জুবিন গাৰ্গৰ দেহাৱসানৰ পাছত চেপ্তেম্বৰ মাহত ভাইৰেল হৈ পৰা অসত্য খবৰসমূহ কি কি আছিল। চাওঁ আহক।  

Insight Social

প্ৰস্তাৱনা

যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত অসমৰ সবাতোকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অবাঞ্চিত প্ৰয়াণৰ পাছত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ’, ফটো ভাইৰেল হৈ পৰা দেখা গৈছিল। চিংগাপুৰৰ সাগৰত জুবিন গাৰ্গে প্ৰাণ হেৰুৱাওৱাৰ সময়ৰ কিছুমান ভিডিঅ’ প্ৰকাশ হোৱাৰ সমান্তৰালকৈ এনেকুৱা কিছুমান ভিডিঅ’ তথা ফটো বিয়পি পৰিল,যিবোৰৰ সেই ঘটনাৰ সৈতে কোনো সম্পৰ্কয়ে নাই। তেনেকুৱা প্ৰায় প্ৰতিটো ফটো আৰু ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি প্ৰকৃত সত্য পোহৰলৈ আনিছিলোঁ আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই। সেই সত্যতা নিৰূপণসমূহ একত্ৰ কৰি আমি এই লেখা প্ৰস্তুত কৰিছোঁ।

সাগৰতলিত জুবিন গাৰ্গ ১.

অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছিল যে সেয়া চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ স্কুবা ডাইভিঙৰ সময়ৰ অন্তিমটো ভিডিঅ’। ভিডিঅ’টোত এজন স্কুবা ডাইভাৰক পানীৰ মাজৰ পৰা ওপৰলৈ সহায়কে উঠাই অনা দেখা গৈছে। স্বাস-প্ৰস্বাসত কষ্ট পোৱা সেই ডাইভাৰজনক জুবিন গাৰ্গ বুলি দাবী কৰা হৈছিল। 

Facebook Link Archived Link  

Facebook Link Archived Link 

Facebook Link Archived Link 

অনুসন্ধানত আমি একাধিক লিংক লাভ কৰিলোঁ। চীনা ভাষাৰ কেপছন তথা ভয়ছ ওভাৰ থকা এটা ইউটিউৱ ভিডিঅ’ আমি পালোঁ। ভিডিঅ’টোত আন কেইবাটাও দৃশ্যৰ লগতে ভাইৰেল হোৱা দৃশ্যটোও আছে।  ভিডিঅ’টো আপলোড কৰা হৈছিল যোৱা ৮ আগষ্ট ২০২৫ত। অৰ্থাত জুবিন গাৰ্গৰ দেহাৱসান ঘটাৰ এমাহতকৈয়ো কিছুদিন আগতেই। 

অনুসন্ধানত আমি যোৱা ১৯ জুলাই ২০২৫ অৰ্থাত জুবিন গাৰ্গৰ দেহাৱসানৰ ঠিক দুমাহ আগতে একেটা ভিডিঅ’ ইউটিউৱত আপলোড কৰা দেখিলোঁ। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল-He Couldn’t Breathe in 78 Meters Deep, and This Happened! When this man was coming up from 78 m deep in the sea, he ran out of breath and lost control after a few minutes. But he was incredibly lucky. Trained divers were watching over him. They pushed him to the surface and held his mouth to prevent water from entering. He was unconscious for a few seconds until he regained consciousness and they saved his (৭৮ মিটাৰ গভীৰতাত তেওঁ উশাহ ল’ব নোৱাৰিলে, আৰু এইটো ঘটিল! এই মানুহজন যেতিয়া সাগৰৰ ৭৮ মিটাৰ গভীৰতাৰ পৰা ওপৰলৈ আহি আছিল, তেতিয়া তেওঁৰ উশাহ বন্ধ হৈ গৈছিল আৰু কেইমিনিটমানৰ পাছত তেওঁৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল। কিন্তু তেওঁ অবিশ্বাস্যভাৱে ভাগ্যৱান আছিল। প্ৰশিক্ষিত ডুবাৰুৱে তেওঁৰ ওপৰত চকু ৰাখিছিল। পানী সোমাব নোৱাৰাকৈয়ে তেওঁক ঠেলি দি মুখখন ধৰি ৰাখিলে। কেইছেকেণ্ডমান তেওঁ অচেতন হৈ আছিল আৰু তেওঁলোকে তেওঁক বচালে)   

ইয়াৰ পৰাই নিশ্চিত হৈছোঁ যে এই ভিডিঅ’টো জুবিন গাৰ্গৰ দেহাৱসানৰ তিনি মাহ পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ। কোনো এজন পেছাদাৰী ডুবাৰুৱে সাগৰগৰ্ভত নিয়ন্ত্ৰণ হেৰুৱাই বিপদৰ সমুখিন হোৱাৰ সময়ত তেওঁক উদ্ধাৰ কৰাৰ সময়ৰ সেই দৃশ্যটোকে জুবিন গাৰ্গৰ দেহাৱসানৰ লগে লগে একাংশই সামাজিক মাধ্যমত ভাইৰেল কৰি দিছে। সেই লেখা ইয়াত পঢ়ক।

সাগৰতলিত জুবিন গাৰ্গ ২.

সেই সময়তেই আন এটা ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছিল। ভিডিঅ’টোত এজন স্কুবা ডাইভাৰক পানীৰ মাজত কেলি কৰি থকা দেখা যায়। সেই ডাইভাৰজনক জুবিন গাৰ্গ বুলি দাবী কৰা হৈছিল আমাৰ দৃষ্টিগোচৰ হোৱা ফেচবুক পোষ্টসমূহত।  

Facebook Link Archived Link  

অনুসন্ধানত আমি একাধিক লিংক লাভ কৰিলোঁ। ইউটিউৱত scubatopdive নামৰ চেনেল এটাত ২০২৫চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে এই ভিডিঅ’টো আপলোড কৰা হৈছিল। অৰ্থাত ১৯ চেপ্তেম্বৰ ২০২৫ত জুবিন গাৰ্গৰ দেহাৱসানৰ প্ৰায় ৭মাহ আগতেই আপলোড কৰা ভিডিঅ’ সেইটো। তাত লিখা হৈছিল এইদৰে-Dive into the crystal-clear waters of Thailand and explore one of the world’s most breathtaking underwater worlds! In this video, we’ll take you to iconic dive sites like the Similan Islands, Koh Tao, and Richelieu Rock, where vibrant coral reefs, majestic whale sharks, and playful sea turtles await. Whether you’re a beginner or a seasoned diver, Thailand offers unforgettable experiences for everyone! ( থাইলেণ্ডৰ স্ফটিকস্বৰূপ পানীত ডুব যাওক আৰু বিশ্বৰ অন্যতম স্বাসৰূদ্ধকৰ পানীৰ তলৰ জগতখনৰ অন্বেষণ কৰক! এই ভিডিঅ’টোত আমি আপোনাক চিমিলান দ্বীপপুঞ্জ, কোহ টাও, আৰু ৰিচেলিউ ৰকৰ দৰে আইকনিক ডাইভ চাইটলৈ লৈ যাম, য’ত স্পন্দনশীল প্ৰবাল প্ৰাচীৰ, ভয়ংকৰ তিমি আৰু চঞ্চল সাগৰীয় কচ্ছপে অপেক্ষা কৰি আছে। আপুনি এজন নবীন বা অভিজ্ঞ ডুবাৰুৱেই হওক, থাইলেণ্ডে সকলোৰে বাবে অবিস্মৰণীয় অভিজ্ঞতা আগবঢ়ায়!) ইয়াত কোনো ডুবাৰুৰ নাম উল্লেখ নাছিল।

ফেচবুকতো আমি ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। ২০২৫ৰ ২১ ফেব্ৰুৱাৰীত ফেচবুকত নামৰ পেজটোত ভিডিঅ’টো আপলোড কৰা হৈছিল। তাত লিখা আছিল-GIANT MORAY EEL. Have you ever taken a selfie with monster eel ? Don’t forget the distance. safety stop 5 / 3 Dive safe  @mahmoud_diving_instructor @gopro @scuba.dive.adventure EGYPT ।  

