয়াৰ পাছতে বৈঠকখনত জেলেনস্কিৰ সৈতে ট্ৰাম্প আৰু ভান্সৰ বাক-বিতণ্ডা আৰম্ভ হয়। ৪৫:০০ টাইমষ্টেম্পৰপৰা ড’নাল্ড ট্ৰাম্পে জেলেনস্কিক কোৱা শুনা যায়, “আপুনি অকলশৰীয়া হোৱা নাই। আমি আপোনাক [আমাৰ] মূৰ্খ ৰাষ্ট্ৰপতিৰ জৰিয়তে ৩৫০ বিলিয়ন ডলাৰ দিলোঁ। আমি আপোনাক সামৰিক সঁজুলি দিলোঁ … আমাৰ সামৰিক সঁজুলি নাথাকিলে এই যুদ্ধ দুসপ্তাহতে শেষ হ’লহেঁতেন”। এই কথাষাৰৰ জৰিয়তে ড’নাল্ড ট্ৰাম্পে পূৰ্বৰ ৰাষ্ট্ৰপতি জো বাইডেনকহে “Stupid President” বুলি কৈছিল সেয়া স্পষ্ট হৈ পৰে। আমি সম্পূৰ্ণ ভিডিঅ’টো চালোঁ, কিন্তু ড’নাল্ড ট্ৰাম্পে জেলেনস্কিক মূৰ্খ বুলি কোৱা ক’তো নুশুনিলোঁ।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনতো উল্লেখ কৰা হৈছিল যে ড’নাল্ড ট্ৰাম্পে পূৰ্বৰ ৰাষ্ট্ৰপতি জো বাইডেনক “Stupid President” বুলি কৈছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

আন এটা ভিডিঅ’ত ড’নাল্ড ট্ৰাম্পে কয় যে জো বাইডেনে মূৰ্খামি কৰি ৩৫০ বিলিয়ন ডলাৰ এখন দেশক দিলে যুদ্ধ কৰিবলৈ। ৩৫০ বিলিয়নেৰে আমি আমাৰ নৌসেনা পুনৰ্নিমাণ কৰিব পাৰিলোহেঁতেন।…

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। ড’নাল্ড ট্ৰাম্পে ভলোডিমিৰ জেলেনস্কিক “Stupid President” বুলি কোৱা নাছিল বৰং তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জো বাইডেনকহে এইদৰে আখ্যা দিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ড’নাল্ড ট্ৰাম্পে ভলোডিমিৰ জেলেনস্কিক “Stupid President” বুলি কৈছিল নেকি?

Fact Check By: Debanjana Baishya 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *