
শেহতীয়াকৈ ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে য’ত ভগৱানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ বাবে তেওঁৰ কোনো ৰোগ নাই বুলি তেওঁ কোৱা শুনা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “”মোৰ কোনো বেমাৰ নহয় “- ৰাহুল গান্ধী”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ “Indian National Congress“ৰ ইউটিউব চেনেলত ২০২৫ চনৰ ২৯ অক্টোবৰত লাইভ-ষ্ট্ৰীম হোৱা দেখিলোঁ। ভিডিঅ’টোৰ বিৱৰণত লিখা আছিল এইদৰে, “LIVE: LoP Shri Rahul Gandhi addresses a joint public meeting with Shri Tejashwi Yadav | Darbhanga, Bihar. (লাইভ- বিৰোধী দলপতি শ্ৰী ৰাহুল গান্ধীয়ে শ্ৰী তেজস্বী যাদৱৰ সৈতে যৌথ ৰাজহুৱা সভাত ভাষণ দিয়ে। দৰভংগা, বিহাৰ।)”
ভিডিঅ’টোৰ ৩৪:৫০ টাইমষ্টেম্পৰ আশে-পাশে ভাইৰেল দৃশ্যাংশ দেখিবলৈ পোৱা যায়। এই ভিডিঅ’টোত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰা দেখা গৈছে। ষঠ পূজাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “নিৰ্ধাৰিত যমুনা স্নান”ৰ বিষয়ে উল্লেখ কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছিল। ভাইৰেল ভিডিঅ’টো আৰু মূল ভিডিঅ’টোৰ মাজত তুলনা তলত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো অসম্পূৰ্ণ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। “মোৰ কোনো বেমাৰ নহয় আৰু মোৰ ভগৱানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে” বুলি ৰাহুল গান্ধীয়ে নিজৰ কথা কোৱা নাছিল, বৰং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকহে সমালোচনা কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ভগৱানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ বাবে নিজৰ কোনো ৰোগ নহয় বুলি ৰাহুল গান্ধীয়ে কৈছিল নেকি? জানক সত্যতা।
Fact Check By: Fact Crescendo AssameseResult: Misleading