ফেচবুকৰ ওপৰোক্ত ভিডিঅ লিংকটোত আমি মাহমুদ ডাইভিং ইনষ্ট্ৰাক্টৰ বুলি টেগ এটা পালোঁ আৰু লগতে ইজিপ্ট বুলি লিখাও দেখিলোঁ। তাৰে আঁত ধৰি সন্ধান কৰোতে আমি প্ৰথমে নিম্নোক্ত ইনষ্টাগ্ৰাম লিংকটো লাভ কৰিলোঁ। তাত আন কেইটামান ভিডিঅ’ৰে সৈতে ভাইৰেল ভিডিঅ’টোও আছিল। এই ইনষ্টাগ্ৰাম পোষ্টটো যদিও  যোৱা ২৫ জুলাই ২০২৫ত দিয়া হৈছিল, ইয়াত আমি পূৰ্বৱৰ্তী ফেচবুক পোষ্টটোৰ দৰে ইজিপ্তৰ উল্লেখ আৰু মাহমুদ ডাইভিং ইনষ্ট্ৰাক্টৰৰ টেগ পালোঁ। 

সেই মৰ্মে আমি মাহমুদ ইব্ৰাহিম নামৰ পেছাদাৰী ডুবাৰুগৰাকীৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোৰ লিংকটো পালোঁ।

আৰু তাতেই আমি চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ শেষ ভিডিঅ’ বুলি ভাইৰেল কৰা মূল ভিডিঅ’টো লাভ কৰিলোঁ। মাহমুদ ইব্ৰাহিম নামৰ ডুবাৰুগৰাকীয়ে তেওঁৰ হেণ্ডেলত সেইটো ২০২৫ৰ ৯ ফেব্ৰুৱাৰী তাৰিখেই আপলোড কৰিছিল। আমি জানিব পাৰিলোঁ যে যিজনক অসমত জুবিন গাৰ্গ বুলি ভাইৰেল কৰা হৈছে, তেওঁ আচলতে ডুবাৰু মাহমুদ ইব্ৰাহিমহে। তেওঁ ইজিপ্তত এইদৰে সাগৰতলীত এই ভিডিঅ’টো প্ৰস্তুত কৰিছিল। 

ইয়াৰ পৰাই স্পষ্ট হয় যে যিটো ভিডিঅ’ জুবিন গাৰ্গে চিংগাপুৰত সাগৰতলীত স্কুবা ডাইভিং কৰা শেষ ভিডিঅ’ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে মাহমুদ ইব্ৰাহিম নামৰ এজন পেছাদাবী ডুবাৰুৱে ইজিপ্তত সাগৰতলীত কৰা পুৰণি ভিডিঅ’হে। লেখাটো ইয়াত পঢ়ক।

হাস্পতালত জুবিন গাৰ্গ ১.

এই পটভূমিতে কোনো ট্ৰমা চেণ্টাৰৰ যেন লগা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছিল যে ভিডিঅ’টোত জুবিন গাৰ্গক তেওঁৰ দুৰ্ঘটনাৰ পাছত ছিংগাপুৰৰ এখন চিকিৎসালয়ত থকা দেখা গৈছে।

Facebook Link | Archived Link 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ চনৰ ৯ ছেপ্টেম্বৰৰ এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল।

টুইট অনুসৰি ভিডিঅ’টোত নেপালৰ শেহতীয়া প্ৰতিবাদৰ এক পৰিস্থিতি দেখা গৈছে।

ফেচবুকত ৮ ছেপ্টেম্বৰ ২০২৫ তাৰিখে আপলোড কৰা একেধৰণৰ ভিডিঅ’ এটা আমি পালোঁ, য’ত লিখা আছিল, “ট্ৰমা চেণ্টাৰৰ পৰিস্থিতি। সদায় আছে সেৱাত।(Situation at Trauma Centre. Always in service.)” এই ফেচবুক প্ৰ’ফাইলটোৰ ব্যৱহাৰকাৰী নেপালৰ বুলি আমি জানিব পাৰিলোঁ।

