চলিত মাহৰ ৬ তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ সেই অপাৰেচনৰ বুলি দাবী কৰি প্ৰচাৰ হোৱা আৰম্ভ হৈছিল। আনকি কোনো কোনো সংবাদ প্ৰতিষ্ঠানেও কিছুমান ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল। আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেনেকুৱা বহুসংখ্যক ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেই ভিডিঅ’বোৰনো প্ৰকৃততে কেতিয়াৰ আৰু ক’ৰ সেই কথা প্ৰকাশ কৰিছিলোঁ। আজিৰ এই প্ৰতিবেদনত আমি সেইসমূহ ভিডিঅ’ৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ,যিসমূহ প্ৰকৃততে পুৰণি আৰু অন্য প্ৰান্তৰ, যাৰ অপাৰেচন সিন্দূৰৰ সৈতে কোনো সম্পৰ্ক নাই।
যোৱা ৬ মে’ত ভাৰতৰ ৰাফেল বিমান পাকিস্তানীয়ে ধ্বংস কৰা বুলি দাবী কৰি প্ৰচাৰ কৰা এটা ভিডিঅ’ৰ সত্যতা নিৰূপণ আমি কৰিছিলোঁ।
আমি সত্যতা নিৰূপণ কৰি জানিব পাৰিছিলোঁ যে ভিডিঅ’টো জুন ২০২৪ৰ, যেতিয়া ভাৰতীয় বায়ু সেনাৰ ছুখয় যুদ্ধবিমান এখন মহাৰাষ্ট্ৰৰ নাসিকত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ভিডিঅ’টোৰ পাকিস্তানৰ আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই।
সেই প্ৰতিবেদন আপোনালোকে ইয়াত পঢ়িবলৈ পাৰিব।
যোৱা ৭ মে’ত আমি আন এটা ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰিছিলোঁ, যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছিল। সেয়া ভাৰতে কৰা মিছাইল আক্ৰমণ বুলি কোৱা হৈছিল।
সত্যতা নিৰূপণ কৰি জানিব পাৰিছিলোঁ যে আচলতে সেইটো ২০২৩ৰ অক্টোবৰত গাজাৰ ওপৰত চলা ইজৰাইলৰ আক্ৰমণৰ দৃশ্যহে।
সেই প্ৰতিবেদন ইয়াতে পঢ়িবলৈ পাৰিব।
যোৱা ৮ মে’ত আমি সত্যতা নিৰূপণ কৰিছিলোঁ আন এটা ভিডিঅ’ৰ, যিটো ভাৰতে কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছিল।
সত্যতা নিৰূপণ কৰি আমি জানিব পাৰিছিলোঁ যে সেইটো এটা পুৰণি আৰু সংগতিহীন ভিডিঅ’ যাৰ অপাৰেচন সিন্দূৰৰ সৈতে কোনো সম্পৰ্ক নাই।
সেই প্ৰতিবেদন ইয়াত পঢ়িবলৈ পাৰিব।
যোৱা ৯ মে’ত আমি সত্যতা নিৰূপণ কৰিছিলোঁ দুটা ভিডিঅ’ৰ। দুয়োটো ভিডিঅ’ৰে সেয়া পাকিস্তানৰ শিয়ালকোটৰ দৃশ্য বুলি দাবী কৰা হৈছিল ।
আমি সত্যতা নিৰূপণ কৰি জানিব পাৰিলোঁ যে প্ৰথমটো দৃশ্য আছিল ইৰাণে ইজৰাইলৰ ওপৰত ২০২৪চনতে কৰা আক্ৰমণৰ দৃশ্য।
সেই প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
আৰু দ্বিতীয়টো দৃশ্য আছিল মুম্বাইৰ ধাৰাভীত হোৱা চিলিণ্ডাৰ বিষ্ফোৰণৰ এক পুৰণি দৃশ্য ।
সেই প্ৰতিবেদন ইয়াতে পঢ়িব পাৰিব।
আনহাতে যোৱা ১০ মে’ত আমি দুটা ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰিছিলোঁ,যি দুটা ভিডিঅ’ ভাৰতে অপাৰেচন সিন্দূৰৰ অধীনত পাকিস্তানত কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছিল।
কিন্তু প্ৰথমটো ভিডিঅ’ আচলতে ২০২৫ৰ ফেব্ৰুৱাৰীত ফিলাডেলফিয়াত সংঘটিত এক জেটবিমান দুৰ্ঘটনাৰ পাছৰ দৃশ্যহে আছিল।
সেই প্ৰতিবেদন ইয়াতে পঢ়ক।
দ্বিতীয় ভিডিঅ’টো আচলতে ২০২৪ৰ নৱেম্বৰ মাহত দক্ষিণ গাজাৰ ওপৰত ইজৰাইলী সেনাই কৰা আক্ৰমণৰ ভিডিঅ’হে আছিল।
সেই প্ৰতিবেদন ইয়াত পঢ়ক।
যোৱা ১২ মে’তো আমি দুটা এনেকুৱা ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰিছিলোঁ, যি দুটা অপাৰেচন সিন্দূৰৰ লগত সংগতি ৰাখি ভাইৰেল কৰা হৈছিল। প্ৰথমটোৰ সবিশেষ তলত দিয়া হৈছে।
এইটো আচলতে ২০২৪ আগষ্টত ইজৰাইলত হোৱা এক আক্ৰমণৰ দৃশ্যহে আছিল।
সেই প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
আনটো ভিডিঅ’ৰ সত্যতা নিৰূপণ তলত দিয়া হৈছে।
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতে অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ৰ অক্টোবৰত ইৰাণে ইজৰাইলৰ এটা এয়াৰবেচৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্যহে।
সেই প্ৰতিবেদন ইয়াত পঢ়ক।
তদুপৰি ১৫ মে”টো এটা ভিডিঅ’ৰ সত্যতা নিৰূপণ আমি কৰিছিলোঁ, যিটোও অপাৰেচন সিন্দূৰৰ লগত সংগতি ৰাখি ভাইৰেল কৰা হৈছিল।
আমাৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰত ধ্বংসপ্ৰাপ্ত পাকিস্তানৰ এটা মছজিদৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ৰ নৱেম্বৰত মধ্য গাজাৰ আল নুছেইৰাত শৰণাৰ্থী শিবিৰৰ আল ফাৰুক মছজিদটো ইজৰাইলৰ বোমাই ধ্বংস কৰি দিয়া দৃশ্যহে।
সেই প্ৰতিবেদন আপুনি ইয়াত পঢ়িবলৈ পাৰিব।
এইদৰেই এই সময়চোৱাত বিভিন্ন পুৰণি আৰু সংগতিহীন ভিডিঅ’ অপাৰেচন সিন্দূৰৰ সৈতে যুক্ত কৰি বিভিন্ন দাবীৰে প্ৰচাৰ কৰা হৈছিল। দেখা গৈছিল যে ইৰাণ, ইজৰাইল, গাজা আদিৰ বিভিন্ন পূৰণি দৃশ্যকেই পাকিস্তানৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছিল।
তদুপৰি আন কিছুমান ভিডিঅ’ও প্ৰচাৰ হৈছিল যিবোৰ সেই অপাৰেচনৰ পাছৰ পৰিস্থিতি বুলি দাবী কৰা হৈছিল। সেই সমূহ সত্যতা নিৰূপণ আমি অন্য এক প্ৰতিবেদন যোগে আপোনালোকলৈ আগবঢ়াম।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বিভিন্ন পুৰণি আৰু সংগতিহীন দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি বিগত সময়চোৱাত প্ৰচাৰ কৰা হৈছিল।
Fact Check By: Pranjal SharmaResult: False