আমি ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত নেপালৰ এজন চিকিৎসকৰ প্ৰ’ফাইলত একেটা ভিডিঅ’ আপলোড কৰা দেখিলোঁ।

কেপছন অনুসৰি ভিডিঅ’টোত কোনো ট্ৰমা চেণ্টাৰৰ দৃশ্য দেখা গৈছে। ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ আগৰেই। লেখাটো ইয়াত পঢ়ক।

হাস্পতালত জুবিন গাৰ্গ ২.

উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰ জেনেৰেল হস্পিতালত কৰা হয়। কিন্তু জনসাধাৰণৰ দাবী আৰু প্ৰাৰম্ভিক ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষাৰ সঠিকতা আৰু আইনী বৈধতাক লৈ হোৱা উদ্বেগৰ বাবে গুৱাহাটীত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা অৰ্থাৎ গতানুগতিক মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। এই পটভূমিত ছিংগাপুৰত হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো য’ত দেখা গৈছে যে এজন ব্যক্তি ষ্ট্ৰেচাৰত শুই আছে আৰু তেওঁৰ চাৰিওফালে আছে চিকিৎসাকৰ্মীৰ দল এটা।

Facebook Link 

আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ছিংগাপুৰ জেনেৰেল হস্পিতালৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৪ চনৰ ১৯ ছেপ্টেম্বৰৰ এটা পোষ্ট পালোঁ য’ত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল। 

ফটোখনৰ কেপছন অনুসৰি সেই সময়ত ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া ফৰ্মূলা ৱান ৰেচিঙত সেৱা আগবঢ়াবলৈ ছিংগাপুৰ জেনেৰেল হস্পিতাল সাজু হৈছিল (Revving up for the F1 weekend! 

As the city gets ready for the excitement on track, our dedicated doctors and nurses are also preparing to ensure safety off the track. Today, they completed a simulation exercise, getting hands-on with race-specific equipment like the vacuum mattress—vital for immobilising and safely transporting patients. Our team is always ready to provide swift, life-saving care during the high-speed action.

The SGH team is ready to serve at the Singapore GP this weekend!)

একেধৰণৰ পোষ্ট আমি ছিংগাপুৰ জেনেৰেল হস্পিতালৰ ফেচবুক পেজতো পালোঁ।

উল্লেখযোগ্য যে ২০২৪ চনৰ ছিংগাপুৰ গ্ৰেণ্ড প্ৰিক্স (আনুষ্ঠানিকভাৱে ফৰ্মুলা ১ ছিংগাপুৰ এয়াৰলাইন্স ছিংগাপুৰ গ্ৰেণ্ড প্ৰিক্স ২০২৪ নামেৰে জনাজাত) ২০২৪ চনৰ ২২ ছেপ্টেম্বৰত ছিংগাপুৰৰ মেৰিনা বে’ৰ মেৰিনা বে ষ্ট্ৰীট চাৰ্কিটত অনুষ্ঠিত হোৱা ফৰ্মুলা ৱান মটৰ ৰেচ আছিল। ২০২৪ চনৰ ফৰ্মুলা ৱান বিশ্ব চেম্পিয়নশ্বিপৰ সেয়া অষ্টাদশ ৰাউণ্ড আছিল।

ফৰ্মূলা ৱান ৰেচিঙৰ সময়ত ট্ৰেকৰ বাহিৰত সুৰক্ষা নিশ্চিত কৰিবলৈ এছ জি এইচৰ (ছিংগাপুৰ জেনেৰেল হস্পিতাল) চিকিৎসক আৰু নাৰ্ছৰ দল উপস্থিত আছিল।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন পুৰণি আৰু জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। সেই লেখাটো ইয়াত পঢ়ক।

হাস্পতালত জুবিন গাৰ্গ ৩.

একেধৰণেই জুবিন গাৰ্গৰ এখন ফটো ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। ফটোখনত জুবিন গাৰ্গক এখন হস্পিতালৰ বিচনাত শুই থকা দেখা গৈছিল। দাবী কৰা হৈছিল যে সেয়া জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ফটো।

Facebook Link 

আমি প্ৰথমে ভাইৰেল ফটোকেইখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Asianet News নামৰ ৱেবছাইটত ২০২২ চনৰ ২১ জুলাইত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী টাউন ক্লাবৰ এক অনুষ্ঠানত জুবিন গাৰ্গ হঠাতে ঢলি পৰিছিল। তাৰ পাছত জুবিন গাৰ্গক গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

একেধৰণৰ ফটো আমি “নিয়মীয়া বাৰ্তা“ৰ ৱেবছাইটত ২০২০ চনৰ ২৯  ফেব্ৰুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদনত পালোঁ।  

প্ৰতিবেদন অনুসৰি গুৱাহাটী টাউন ক্লাবৰ এক অনুষ্ঠানত জুবিন গাৰ্গ হঠাতে ঢলি পৰিছিল। তাৰ পাছত জুবিন গাৰ্গক গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন জুবিন গাৰ্গৰ মৃত্যুৰ বহু আগৰেই। লেখাটো ইয়াত পঢ়ক।

হাস্পতালত জুবিন গাৰ্গ ৪.

আনফালে অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বুলি দাবী কৰা দেখা গৈছিল। হাস্পতালৰ পৰা এগৰাকী ৰোগীত এম্বুলেঞ্চেৰে আন এখন হাস্পতাললৈ স্থানান্তৰ কৰা এটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ বুলি দাবী কৰা দেখা গৈছিল। 

Instagram Link Archived Link

Facebook Link Archived Link  

অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ইনষ্টাগ্ৰাম, ইউটিউৱ আদিত একাধিক লিংক লাভ কৰিলোঁ। ১৮ চেপ্তেম্বৰ ২০২৫ত ইনষ্টাগ্ৰামত এই ভিডিঅ’টো এজন ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমি দেখিলোঁ। 

কিন্তু চিংগাপুৰত জুবিন গাৰ্গৰ দেহাৱসান  ঘটিছিল ১৯ চেপ্তেম্বৰ ২০২৫ত। অৰ্থাত জুবিন গাৰ্গৰ প্ৰয়াণৰ এদিন পূৰ্বেই আপলোড কৰা হৈছিল। ১৫ চেপ্তেম্বৰ ২০২৫ত ইউটিউৱতো একেটা ভিডিঅ’ আপলোড কৰা হৈছিল।তাৰো পূৰ্বে ৩১ আগষ্ট ২০২৫তো একেটা ভিডিঅ’ ইউটিউৱত আপলোড কৰা হৈছিল। আমাৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি এই ভিডিঅ’টোৰ ইণ্টাৰনেটত উপলব্ধ সকলোতকৈ পুৰণি সংস্কৰণটো আপলোড কৰা হৈছি যোৱা ২২জুলাই ২০২৫ত, এটা ইনষ্টাগ্ৰাম হেণ্ডেলত। 

ইয়াৰ পৰা নিশ্চিত হওঁ যে এই ভিডিঅ’টো কোনোপধ্যেই জুবিন গাৰ্গৰ প্ৰয়াণৰ সময়ৰ নহয়। তাতকৈ প্ৰায় দুমাহ পূৰ্বৰে এটা ভিডিঅ’। ইয়াৰ পাছতেই আমি ভিডিঅ’টোত দেখা এম্বুলেঞ্চখন ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। ৰোগীগৰাকীক এম্বুলেঞ্চত উঠোৱাৰ সময়ত আমি মন কৰিলোঁ যে ফ্লেশ্বব’ৰ্ডত লিখা গৈছে Karakutty Angamaly বুলি। এই দুখন ঠাই আছে কেৰালাত। ঠাই দুখনৰ মাজত দূৰত্ব হৈছে ৪.১ কিলোমিটাৰ। এম্বুলেঞ্চখন গৈ থাকোতে ফ্লেশ্বব’ৰ্ডত জিলিকি উঠা দেখিলোঁ Apollo Adlux Hospital বুলি। এই হাস্পতালখন আছে কেৰালাৰ কাৰাকুট্টীত। তদুপৰি এম্বুলেঞ্চখনৰ নম্বৰ প্লেটতো আমি KL লিখা দেখিলোঁ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ প্ৰয়াণ ঘটিছিল চিংগাপুৰত। তেখেতক চিংগাপুৰ জেনেৰেল হাস্পতালৰ পৰা বিমানৰ জৰিয়তে গুৱাহাটীলৈ অনা হৈছিল। কেৰালা বা অন্য ঠাইলৈ নিয়া হোৱা নাছিল। 

ইয়াৰ লগে লগে আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ জুবিন গাৰ্গক হাস্পতালৰ পৰা লৈ যোৱা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো আচলতে কেৰালাৰ এখন হাস্পতালৰ পৰা আন এখন হাস্পতাললৈ ৰোগী এগৰাকীক লৈ যোৱা ভিডিঅ’ আৰু ভিডিঅ’টো প্ৰায় দুমাহ পুৰণি। লেখাটো ইয়াত পঢ়ক। 

হাস্পতালত জুবিন গাৰ্গ ৫.

একেই পটভূমিত এখন চিকিৎসালয়ত কোনো ব্যক্তিক ততাতৈয়াকৈ ষ্ট্ৰেছাৰত উঠাই লৈ অহা এটা ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত টেক্সট অ’ভাৰলে আছিল ‌এইদৰে, “অসমৰ সম্পদ জুবিন গাৰ্গ আৰু দাদাক কেতিয়াও দেখা নাপাওঁ আজিৰ পৰা। আপুনি অসমবাসীৰ হৃদয়ত আছিল আৰু সদায় থাকিবা।” এই ভিডিঅ’টো জুবিন গাৰ্গক চিকিৎসালয়লৈ লৈ যোৱাৰ দৃশ্য বুলি এইদৰে দাবী কৰা হৈছে।

Facebook Link | Archived Link 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি CNN News 18ৰ ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৫ চনৰ ১২ জুনত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’ত দেখুওৱা পৰিবেশটোৰ ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা আমি দেখিলোঁ। পোষ্টটোত উল্লেখ কৰা হৈছিল যে যোৱা ১২ জুনত আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলক এইদৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ভাইৰেল ভিডিঅ’টোৰ সৈতে সাইলাখ একেই ভিডিঅ’ এটা আমি এটা ফেচবুক পেজত আপলোড হোৱা দেখিলোঁ যোৱা ১৩ জুনত। গতিকে ভিডিঅ’টো পুৰণি বুলি আমি নিশ্চিত হ’লোঁ। ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা আন ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব। এইসমূহ প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত যোৱা ১২ জুনত আহমেদাবাদত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলক এইদৰে চিকিৎসালয়লৈ লৈ যোৱা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোত চিকিৎসালয়ৰ কৰ্মীসকলে পিন্ধা এপ্ৰ’নবোৰত আমি এটা ল’গ’ দেখিলোঁ য’ত লিখা আছিল এইদৰে, “VISHV”। প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে VISHV ‌ Enterprise হ’ল গুজৰাটৰ এনে এটা  প্ৰতিষ্ঠান যিয়ে পেৰামেডিকেল কৰ্মচাৰী, চিকিউৰিটি চাৰ্ভিচ, হাউচকিপিং ইত্যাদিৰ যোগান ধৰে।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু জুবিন গাৰ্গৰ সৈতে সম্পৰ্কিত নহয়। লেখাটো ইয়াত পঢ়ক।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জুবিন গাৰ্গৰ দেহাৱসানৰ পাছত চেপ্তেম্বৰ মাহত ভাইৰেল হৈ পৰা অসত্য খবৰসমূহ কি কি আছিল। চাওঁ আহক।

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *